ETV Bharat / bharat

FIR against Journalist: 'সেনাই এডিটৰ্ছ গিল্ডক মণিপুৰলৈ আহিবলৈ কিয় ক'ব?' উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:38 PM IST

এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ সদস্যৰ বিৰুদ্ধে মণিপুৰ চৰকাৰে দিয়া গোচৰৰ শুনানি ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে বিষয়টোৰ আজি শুনানি গ্ৰহণ কৰি এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ চাৰিজন সদস্যৰ লগত কোনো ধৰণৰ জোৰ-জবৰদস্তি নকৰিবলৈ নিৰ্দেশ দিয়ে ।

FIR against Journalist
উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ: ভাৰতীয় সেনাৰ আমন্ত্ৰণত ‘স্থানীয় ভাষাৰ সংবাদ মাধ্যমৰ পক্ষপাতিত্বমূলক আৰু অনৈতিক বাতৰি’ পৰীক্ষণ কৰিবলৈ মণিপুৰলৈ সাংবাদিকৰ এটা দল প্ৰেৰণ কৰা বুলি এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ (EGI) বিতৰ্কত সোমবাৰে উচ্চতম ন্যায়ালয়ে আশ্চৰ্য প্ৰকাশ কৰে ।

এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত কয়, “আমি স্বেচ্ছাই তালৈ যোৱা নাছিলো ৷ আমাক সেনাইহে অনুৰোধ কৰিছিল । এইটো অতি গুৰুত্বপূৰ্ণ বিষয় আছিল ”।

ছিবালে ২০২৩ চনৰ ১২ জুলাই তাৰিখে ভাৰতীয় সেনাই এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়ালৈ লিখা এখন পত্ৰৰ উদ্ধৃতি দি লগতে কয় যে তাত কি হৈছে চাবলৈ সেনাবাহিনীয়ে আমন্ত্ৰণ জনাইছিল ৷ ছিবালে জোৰ দি কয় যে, সেনাৰ আমন্ত্ৰণত সাংবাদিকৰ দলসমূহ মণিপুৰলৈ গৈছিল । মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে, “সেনাবাহিনীয়ে কিয় এডিটৰ্ছ গিল্ডক মণিপুৰলৈ আহিবলৈ ক’ব ।”

ছিবালে কয়, তেওঁলোকে তাত কি হৈ আছে তাৰ বস্তুনিষ্ঠ মূল্যায়ন বিচাৰে । বিচাৰপীঠে পত্ৰখনৰ এটা অংশ পঢ়ি শুনাইছিল, “মই, সেয়েহে, সাংবাদিক আৰু মিডিয়া হাউছৰ বাবে দিয়া নিৰ্দেশনাসমূহ এই মিডিয়া হাউছসমূহে উলংঘা কৰিছে নে নাই সেইটো নিশ্চিত কৰিবলৈ পৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছো ।

ইফালে মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ সদস্যসকলক আৰু কিছু সময়ৰ বাবে সুৰক্ষা দিয়া হ’ব পাৰে আৰু এই বিষয়টো আন গোচৰৰ দৰে মণিপুৰ উচ্চ ন্যায়ালয়েও গ্ৰহণ কৰিব পাৰে ।

উচ্চতম ন্যায়ালয়ে ১৫ ছেপ্টেম্বৰলৈ শুনানিৰ দিন বৃদ্ধি কৰি মণিপুৰ আৰক্ষীক এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ চাৰিজন সদস্যৰ বিৰুদ্ধে দুটা সম্প্ৰদায়ৰ মাজত শত্ৰুতা প্ৰসাৰিত কৰাকে ধৰি অভিযোগ কৰা অপৰাধৰ বাবে দাখিল কৰা দুখন এফআইআৰৰ সন্দৰ্ভত কোনো ধৰণৰ জোৰ-জবৰদস্তি নকৰিবলৈ নিৰ্দেশ দিয়ে । শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পৰবৰ্তী শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰিছে ।

লগতে পঢ়ক: FIR against Journalist: মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে আজি গ্ৰহণ কৰিব EGI ৰ গোচৰৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.