ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ শুনানি - constitutional validity of CAA

নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ CAA ৰ জাননী জাৰি কৰা হৈছিল ২০১৯ চনৰ 12 ডিচেম্বৰ তাৰিখে (Citizenship Amendment Act) । আনহাতে, 10 জানুৱাৰী, 2020 তাৰিখে এই আইন কাৰ্যকৰী কৰা হৈছিল । ইয়াৰ উদ্দেশ্য হৈছে আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী বা খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকলক দেশত নাগৰিকত্ব প্ৰদান কৰা ।

SC
SC
author img

By

Published : Sep 8, 2022, 3:47 PM IST

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : ১২ ছেপ্টেম্বৰ সোমবাৰে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব (সংশোধনী) আইনৰ শুনানি গ্ৰহণ কৰিব (Supreme Court to hear plea against CAA) । উল্লেখ্য, নাগৰিকত্ব (সংশোধনী) আইন 2019 ক প্ৰত্যাহ্বান জনাই 200 ৰো অধিক আবেদন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দিখিল কৰা হৈছে (200 petitions challenging CAA) । উক্ত আবেদনসমূহৰেই অহা ১২ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব ছুপ্ৰিম কোৰ্টে । ভাৰতৰ মুখ্য ন্যায়াধীশ (Chief Justice of India) ইউ ইউ ললিতৰ নেতৃত্বত আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্টক লৈ গঠিত বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ।

উল্লেখ্য, নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ CAA ৰ জাননী জাৰি কৰা হৈছিল ২০১৯ চনৰ 12 ডিচেম্বৰ তাৰিখে (Citizenship Amendment Act) । আনহাতে, 10 জানুৱাৰী, 2020 তাৰিখে এই আইন কাৰ্যকৰী কৰা হৈছিল । ইয়াৰ উদ্দেশ্য হৈছে আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী বা খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকলক দেশত নাগৰিকত্ব প্ৰদান কৰা ।

কিন্তু এই CAA ৰ বিৰুদ্ধে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল (CAA protests across country) । বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিল । অসমতো সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে ধৰি সকলো খিলঞ্জীয়া ছাত্ৰ তথা অন্যান্য সামাজিক দল-সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দল তথা সংগঠনে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল ।

লগতে সৰ্বস্তৰৰ জনসাধৰণেও ইয়াত অংশগ্ৰহণ কৰে । এটা সময়ত এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । যাৰ ফলত আৰক্ষীৰ গুলীত অকালতে প্ৰাণ বিসৰ্জন দিবলগীয়া হয় ৰাজ্যৰ ৫ গৰাকীকৈ যুৱকে । আনহাতে, দিল্লীতো এই CAA বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে (CAA protest in Assam) । এই আইনৰ বিৰোধিতা কৰাৰ মুখ্য কাৰণ হৈছে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বিষয়টো । যাৰ ফলত মুছলমানসকলক ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত কৰাৰ প্ৰয়াস কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

আনহাতে, অসমৰ প্ৰেক্ষাপটত ইতিমধ্যে ইমানসংখ্যক বিদেশীৰ বোজা গ্ৰহণ কৰি থকাৰ পিছত পুনৰ বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য, ২০২০ চনৰ জানুৱাৰী মাহত শীৰ্ষ ন্যায়ালয়ে CAA ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত জাননী জাৰি কৰিছিল (petitions challenging constitutional validity of CAA) ।

আনহাতে, ২০১৯ চনৰ ডিচেম্বৰ মাহত তদানীন্তন মুখ্য ন্যায়াধীশ শাৰদ এ বোবডে আৰু ন্যায়াধীশ বি আৰ গাভাই আৰু সূৰ্য কান্তক লৈ গঠিত শীৰ্ষ আদালতৰ বিচাৰপীঠে কেন্দ্ৰক জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ ভিতৰত শপতনামা কৰিবলৈ কয় । আদালতে কয় যে CAA 2019, 'সকলোৰে মনত সৰ্বোচ্চ' । কিন্তু প্ৰথমে চৰকাৰৰ কথা নুশুনাকৈ আইনখন স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে ।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনসমূহত (petitions before Supreme Court) কোৱা হৈছে যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা অনা মুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ উদাৰতা আৰু দ্ৰুত গতিত কৰা আইনখনে ধৰ্ম-আধাৰিত বৈষম্যক প্ৰচাৰ কৰে ।

ইয়াৰ পিছত শীৰ্ষ ন্যায়ালয়ে ২০২০ চনৰ জানুৱাৰীত CAA ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ প্ৰতি সঁহাৰি জনাবলৈ কেন্দ্ৰীয় চৰকাৰক চাৰি সপ্তাহৰ সময় প্ৰদান কৰে ।

লগতে পঢ়ক :গুৱাহাটীত ড৹ শৰ্মা-ৰিঅ'ৰ বৈঠক: শান্তি চুক্তি প্ৰসংগত কাইলৈ আলোচনা অমিত শ্বাহৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.