নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী: অপৰাধমূলক কাৰ্যৰে জড়িত থকাৰ গোচৰ সন্দৰ্ভত এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু চিবিআইৰ তদন্তৰ আওতালৈ অহা কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমক সোমবাৰে বিদেশ ভ্ৰমণৰ অনুমতি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে । সোমবাৰে ন্যায়াধীশ অশোক ভূষণে অধ্যক্ষতা কৰা বিচাৰপীঠে কাৰ্তি চিদাম্বৰমক বিদেশ ভ্ৰমণৰ অনুমতি দি ২ কোটি টকা জমা দিয়াৰ নিৰ্দেশ দিয়ে । আদালতে নিৰ্দেশ দিয়ে যে, সাংসদগৰাকীয়ে ভ্ৰমণ কৰিব বিচৰা স্থান আৰু তেওঁ থকা ঠাইৰ বিষয়ে আদালতত সকলো তথ্য দাখিল কৰিব লাগিব ।
চিদাম্বৰমৰ আবেদনৰ বিৰোধিতা কৰি অতিৰিক্ত ছ'লিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে, পূৰ্বেও চিদাম্বৰমক বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হৈছিল । কিন্তু ১০ কোটি টকা জমা দিয়াৰ পিছতহে তেওঁ অনুমতি লাভ কৰিছিল । ইয়াৰ পিছতে চিদাম্বৰমৰ পক্ষত থাকি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি দৰ্শাই যে, এছ ভি ৰাজুৱে দিয়া চৰ্ত এগৰাকী সাংসদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু তেওঁ আন ঠাইলৈ পলায়ন নকৰে বুলিও আশ্বাস দিয়ে । ইয়াৰ পিছত সৰ্বোচ্চ আদালতে কয় যে, চিদাম্বৰমে ৰাষ্ট্ৰীয়কৰণ কৰা বেংকত ধনৰাশি জমা দিলেই ৬ মাহৰ বাবে বিদেশ ভ্ৰমণ কৰাৰ অনুমতি লাভ কৰিব ।
পূৰ্বে আদালতে তেওঁক ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, জাৰ্মানী আৰু স্পেইনলৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল । উল্লেখ্য যে, এয়াৰচেল-মেক্সিছ চুক্তি আৰু আইএনএক্স মিডিয়াক ৩৫০ কোটিৰ বিদেশী পুঁজি দিয়াৰ বাবে বিদেশী বিনিয়োগ প্ৰচাৰ ব'ৰ্ডৰ অনুমোদনৰ সৈতে সম্পৰ্কিত কেইবাটাও অপৰাধজনিত গোচৰৰ সৈতে কংগ্ৰেছ নেতাগৰাকীৰ নাম সাঙোৰ খাইছিল । তেওঁৰ পিতৃ পি চিদাম্বৰম বিত্তমন্ত্ৰী হৈ থকা কালতে কাৰ্তি চিদাম্বৰমে এই অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
এই সন্দৰ্ভত এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু চিবিআইৰ তদন্ত অব্যাহত আছে । পূৰ্বে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে অভিযোগ উত্থাপন কৰিছিল যে, কাৰ্তি চিদাম্বৰমে আদালতে দিয়া বিদেশ ভ্ৰমণৰ অনুমতিৰ অপব্যৱহাৰ কৰি এই তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰাৰ চেষ্টা কৰিছে ।
লগতে পঢ়ক:উন্নাও কাণ্ড : বৰ্খা দত্ত পৰিচালিত টুইটাৰ একাউন্টৰ বিৰুদ্ধে গোচৰ