নেশ্যনেল ডেস্ক, 8 মাৰ্চ : উচ্চতম ন্যায়ালয়ে (Supreme Court) ইভিএম ভোট গণনাৰ আৰম্ভণিতে VVPAT প্ৰমাণীকৰণ বিচৰা এখন PIL ৰ শুনানি ৰখাৰ বাবে সন্মত হৈছে । এই বিষয়ে ভাৰতৰ নিৰ্বাচনী আয়োগক (Election Commission of India) অৱগত কৰিবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ প্ৰদান কৰাৰ লগতে কি কৰিব পাৰি চাওঁ বুলিও উল্লেখ কৰে ।
জ্যেষ্ঠ পৰামৰ্শদাতা মীনাক্ষী অৰোৰাই ভোট গণনা শেষ হোৱাৰ পিছত বৰ্তমান VVPAT প্ৰমাণীকৰণ কৰা হৈছে বুলি কোৱাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে । লগতে আৰোৰাই কয়, গণনা শেষ হোৱাৰ পিছত ভিভিপিএটিৰ প্ৰমাণীকৰণ হৈছে আৰু সেই সময়লৈকে সকলো নিৰ্বাচনী এজেণ্টে এৰি গৈছে, গতিকে ইয়াত কোনো স্বচ্ছতা নাই ।"
CJI ৰমনাই উল্লেখ কৰে যে এই সন্দৰ্ভত ২০১৯ চনৰ এক নিৰ্দেশনা আছে আৰু লগতে তেওঁ কয় যে উচ্চতম ন্যায়ালয়(Supreme Court) ৰ ৮ এপ্ৰিলৰ এক আদেশত শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে VVPAT পেপাৰ ট্ৰেইল ৰ সন্দৰ্ভত ই ভি এমৰ সংখ্যা ১টা ই ভি এমৰ পৰা ৫ টা ইভিএমলৈ বৃদ্ধি কৰা হ'ব ।
কমেও ৫০ শতাংশ ভোটকেন্দ্ৰৰ বাবে VVPAT পেপাৰ ট্ৰেইলৰ শাৰীৰিক প্ৰমাণীকৰণ বিচাৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে দাখিল কৰা আবেদনত এই নিৰ্দেশনাটোত প্ৰদান কৰা হৈছিল ।
VVPAT কি ?
VVPAT অৰ্থাৎ ভোটাৰ-প্ৰমাণীকৰণযোগ্য পেপাৰ অডিট ট্ৰেইল(voter-verifiable paper audit trail) বা VPR প্ৰমাণীকৃত কাগজৰ ৰেকৰ্ড(verified paper record) হৈছে ভোটাৰসকলক বেলটবিহীন ভোটদান প্ৰণালী ব্যৱহাৰ কৰি মতামত প্ৰদান কৰাৰ এক পদ্ধতি । ই হৈছে ভোটাৰসকলক তেওঁলোকৰ ভোট সঠিকভাৱে দিয়া হৈছে বুলি প্ৰমাণিত কৰাৰ বাবে প্ৰস্তুত কৰা ভোটিং মেচিনৰ বাবে এক স্বতন্ত্ৰ প্ৰমাণীকৰণ প্ৰণালী, আৰু লগতে সঞ্চিত ইলেক্ট্ৰনিক ফলাফলবোৰ অডিট কৰাৰ উপায় প্ৰদান কৰি সাম্ভাব্য নিৰ্বাচনী জালিয়াতি বা বিজুতি চিনাক্ত কৰিব পৰা এক প্ৰক্ৰিয়া । ইয়াত প্ৰাৰ্থীৰ নাম যাৰ বাবে ভোট দিয়া হৈছে আৰু দল বা নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতীক সন্নিৱিষ্ট থাকে ।
লগতে পঢ়ক: International Women's Day: ২৯ গৰাকী মহিলাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব নাৰী শক্তি পুৰস্কাৰ