ETV Bharat / bharat

SC on Uddhav Thakre Plea : বিদ্ৰোহী বিধায়কৰ অযোগ্যতা প্ৰক্ৰিয়া; মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষলৈ জাননী ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : Jul 14, 2023, 4:29 PM IST

মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ । একনাথ শিন্দেৰ নেতৃত্বত বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদনৰ ওপৰত সিদ্ধান্ত ত্বৰান্বিত কৰাৰ নিৰ্দেশ বিচাৰি উদ্ধৱ থাকৰে শিৱ সেনাৰ আবেদনৰ ভিত্তিত এই জাননী ।

SC on Uddhav Thakre Plea
SC on Uddhav Thakre Plea

নিউজ ডেস্ক, ১৪ জুলাই : মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষলৈ উচ্চতম ন্যায়ালয়ৰ জাননী । শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই জাননী জাৰি কৰে । একনাথ শিন্দেৰ নেতৃত্বত বিদ্ৰোহী শিৱসেনা বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদনৰ ওপৰত সিদ্ধান্ত ত্বৰান্বিত কৰাৰ নিৰ্দেশ বিচাৰি শিৱসেনাৰ (উদ্ধৱ থাকৰে) বিধায়ক সুনীল প্ৰভুৱে উচ্চতম ন্যায়ালয়ত এক আবেদন কৰিছিল । এই আবেদনৰ সন্দৰ্ভতে দেশৰ শীৰ্ষ আদালতে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক জাননী জাৰি কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে প্ৰভুৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে ।

উল্লেখ্য, এনচিপি নেতা অজিত পাৱাৰসহিতে আঠজনক একনাথ শিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰত অন্তৰ্ভুক্ত কৰাৰ কেইদিনমান পিছতে প্ৰভুৱে এই আবেদন দাখিল কৰিছিল । পাৱাৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীত হঠাতে এক বিদ্ৰোহৰ সূচনা কৰে । যাৰ ফলত দলটোত এক উলম্ব বিভাজন আৰম্ভ হয় । তাৰ পিছত অজিত পাৱাৰ নেতৃত্বাধীন দলটোৱে শাসনাধিষ্ঠিত বিজেপি-শিন্দে শিৱসেনা মিত্ৰজোঁটৰ সৈতে হাত মিলায় । মহাৰাষ্ট্ৰ চৰকাৰত পাৱাৰক উপ-মুখ্যমন্ত্ৰী পদ দিয়া ।

আবেদনখনত প্ৰভুৱে কয় যে অধ্যক্ষই মহাৰাষ্ট্ৰ বিধানসভাৰ অপৰাধী সদস্যসকলৰ বিৰুদ্ধে আবেদনকাৰীয়ে দাখিল কৰা অযোগ্যতাৰ আবেদনৰ সিদ্ধান্ত লোৱাত ব্যৰ্থ হৈছে ।

আবেদনখনত কোৱা হৈছে, বৰ্তমান অধ্যক্ষই সংবিধানৰ দ্বাৰা তেওঁক প্ৰদান কৰা প্ৰয়োজন অনুসৰি নিৰপেক্ষ আৰু পক্ষপাতহীন সিদ্ধান্ত লোৱাত আৰু কাম কৰাত ব্যৰ্থ হৈছে । কেৱল অধ্যক্ষৰ নিষ্ক্ৰিয়তাৰ বাবে দশম অনুসূচীৰ ব্যৱস্থাসমূহ যাতে বাতিল নহয় তাৰ বাবে শীৰ্ষ ন্যায়ালয়ে উপযুক্ত নিৰ্দেশনা জাৰি কৰাটো সাংবিধানিকভাৱে অপৰিহাৰ্য ।

উল্লেখ্য যে ১১ মে'ত উচ্চতম ন্যায়ালয়ে অধ্যক্ষ ৰাহুল নাৰৱেকাৰক দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত অভিযুক্ত একনাথ শিন্দেকে ধৰি শিৱসেনাৰ ১৬ জন বিধায়কৰ ভাগ্য নিৰ্ণয় কৰিবলৈ কয় ।

"নিৰপেক্ষতাৰ সাংবিধানিক প্ৰয়োজনীয়তাই অধ্যক্ষক অযোগ্যতাৰ প্ৰশ্নটো দ্ৰুততাৰে নিৰ্ণয় কৰাৰ বাধ্যবাধকতা প্ৰদান কৰে । অযোগ্যতাৰ বাবে আবেদনৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধ্যক্ষৰ যিকোনো অযুক্তিকৰ বিলম্বতাই অপৰাধী সদস্যসকলৰ দ্বাৰা কৰা দলত্যাগৰ সাংবিধানিক পাপত অৰিহণা যোগায় আৰু চিৰস্থায়ী কৰে ।" আবেদনখনত কোৱা হৈছে ।

লগতে পঢ়ক :Justice Ujjal Bhuyan: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.