ETV Bharat / bharat

চিচি টিভি স্থাপনঃ কেন্দ্ৰক ভৎসৰ্ণা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কেন্দ্ৰীয় চৰকাৰৰ । আদালতে চি বি আই, ই ডি, এন আই এ, ডি আৰ আই, এছ এফ আই অ'ৰ দৰে কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয় আৰু আৰক্ষী থানাসমূহত চিচি টিভি সংযুক্ত কৰাক লৈ এক শপতনামা দাখিলৰ নিৰ্দেশ দিছিল কেন্দ্ৰক । ৩ মাহৰ সময়সীমা শেষ হোৱাৰ পিছতো ভ্ৰূক্ষেপ নাই কেন্দ্ৰীয় চৰকাৰৰ । কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবে এই গোচৰৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া পলম লৈছে বুলি কৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ককৰ্থনা কৰে ।

কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয়ত চিচি টিভি স্থাপনঃ কেন্দ্ৰক ভৎসৰ্ণা উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Mar 2, 2021, 9:06 PM IST

নেশ্যনেল ডেস্ক, ২ মাৰ্চ: কেন্দ্ৰই শপতনামা দাখিল নকৰাৰ বাবে চি বি আই, ই ডি, এন আই এ, ডি আৰ আই, এছ এফ আই অ'ৰ দৰে কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয় আৰু আৰক্ষী থানাসমূহত চিচি টিভি সংযুক্ত কৰা সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণত পলম হৈছে । নিৰ্ধাৰিত সময়ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে শপতনামা দাখিল নকৰা বাবে মঙলবাৰে ক্ষোভিত হৈ পৰে উচ্চতম ন্যায়ালয় ।

উল্লেখ্য যে, ২০২০ চনৰ ২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ কাৰ্যালয় আৰু আৰক্ষী থানাত চিচি টিভি সংযুক্ত কৰিবলৈ নিৰ্দেশ দিছিল । লগতে চিচি টিভি সংযুক্ত কৰিবলৈ প্ৰয়োজন হোৱা পুঁজিৰ হিচাপ আৰু আদালতৰ আদেশ মতে কেন্দ্ৰই কেতিয়াৰ পৰা কাম কৰিব সেই বিষয়ে শপতনামা দাখিল কৰিবলৈ আদালতে কেন্দ্ৰক নিৰ্দেশ দিছিল । এই শপতনামা দাখিলৰ বাবে ৩ মাহৰ সময়সীমাও নিৰ্ধাৰণ কৰি দিছিল ।

ন্যায়াধীশ আৰ এফ নাৰিমানৰ নেতৃত্বত বিচাৰপীঠে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰি কয় যে, কেন্দ্ৰই চিচি টিভি স্থাপন কৰাৰ বিষয়টো এৰাই চলিবলৈ বিচাৰিছে । মঙলবাৰে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সংবিধানৰ ২১ নং অনুচ্ছেদত থকা অধিকাৰৰ দোহাই দি এখন পত্ৰ আদালতত দাখিল কৰিছিল । কিন্তু ন্যায়াধীশ আৰ এফ নাৰিমানে এই পত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছতে আদালতে ৰাজ্যসমূহক এই সন্দৰ্ভত এমাহৰ ভিতৰত বাজেট আবণ্টন কৰিবলৈ আৰু ৪ মাহৰ ভিতৰত সকলো আৰক্ষী থানাত চিচি টিভি সংযুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেৰালা, পশ্চিমবংগ, তামিলনাডু, অসম আৰু পুদুচেৰীৰ ক্ষেত্ৰত আদালতে ৩১ ডিচেম্বৰলৈকে অতিৰিক্ত সময় প্ৰদান কৰিছিল । বৃহৎ ভৌগলিক পৰিসৰ হোৱাৰ বাবে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশকো অতিৰিক্ত সময় প্ৰদান কৰা হৈছে । অৱশ্যে, উত্তৰ প্ৰদেশৰ বাবে শীৰ্ষ আদালতে বাজেট আবণ্টনৰ বাবে ৩ মাহ আৰু চিচি টিভি স্থাপনৰ বাবে ৬ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে । মধ্য প্ৰদেশক বাজেট আবণ্টনৰ বাবে ২ মাহ আৰু চিচি টিভি স্থাপনৰ বাবে ৬ মাহ সময় দিয়া হৈছে । আদালতে ফাকুৱাৰ বন্ধৰ পিছত পুনৰ বিষয়ত শুনানি গ্ৰহণ কৰিব ।

লগতে পঢ়ক:আইজল পৌৰ নিগমৰ নৱ নিৰ্বাচিত কাউন্সিলাৰৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.