ETV Bharat / bharat

SC Goes Paperless : আজিৰে পৰা দেশৰ সৰ্বোচ্চ ন্যায়ালয় কাগজবিহীন

author img

By

Published : Jul 3, 2023, 5:30 PM IST

গ্ৰীষ্মবন্ধৰ পিছত সোমবাৰৰ পৰা উচ্চতম ন্যায়ালয় পুনৰ খুলিছে কাগজবিহীন আৰু এক আধুনিক ডিজাইনৰ আদালত কক্ষৰ ৰূপত । তাত বিনামূলীয়া ৱাই-ফাইকে ধৰি অন্যান্য সুবিধা প্ৰদান কৰা হৈছে । এই সুবিধা আদালতলৈ অহা অধিবক্তা আৰু মোকৰ্দমাকাৰীসকলে ব্যৱহাৰ কৰিব পাৰিব ।

SC Goes Paperless
SC Goes Paperless

নিউজ ডেস্ক, ৩ জুলাই : গ্ৰীষ্মবন্ধৰ বিৰতিৰ পিছত সোমবাৰৰ পৰা পুনৰ খুলিছে উচ্চতম ন্যায়ালয় । এইবাৰ উচ্চতম ন্যায়ালয় সম্পূৰ্ণ কাগজবিহীন আৰু প্ৰযুক্তি-সক্ষম ব্যৱস্থাৰে আৰম্ভ হৈছে । এই ব্যৱস্থাত অধিবক্তা, মোকৰ্দমাকাৰী আৰু অন্যান্যসকলৰ বাবে বিনামূলীয়া ৱাই-ফাই সুবিধাও অন্তৰ্ভুক্ত আছে । দেশৰ শীৰ্ষ ন্যায়ালয়ৰ ১-৫ খন আদালতত বিনামূলীয়া ৱাই-ফাই সুবিধা প্ৰদান কৰা হৈছে । এই তথ্য ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰদান কৰিছে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সোমবাৰে ঘোষণা কৰে যে সৰ্বোচ্চ ন্যায়ালয়ে ১-৫ নম্বৰ আদালতত বিনামূলীয়া ৱাই-ফাই সুবিধা প্ৰদান কৰিছে আৰু শীঘ্ৰেই ইয়াক বাৰ ৰুমতো সক্ষম কৰা হ'ব । মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে এতিয়াৰে পৰা আদালতত কাগজবিহীন প্ৰক্ৰিয়া চলিব । অৰ্থাৎ কোনো কিতাপ বা কাগজ-পত্ৰ নাথাকিব । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কিতাপ আৰু কাগজৰ ওপৰত একেবাৰে নিৰ্ভৰ নকৰে ।

আধুনিক ডিজাইনৰ আদালত কক্ষ : উচ্চতম ন্যায়ালয়ৰ আদালত কক্ষবোৰ বৰ্তমান আধুনিক ডিজাইনত দেখা গৈছে । আদালতত অধিক স্ক্ৰীণ আৰু উন্নত ভিডিঅ' কনফাৰেন্সিং সুবিধাকে ধৰি বিভিন্ন প্ৰযুক্তিগত সুবিধা স্থাপন কৰা হৈছে । যাৰ দ্বাৰা শীৰ্ষ ন্যায়ালয়ৰ কোঠাবোৰ আধুনিক ডিজাইনেৰে তৈয়াৰ কৰিছে । ভাৰতৰ উচ্চতম ন্যায়ালয়ত ই-উদ্যোগৰ অংশ হিচাপে আদালতলৈ অহা অধিবক্তা, মোকৰ্দমাকাৰী, সংবাদ মাধ্যমৰ লোক আৰু অন্যান্য ব্যক্তিসকলৰ বাবে বিনামূলীয়া ৱাই-ফাই সুবিধা প্ৰদান কৰা হৈছে ।

এই আদালতত উপলব্ধ সুবিধাসমূহ : বৰ্তমানৰ বাবে এই সুবিধা সোমবাৰৰ পৰা মুখ্য ন্যায়াধীশৰ আদালতকে ধৰি ২-৫ নম্বৰ আদালতত উপলব্ধ কৰোৱা হৈছে । ইয়াত অন্তৰ্ভুক্ত আছে কৰিড'ৰ আৰু সন্মুখৰ প্লাজা, প্লাজা কেণ্টিনৰ সন্মুখত দুটা অপেক্ষা ক্ষেত্ৰ আৰু প্ৰেছ লাউঞ্জ-১ আৰু ২ । এই সুবিধাটো আন সকলো আদালত কক্ষ আৰু কাষৰীয়া এলেকা, বাৰ লাইব্ৰেৰী-১ আৰু ২, মহিলা বাৰ ৰুম আৰু বাৰ লাউঞ্জলৈ পৰ্যায়ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব ।

লগতে পঢ়ক :SC Directs Manipur Government : মণিপুৰ চৰকাৰক শেহতীয়া স্থিতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.