ETV Bharat / bharat

Supreme Court to ECI: ৰাজনৈতিক দলবোৰৰ অনুদানৰ তথ্য; নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ - Chief Justice of India

মুখ্য ন্যায়াধীশে ভাৰতৰ নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰা অধিবক্তা অমিত শৰ্মাক কয় যে আদালতে ৰক্ষণাবেক্ষণ কৰিব লগা তথ্য ফ্ৰীজ কৰা নাছিল । লগতে কয় যে তেওঁ তথ্য সংগ্ৰহ অব্যাহত ৰাখিব লাগিছিল । ন্যায়াধীশ খান্নাই কয়, "অমিত শৰ্মা আপুনি আমাক সুধিব লাগিছিল ।" ইয়াৰ উত্তৰত শৰ্মাই কয় যে এই আদালতে ২০২১ চনৰ মাৰ্চত দিয়া আদেশৰ বাবে এইটো সম্ভৱ নহয় ।

ৰাজনৈতিক দলবোৰৰ অনুদানৰ তথ্য; নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ
Supreme Court to ECI
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:03 PM IST

নিউজ ডেস্ক, ২ নৱেম্বৰ : উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ভাৰতৰ নিৰ্বাচন আয়োগক ৩০ ছেপ্টেম্বৰলৈকে ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদানৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে ৰাজনৈতিক পুঁজিৰ উৎস হিচাপে কেন্দ্ৰৰ নিৰ্বাচনী বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইখনমান আবেদনৰ শুনানি গ্ৰহণ কৰি আছে ।

তিনি দিন ধৰি যুক্তি শুনাৰ পিছত বিচাৰপীঠে ৰায়টো সংৰক্ষিত ৰাখে । আনহাতে, বিষয়টোৰ শুনানি সমাপ্ত কৰি বিচাৰপীঠে নিৰ্বাচন আয়োগক ২০১৯ চনৰ এপ্ৰিলত শীৰ্ষ ন্যায়ালয়ে প্ৰদান কৰা আদেশ অনুসৰি ৩০ ছেপ্টেম্বৰলৈকে বান্ধি দিয়া সময়সীমাৰ তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

"১২ এপ্ৰিল, ২০১৯ত এই আদালতে ভাৰতৰ নিৰ্বাচন আয়োগক এক অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশনা জাৰি কৰিছিল । নিৰ্বাচন আয়োগে এপ্ৰিল, ২০১৯ চনৰ অন্তৰ্ৱৰ্তীকালীন আদেশ অনুসৰি এটা বন্ধ খামত তথ্য উপস্থাপন কৰিছে । এই আদালতৰ আদেশ উক্ত তাৰিখতে সীমাবদ্ধ নাছিল, যেতিয়া ইয়াক ঘোষণা কৰা হৈছিল । যদি এই বিষয়ত কোনো অস্পষ্টতা আছিল তেন্তে নিৰ্বাচন আয়োগে আদালতৰ পৰা স্পষ্টীকৰণ বিচৰাটো প্ৰয়োজনীয় আছিল । যিকোনো পৰিস্থিতিতে আমি এতিয়া নিৰ্বাচন আয়োগক ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈকে সম্পূৰ্ণ তথ্য প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিওঁ...। এই কামটো দুসপ্তাহৰ ভিতৰত সম্পন্ন কৰিব লাগে । এটা বন্ধ পেকেটৰ তথ্য এই আদালতৰ ন্যায়িক পঞ্জীয়কক হস্তান্তৰ কৰিব লাগে ।" মুখ্য ন্যায়াধীশে কয় ।

শুনানিৰ সময়ত বিচাৰপীঠে নিৰ্বাচনক প্ৰতিনিধিত্ব কৰি অধিবক্তাক কয় যে আদেশ সত্ত্বেও ২০১৯ চনৰ পিছত কিয় কোনো তথ্য দাখিল কৰা হোৱা নাই আৰু আয়োগে তথ্য সংগ্ৰহ অব্যাহত ৰাখিব লাগিছিল ।

মুখ্য ন্যায়াধীশে নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰা অধিবক্তা অমিত শৰ্মাক কয়, আদালতে ৰক্ষণাবেক্ষণ কৰিবলগা তথ্য ফ্ৰীজ কৰা নাছিল আৰু আপুনি তথ্য সংগ্ৰহ অব্যাহত ৰাখিব লাগিছিল । আনহাতে, ন্যায়াধীশ খান্নাই কয়, "অমিত শৰ্মা আপুনি আমাক সুধিব লাগিছিল ।" শৰ্মাই ইয়াৰ উত্তৰ দি কয় যে এই আদালতে ২০২১ চনৰ মাৰ্চত দিয়া আদেশৰ বাবে এইটো সম্ভৱ নহয় ।

লগতে পঢ়ক :News click case : প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা 1 ডিচেম্বৰলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.