ETV Bharat / bharat

SC issues notice for Maharashtra Speaker : বিদ্ৰোহী নেতাৰ অযোগ্যতা সম্পৰ্কে শীঘ্ৰে সিদ্ধান্ত ল'বলৈ নিৰ্দেশ আদালতৰ - SC issues notice for Maharashtra Speaker

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে অধ্যক্ষক বিদ্ৰোহী নেতাৰ অযোগ্যতা সম্পৰ্কে কৰা আবেদনৰ সময়সূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে । শুকুৰবাৰে উদ্ধৱ ঠাকৰে গোট আৰু শৰদ পাৱাৰ গোটৰ আবেদনসমূহ একেলগে তালিকাভুক্ত কৰিব ।

SC issues notice for Maharashtra Speaker
বিদ্ৰোহী নেতাৰ অযোগ্যতা সম্পৰ্কে শীঘ্ৰে সিদ্ধান্ত ল'বলৈ নিৰ্দেশ আদালতৰ
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:05 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰ গোটে দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক জাননী জাৰি কৰে । এনচিপিৰ বিদ্ৰোহী বিধায়কসকলক দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা কৰাৰ ক্ষেত্ৰত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আদালতে অধ্যক্ষক নিৰ্দেশ দিয়ে । অজিত পাৱাৰৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলক অযোগ্য ঘোষণা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে বিধানসভাৰ অধ্যক্ষক নিৰ্দেশ দিবলৈ শৰদ পাৱাৰ গোটে আদালতত আবেদন দাখিল কৰিছিল ।

বিষয়টোৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে কয় যে ন্যায়ালয়ে অধ্যক্ষক এই আবেদনসমূহৰ বাবে সময়সূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে । উচ্চতম ন্যায়ালয়ে কোৱা মতে শুকুৰবাৰে উদ্ধৱ ঠাকৰে গোট আৰু শৰদ পাৱাৰ গোটৰ আবেদনসমূহ একেলগে তালিকাভুক্ত কৰা হ'ব ।

আবেদনকাৰী শৰদ পাৱাৰ গোটৰ জয়ন্ত পাটিলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু অজিত পাৱাৰ গোটক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগী শীৰ্ষ আদালতত হাজিৰ হয় । ৰোহতগীয়ে কয় যে অযোগ্যতা সম্পৰ্কীয় আবেদনবোৰ ছেপ্টেম্বৰত হে দাখিল কৰা হৈছিল । ইফালে চিব্বালে কোৱা মতে আবেদনসমূহ জুলাইত দাখিল কৰা হৈছিল । মুখ্য ন্যায়াধীশে কয় যে তেওঁ বিষয়টো শিৱসেনাৰ বিষয়টোৰ সৈতে তালিকাভুক্ত কৰিব । কিন্তু ৰোহতগীয়ে কয় যে দুয়োটা ক্ষেত্ৰতে তথ্যবোৰ পৃথক ।

১৮ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু শিৱসেনাৰ অন্যান্য বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদনৰ শুনানি ক্ষিপ্ৰতাৰে গ্ৰহণ কৰে আৰু অধ্যক্ষক এসপ্তাহৰ ভিতৰত বিষয়টো আদালতত তালিকাভুক্ত কৰিবলৈ আৰু অযোগ্যতাৰ আবেদনৰ সিদ্ধান্ত লোৱাৰ বাবে সময়সূচী নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

উচ্চতম ন্যায়ালয়ে কয় যে অধ্যক্ষই উচ্চতম ন্যায়ালয়ৰ মৰ্যাদা মানি চলিব লাগিব । আদালতে অধ্যক্ষ ৰাহুল নাৰৱেকাৰক দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত অভিযুক্ত একনাথ সিন্দেকে ধৰি শিৱসেনাৰ বিধায়কসকলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিয়া ৰায়ৰ ৪ মাহ পাৰ হৈ গৈছে ।

১৪ জুলাইত উচ্চতম ন্যায়ালয়ে একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদনৰ ওপৰত সিদ্ধান্ত ত্বৰান্বিত কৰাৰ নিৰ্দেশ বিচাৰি শিৱসেনাৰ (ইউবিটি) বিধায়ক সুনীল প্ৰভুৰ আবেদনৰ ওপৰত মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক জাননী জাৰি কৰিছিল ।

লগতে পঢ়ক :Minister Senthil Balaji news : কাৰাগাৰৰ ভিতৰতে অসুস্থ মন্ত্ৰী ছেন্থিল বালাজী, হাস্পতালত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.