নেশ্যনেল ডেস্ক,১৯ জুন : উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় বাহিনী মোতায়েন সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণৰ বাবে সন্মত হৈছে । বিষয়টো মঙলবাৰে জ্যেষ্ঠ অধিবক্তা মিনাক্ষী অৰোৰাই ন্যায়াধীশ সূৰ্য কান্ত আৰু এম এম সুন্দ্ৰেশৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰিছিল ।
ন্যায়াধীশ সূৰ্য কান্ত আৰু এম এম সুন্দ্ৰেশক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কলকাতা উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই স্পেচিয়েল লীভ পিটিশ্যন (এছএলপি) তালিকাভুক্ত কৰিবলৈ সন্মত হয় ।
ৰাজ্যিক নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰা মিনাক্ষী অৰোৰাই আদালতক জনাইছে যে আদেশটোৰ বিৰুদ্ধে পূৰ্বৰ শুকুৰবাৰে আপীল দাখিল কৰা হৈছিল কিন্তু গ্ৰহণ কৰা হোৱা নাছিল । উচ্চ ন্যায়ালয়ে ১৫ জুনত এক নিৰ্দেশনা জাৰি কৰিছিল আৰু নিৰ্বাচন আয়োগক ৪৮ ঘণ্টাৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ বাবে সমগ্ৰ পশ্চিমবংগত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিবলৈ নিৰ্দেশ দিছিল । আদালতে উল্লেখ কৰিছিল যে নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে সংবেদনশীল অঞ্চলত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ ১৩ জুনৰ নিৰ্দেশৰ পাছত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হোৱা নাছিল ।
অধিবক্তা অৰোৰাই যুক্তি দিছে যে নিৰ্বাচন আয়োগৰ ভূমিকা হৈছে সংবেদনশীল ক্ষেত্ৰবোৰ মূল্যাঙ্কন কৰা । নিৰাপত্তা বাহিনীৰ বাবে দাবী প্ৰেৰণ কৰাটো কাম নহয় আয়োগৰ । সেয়েহে, আদালতৰ আদেশ ভুল আছিল বুলি অধিবক্তাই যুক্তি দিয়ে । নিৰ্বাচন আয়োগে আদালতৰ দুটা আদেশক প্ৰত্যাহ্বান জনাইছে । এটা ১৩ জুনৰ আৰু আনটো ১৫ জুনৰ ।
১৩ জুনৰ নিৰ্দেশটোত নিৰ্বাচন আয়োগক স্পৰ্শকাতৰ এলেকা বা জিলাসমূহত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ বাবে দাবী পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল আনহাতে ১৫ জুনৰ আদেশত ৪৮ ঘণ্টাৰ ভিতৰত সকলো জিলাত বাহিনী মোতায়েন বাধ্যতামূলক কৰা হৈছিল । পশ্চিমবংগ বিধান সভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশসমূহ দিছিল ।
লগতে পঢ়ক :West Bengal Panchayat Election 2023 : পশ্চিমবংগত অৰ্ধসামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ