ETV Bharat / bharat

ট্ৰেফিক ব্যৱস্থাপনাৰ বাবে বিশেষ কমিটি গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

কৌশাম্বী আৰু গাজিয়াবাদৰ বাবে বিস্তৃত ট্ৰেফিক ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুতৰ বাবে বিশেষ কমিটি গঠনৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে । উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতিনিধিক লৈ ৩ সপ্তাহৰ ভিতৰত এখন বিশেষ কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ট্ৰেফিক ব্যৱস্থাপনাৰ বাবে বিশেষ কমিটী গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Apr 1, 2021, 6:57 PM IST

নেশ্যনেল ডেস্ক,১ এপ্ৰিল: ট্ৰেফিক ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুতৰ বাবে ৩ সপ্তাহৰ ভিতৰত বিশেষ কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে । বৃহস্পতিবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰডূড়, ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কয় যে, কৌশাম্বী আৰু গাজিয়াবাদৰ বাবে বিস্তৃত ট্ৰেফিক ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুতৰ বাবে উত্তৰ প্ৰদেশ আৰু দিল্লীৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতিনিধিক লৈ এখন বিশেষ কমিটি গঠন কৰিব লাগিব ।

কৌশাম্বী এপাৰ্টমেণ্টৰ বাসিন্দা কল্যাণ সংস্থা আৰু আশাপুষ্প বিহাৰ আৱাস বিকাশ সমিতি লিমিটেডৰ সভাপতিয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কমিটি গঠনৰ বাবে ৩ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে । কৌশাম্বী এপাৰ্টমেণ্টৰ বাসিন্দা কল্যাণ সংস্থা আৰু আশাপুষ্প বিহাৰ আৱাস বিকাশ সমিতি লিমিটেডে পৰিৱেশ প্ৰদূষণ, অপৰিকল্পিত ট্ৰেফিক ব্যৱস্থাপনা আৰু পৌৰ নিগমৰ আৱৰ্জনাৰ পেলোৱাক লৈ সৃষ্টি হোৱা সমস্যা আদি বিষয়বোৰ আবেদনখনত উল্লেখ কৰি আদালতৰ দ্বাৰস্থ হৈছিল ।

ৰাজহুৱা সেৱাৰ বাহনৰ ৰখোৱাৰ বাবে পৰ্যাপ্ত স্থানৰ অভাৱ, ইউ পি এছ আৰ টি চি বাছৰ দ্বাৰা হোৱা প্ৰদূষণ, বাহনবোৰে হৰ্ণৰ জৰিয়তে সৃষ্টি কৰা শব্দ প্ৰদূষণ আদিৰ বিষয়েও আবেদনত অৱতাৰণা কৰা হৈছে । আবেদনকাৰীয়ে যুক্তি দিছিল যে, এই সকলোবোৰ সমস্যাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগিবলগীয়া হৈছে আৰু মাটি, পানী প্ৰদূষিত হৈছে ।

এই সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু ন্যায়াধিকৰণে চি পি চি বি, ইউ পি পি চি বি আৰু দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ প্ৰতিনিধিৰে গঠিত দলৰ পৰা প্ৰতিবেদন বিচাৰিছিল । কেতবোৰ পৰামৰ্শ আগবঢ়াই ২০১৭ চনত এক প্ৰতিবেদন দাখিল কৰা হৈছিল, য'ত ত্ৰুটিবোৰ চিনাক্ত কৰা হৈছিল । কৌশাম্বী বাছ আস্থান, আনন্দ বিহাৰ আৰু আন্তঃৰাজ্যিক বাছ আস্থান আদি সঠিক আৰ্হিত নিৰ্মাণ কৰা আৰু যাতায়তৰ সু-ব্যৱস্থাৰ বাবে পথবোৰ উপযুক্তভাৱে নিৰ্মাণ কৰা ।

কৌশাম্বী বাছ আস্থানৰ সমীপৰ পথত অটো, বাছ আৰু হকাৰসকলক প্ৰৱেশৰ অনুমতি নিদিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল । আৱৰ্জনা পেলোৱাৰ সমস্যা সমাধানৰ বাবেও দুটা পৃথক প্ৰণালীৰ পৰামৰ্শ দিয়া হৈছিল । বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত এই প্ৰতিবেদন পুনৰ দাখিল কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছিল । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰে যে, পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । আদালতে অনুভৱ কৰে যে, আদালতৰ নিৰ্দেশৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কিছু দিনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

কিন্তু তাৰ পিছত পৰিস্থিতি পূৰ্বৰ দৰে হোৱাৰ আশংকা কৰিছিল উচ্চতম ন্যায়ালয়ে । আদালতে কয় যে, গাজিয়াবাদৰ ভিতৰত আন্তঃৰাজ্যিক বাছকে ধৰি অন্যান্য ৰাজহুৱা সেৱাৰ বাহনৰ পাৰ্কিংৰ বাবে পৰ্যাপ্ত স্থান নাই । ফলত বাহনবোৰ অপৰিকল্পিতভাৱে ৰাজহুৱা পথত ৰখাই থোৱা হয় । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত অঞ্চলটোত পাৰ্কিং নিষিদ্ধ বুলি এখন জাননী আঁৰি থোৱাৰ কথা আবেদনকাৰীৰ আলোকচিত্ৰ চাই অৱগত হৈছে বুলি আদালতে প্ৰকাশ কৰে ।

আবেদনকাৰীয়ে আদালতত জমা দিয়া আলোকচিত্ৰত দেখা গৈছে যে, একটা অঞ্চলতে চাৰিওফালে বাহনবোৰ ৰখাই থোৱা হৈছে । আদালতে কয় যে, যানবাহনৰ সঠিক ব্যৱস্থাপনা আৰু ৰাজহুৱা সেৱাৰ বাহনৰ পাৰ্কিংৰ বাবে পৰ্যাপ্ত স্থান সৃষ্টি কৰি এই সমস্যাটো সমাধান কৰিব লাগিব । কেৱল ইয়াক আইন প্ৰৱৰ্তনকাৰীৰ বিষয় হিচাপে ধৰিলে এক দীৰ্ঘস্থায়ী সমাধান প্ৰদান কৰাতো সম্ভৱ নহ'ব বুলি আদালতে প্ৰকাশ কৰে । এই বিষয়ত ১৪ এপ্ৰিলত পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।

লগতে পঢ়ক: ছুপাৰষ্টাৰ ৰজনীকান্তলৈ 'দাদা চাহেব ফাল্কে বঁটা'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.