আগৰতলা,১৬ এপ্ৰিল : বিভিন্ন সময়ত ভাৰতীয় ষ্টেট বেংকে ৰাইজৰ সেৱাৰ বাবে কাম কৰি আহিছে । এইবাৰ আন এক আদৰণীয় পদক্ষেপ ভাৰতীয় ষ্টেট বেংকৰ । ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰক আৰ্থিক বৰঙণি আগবঢ়ায় বেংক প্ৰতিষ্ঠানটোৱে (SBI helps Tripura government to improve health sector)।
ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক ৬০ লাখ টকাৰ বৰঙণি আগবঢ়ায় ষ্টেট বেংকে । শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ হাতত অৰ্পণ কৰে এই ৬০ লাখ টকাৰ চেক (SBI donates rupees 60 lakh to Tripura government)। ভাৰতীয় ষ্টেট বেংকৰ নৰ্থ ইষ্ট চাৰ্কলৰ মুখ্য মহাপ্ৰৱন্ধক আৰ এছ ৰমেশ আৰু উপ-মহাপ্ৰৱন্ধক জীতেন্দ্ৰ কান্দ ঠাকুৰে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত মুখ্যমন্ত্ৰী দেৱক সাক্ষাৎ কৰি এই চেক প্ৰদান কৰে । তেওঁলোক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ফুলৰ থোপাৰে সম্বৰ্ধনা আগবঢ়ায় আৰু তাৰ পাছতে ৰাজ্যখনৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে এই বিশেষ সাহায্য প্ৰদান কৰে ।
ইয়াৰোপৰি ভাৰতীয় ষ্টেট বেংকে পূৰ্বোদয় সামাজিক সংস্থালৈ এখন এম্বুলেঞ্চও দান কৰে ভাৰতীয় ষ্টেট বেংকে (SBI donates ambulance to Purvodoi Social Organization)। বেংকৰ বিষয়াসকলে এম্বুলেঞ্চখনৰ চাবিও মুখ্যমন্ত্ৰীক হস্তান্তৰ কৰিছে । এই কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব জে কে সিনহা, স্বাস্থ্য বিভাগৰ বিষয়া ড০ দীপ দেববৰ্মা আৰু ভাৰতীয় ষ্টেট বেংকৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক :ত্ৰিপুৰাৰ জনজাতীয় লোকৰ উন্নয়নত ব্যৰ্থ পূৰ্বৰ চিপিআই(এম) চৰকাৰ : বিপ্লৱ কুমাৰ দেৱ