ETV Bharat / bharat

SC junks West Bengal plea: পৌৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ তদন্তৰ বিৰুদ্ধে পশ্চিমবংগৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - পৌৰসভাৰ নিযুক্তি কেলেংকাৰী

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে খাৰিজ কৰে পৌৰ নিযুক্তি কেলেংকাৰীত চিবিআইৰ তদন্তৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰৰ আবেদন ৷ শিক্ষক নিযুক্তি কেলেংকাৰী আৰু পৌৰ নিযুক্তি কেলেংকাৰীৰ মাজত সম্পৰ্ক থকাত সন্তুষ্ট আদালত । এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক সুমিত চাক্সেনাৰ প্ৰতিবেদন ।

SC junks West Bengal plea
পৌৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ তদন্তৰ বিৰুদ্ধে পশ্চিমবংগৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Aug 21, 2023, 7:48 PM IST

নিউজ ডেস্ক, ২১ আগষ্ট: পশ্চিমবংগ পৌৰসভাৰ নিযুক্তি কেলেংকাৰীৰ গোচৰৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰা কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই পশ্চিমবংগ চৰকাৰে কৰা আবেদন উচ্চতম ন্যায়ালয়ে সোমবাৰে খাৰিজ কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে চিবিআই আৰু ইডিৰ তদন্তৰ অধীনত থকা শিক্ষক নিযুক্তি কেলেংকাৰী আৰু পৌৰসভাৰ নিযুক্তি কেলেংকাৰীৰ মাজত এটা সম্পৰ্ক দেখা পোৱাত সন্তুষ্টি প্ৰকাশ কৰে ।

পশ্চিমবংগ চৰকাৰক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে তীব্ৰ যুক্তি আগবঢ়ায় যে ৰাজ্য চৰকাৰে কেলেংকাৰীৰ তদন্ত কৰিব নোৱাৰে বুলি প্ৰতিষ্ঠা কৰিব পৰা কোনো তথ্য নথকাৰ বাবে উচ্চ ন্যায়ালয়ে বিষয়টো চিবিআইলৈ হস্তান্তৰ কৰি ভুল কৰিলে । ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশে কয় যে, পৌৰসভাৰ কেলেংকাৰীৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে সম্পৰ্ক নথকা হ’লে পৰিস্থিতি বেলেগ হ’লহেঁতেন ৷ অৱশ্যে দুয়োৰে মাজত সম্পৰ্ক থকাত আদালত সন্তুষ্ট বুলি উল্লেখ কৰি তেওঁ জ্যেষ্ঠ অধিবক্তাগৰাকীক আদালতে পশ্চিমবংগৰ আবেদনখন গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয় বুলি কয় ৷

উচ্চ ন্যায়ালয়ৰ সন্মুখত তদন্তকাৰী কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰিবলৈ পৰ্যাপ্ত তথ্য নথকা বিষয়টোও বিচাৰপীঠে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । বিচাৰপীঠে উল্লেখ কৰে যে যিহেতু একেজন ব্যক্তিয়েই অ’এমআৰ শ্বীট প্ৰস্তুত কৰিছিল, সেয়েহে পৌৰসভাৰ নিযুক্তি আৰু শিক্ষক নিযুক্তি কেলেংকাৰীৰ মাজত সম্পৰ্ক থকাটো স্পষ্ট । 'কিছুমান ভুল হৈছিল.... এইটোৱেই হৈছে ষ্টেটাছ ৰিপ'ৰ্ট যাৰ ওপৰত একক ন্যায়াধীশে নিৰ্ভৰ কৰিছে,' বিচাৰপীঠে কয় ।

জ্যেষ্ঠ অধিবক্তা ছিবালে প্ৰশ্ন কৰে, আন কোন ৰাজ্যত, এনেকুৱা হৈছে?" তেখেতে দাবী কৰে ইডিৰ ওচৰত এনেকুৱা কোনো অধিকাৰ ক্ষেত্ৰ নাই ৷ ইফালে ইডিৰ হৈ প্ৰতিনিধিত্ব কৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে বিষয়টোৰ আঁৰত “গভীৰ ষড়যন্ত্ৰ” অন্তঃৰ্নিহিত থকাৰ দাবী কৰে ৷ তেওঁ দুয়োটা কেলেংকাৰীৰ মাজত সম্পৰ্ক থকাৰ প্ৰমাণ আছে বুলি উল্লেখ কৰি এটা কোম্পানীক দুটা পৰীক্ষাৰ বাবে অ’এমআৰ শ্বীট ছপা কৰিবলৈ নিযুক্তি দিয়া হৈছে বুলি কয় ।

অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে লগতে কয়, শিক্ষক নিযুক্তি কেলেংকাৰীৰ তদন্তৰ সময়ত ইডিয়ে পৌৰসভাৰ নিযুক্তি কেলেংকাৰিৰ সন্দৰ্ভত তথ্য লাভ কৰিছিল আৰু কলকাতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিচত চিবিআইয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

ছিবালে জোৰ দি কয় যে উচ্চ ন্যায়ালয়ৰ এই আদেশ কেৱল ষ্টেটাছ ৰিপ’ৰ্টৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু যদিহে ৰাজ্যিক শাসনযন্ত্ৰক আওকাণ কৰা হয় তেন্তে ই ভুল নজিৰ গঢ়ি তুলিব আৰু আন ৰাজ্যতো এনেকুৱা হ’ব পাৰে । বিষয়টোৰ বিশদ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে পশ্চিমবংগৰ আবেদনক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে শীৰ্ষ আদালতে ।

লগতে পঢ়ক: SC on summoning of government officers : চৰকাৰী বিষয়াক আদালতলৈ মাতি অনাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰিব উচ্চতম ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.