ETV Bharat / bharat

কৃষি আইন, কৃষক আন্দোলন সন্দৰ্ভত আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

author img

By

Published : Jan 11, 2021, 8:13 AM IST

সোমবাৰে নতুন কৃষি আইনক প্ৰত্যাহ্বান জনোৱা আৰু দিল্লীৰ সীমান্তত চলি থকা কৃষক আন্দোলন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ আনহাতে, আগন্তুক 15 জানুৱাৰীত কৃষক সংগঠন আৰু কেন্দ্ৰৰ মাজত পৰৱৰ্তী বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

SC to hear pleas
উচ্চতম ন্যায়ালয়ৰ শুনানি

নেশ্যনেল ডেস্ক,11 জানুৱাৰী : প্ৰতিবাদী কৃষক সংগঠনৰ সৈতে চলি থকা কেন্দ্ৰৰ আলোচনাৰ মাজতে সোমবাৰে উচ্চতম ন্যায়ালয়ে নতুন কৃষি আইনক প্ৰত্যাহ্বান জনোৱা আৰু দিল্লীৰ সীমান্তত চলি থকা কৃষক আন্দোলন সম্পৰ্কীয় বিষয়সমূহত শুনানি গ্ৰহণ কৰিব ৷

7 জানুৱাৰীত কেন্দ্ৰ আৰু কৃষক সংগঠনৰ মাজত অনুষ্ঠিত হোৱা অষ্টম পৰ্যায়ৰ আলোচনাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল, কিয়নো কেন্দ্ৰই আইন বাতিল কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ আনহাতে কৃষক নেতাসকলেও মৃত্যু পৰ্যন্ত এই আইনৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলি মন্তব্য কৰে ৷

মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বৰ বিচাৰপীঠে কৰা আবেদনৰ ওপৰত সোমবাৰৰ শুনানিৰ তাৎপৰ্য বহন কৰা হৈছে ৷ কিয়নো কেন্দ্ৰ আৰু কৃষক নেতাসকলে 15 জানুৱাৰীত তেওঁলোকৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷

কৃষকে অব্যাহত ৰখা প্ৰতিবাদৰ কোনো সফলতা লাভ নকৰাৰ প্ৰতি লক্ষ্য ৰখা শীৰ্ষ আদালতক কেন্দ্ৰই শুনানিৰ অন্তিম তাৰিখত কৈছিল যে, সকলো বিষয়তে চৰকাৰ আৰু সংগঠনসমূহৰ মাজত আলোচনা চলি আছে আৰু ভৱিষ্যতে দুয়োপক্ষই সিদ্ধান্তত উপনীত হ’ব পৰা যাব ৷

অষ্টম পৰ্যায়ৰ আলোচনাৰ অন্তত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছিল যে, কৃষক নেতাসকলে আইন বাতিলৰ দাবীৰ বিকল্প উপস্থাপন নকৰা বাবেই এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ৷

ইয়াৰ পূৰ্বে, 17 ডিচেম্বৰত কৃষকৰ প্রতিবাদ সন্দৰ্ভত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কৈছিল যে, আন্দোলনটো বাধা অবিহনেই অব্যাহত ৰাখিবলৈ দিয়া উচিত ৷ ইয়াত ন্যায়ালয়ৰ কোনো হস্তক্ষেপ নাথাকিব ৷ কিয়নো প্রতিবাদৰ অধিকাৰ এক মৌলিক অধিকাৰ ।

কৃষি আইনৰ বিৰোধিতাৰে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষভাগৰ পৰা প্ৰধানকৈ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সহস্ৰাধিক কৃষকে দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ভাৰতৰ সৈতে আলোচনাত বহিবলৈ অমান্তি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.