ETV Bharat / bharat

2002 Godhra case: গোধৰা হত্যাকাণ্ডৰ ৮ গৰাকী দোষীক জামিন প্ৰদান - 2002 Gujarat riots

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে দোষীৰ কাৰাবাসৰ ম্যাদ আৰু অপৰাধটোত তেওঁলোকৰ ব্যক্তিগত ভূমিকা বিবেচনা কৰি ৮ জন আবেদনকাৰীক জামিন প্ৰদান কৰে (SC grants bail to 8 convicts of Godhra riots case)। বিচাৰপীঠে আন ৪ জনৰ জামিন আবেদন নাকচ কৰে । ২০০২ চনৰ গোধৰা হত্যাকাণ্ডত জড়িত আছিল এইসকল দোষী ।

2002 Godhra train carnage case
গোধৰা হত্যাকাণ্ডৰ ৮ গৰাকী দোষীক জামিন প্ৰদান
author img

By

Published : Apr 21, 2023, 5:38 PM IST

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : গুজৰাটৰ ২০০২ চনৰ গোধৰা ৰে'ল হত্যাকাণ্ড গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৮ দোষীক জামিন প্ৰদান (SC grants bail to 8 convicts of Godhra riots case)। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দোষীকেইজনক জামিন প্ৰদান কৰে । অৱশ্যে, বিচাৰপীঠে আন ৪ জনৰ জামিন আবেদন নাকচ কৰে । ভাৰতৰ ছলিচিটৰ-জেনেৰেলে উল্লেখ কৰা মতে এই ৪ জন ব্যক্তিক জামনি প্ৰদানত কিছু সমস্যা আছে কিয়নো তেওঁলোকে অপৰাধটোত নিৰ্দিষ্ট ভূমিকা পালন কৰা দেখা গৈছিল ।

ঘটনাৰ বিৱৰণ অনুসৰি তেওঁলোকৰ এজন লোৰ পাইপৰ সৈতে ধৰা পৰিছিল, আন এজনে এটা অস্ত্ৰ লৈ আছিল যিটোক গুজৰাটীত 'ধাৰিয়া' বুলি কোৱা হয় । আন এজন দোষীয়ে পেট্ৰ'ল ক্ৰয়, সংৰক্ষণ আৰু কঢ়িয়াই লৈ গৈছিল । আন এজন দোষীয়ে যাত্ৰীসকলক আক্ৰমণ কৰিছিল (2002 Gujarat riots)।

আৱেদনকাৰীসকলৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েয়ে আদালতক ৪ জন দোষীৰ শুনানি স্থগিত ৰাখিবলৈ আহ্বান জনায় যাৰ জামিনৰ বিৰোধিতা ছলিচিটৰ জেনেৰেলে কৰিছিল আৰু আগন্তুক ঈদৰ উদ্ধৃতি দি আন দোষীসকলক জামিন প্ৰদান কৰা হয় । তেওঁ অনুৰোধ কৰিছে যে ৪ জনৰ জামিন আবেদনৰ শুনানি দুসপ্তাহৰ পাছত হ'ব লাগে । কিন্তু ছলিচিটৰ-জেনেৰেলে জামিনৰ আৱেদনসমূহ নাকচ কৰিবলৈ জোৰ দিছে । যাৰ ফলত তেওঁলোকে এবছৰ বা তাতোধিক সময়ৰ পাছত হে পুনৰ আবেদন কৰিব পাৰিব ।

আদালতে দোষীৰ কাৰাবাসৰ ম্যাদ (১৭-১৮ বছৰ) আৰু অপৰাধটোত তেওঁলোকৰ ব্যক্তিগত ভূমিকাৰ কথা বিবেচনা কৰি ৮ জন আবেদনকাৰীক জামিন প্ৰদান কৰে । বিচাৰপীঠে তেওঁলোকক জামিনত মুক্তিৰ নিৰ্দেশ দিছে ।

যোৱা বছৰ, ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ফাৰুক নামৰ আন এজন যাৱজ্জীৱন কাৰাবন্দীক জামিন প্ৰদান কৰে । ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনাটো । সাবৰমতী এক্সপ্ৰেছত অযোধ্যাৰ পৰা কৰ সেৱক (হিন্দু ধৰ্মীয় স্বেচ্ছাসেৱক) আহি থকা সময়তে এছ-৬ ডবাটোৰ ভিতৰত অগ্নিসংযোগ কৰা হয় । য'ত ৫৮ গৰাকী লোকৰ মৃত্যু হয় (2002 Godhra train carnage case)।

২০১১ চনৰ মাৰ্চ মাহত বিচাৰ আদালতে ৩১ জন লোকক দোষী সাব্যস্ত কৰে । যাৰ ভিতৰত ১১ জনক মৃত্যুদণ্ড দিয়া হয় আৰু বাকী ২০ জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয় । আন ৬৩ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰা হয় । ২০১৭ চনত গুজৰাট উচ্চ ন্যায়ালয়ে ১১ জনৰ মৃত্যুদণ্ড যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰে আৰু আন ২০ জনক প্ৰদান কৰা যাৱজ্জীৱন কাৰাদণ্ড বজাই ৰাখে । উচ্চতম ন্যায়ালয়ত দোষীয়ে দাখিল কৰা আপীলসমূহ ২০১৮ চনৰ পৰা বিচাৰাধীন হৈ আছে ।

লগতে পঢ়ক :Firing in Saket court: অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই গুলীয়ালে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.