ETV Bharat / bharat

জন্ম বাৰ্ষিকীত লৌহ মানৱক সুঁৱৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে - চৰ্দাৰ বল্লৱভাই পেটেলৰ 146 সংখ্যক জন্মজয়ন্তী

গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাড়িয়াত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীয়ে কয়, "ৰাষ্ট্ৰীয় একতা দিৱসৰ এক বিশেষ গুৰুত্ব আছে ৷ আজি ৰাষ্ট্ৰীয় একতা দিৱসতো আজাদী কা অমৃত মহোৎসৱৰে এটি দিন...স্বাধীনতাৰ পিছত ভাৰত ত্যাগ কৰাৰ সময়ত বৃটিছে দেশখনক কেইবাটাও ভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ৷ চৰ্দাৰ পেটেলে এই ষড়যন্ত্ৰ বিফল কৰি অখণ্ড ভাৰত স্থাপনৰ সংকল্প লৈছিল" ৷

Sardar Patel foiled Britishers' conspiracy to divide India, resolved to make 'Akhand Bharat': Amit Shah
জন্মবৰ্ষিকীত লৌহ মানৱক সোঁৱৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে
author img

By

Published : Oct 31, 2021, 12:53 PM IST

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : আজি লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ 146 সংখ্যক জন্মজয়ন্তী ৷ পেটেলৰ জন্মজয়ন্তী উপলক্ষে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ শ্বাহে কয়, পেটেলে ব্ৰিটিছসকলৰ ভাৰতক বিভক্ত কৰাৰ ষড়যন্ত্ৰ বিফল কৰিছিল আৰু 'অখণ্ড ভাৰত' স্থাপনৰ সংকল্প লৈছিল ।

গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাড়িয়াত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীয়ে কয়, "ৰাষ্ট্ৰীয় একতা দিৱসৰ এক বিশেষ গুৰুত্ব আছে ৷ আজি ৰাষ্ট্ৰীয় একতা দিৱসটো আজাদী কা অমৃত মহোৎসৱৰে এটি দিন...স্বাধীনতাৰ পিছত ভাৰত ত্যাগ কৰাৰ সময়ত বৃটিছে দেশখনক কেইবাটাও ভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ৷ চৰ্দাৰ পেটেলে এই ষড়যন্ত্ৰ বিফল কৰি অখণ্ড ভাৰত স্থাপনৰ সংকল্প লৈছিল" ৷

দেওবাৰে পুৱা শ্বাহে গুজৰাটস্থিত চৰ্দাৰ পেটেলৰ ‘Statue Of Unity’ ত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ শ্বাহে কয়, "কেৱাড়িয়া কেৱল এখন ঠাইৰ নাম নহয়, ই এক মন্দিৰ হৈ পৰিছে - ৰাষ্ট্ৰীয় ঐক্য, দেশপ্ৰেমৰ মন্দিৰ । চৰ্দাৰ পেটেলৰ এই আকাশচুম্বী প্ৰতিমূৰ্তিটোৱে বিশ্বক এক বাৰ্তা প্ৰদান কৰিছে যে ভাৰতৰ ভৱিষ্যত উজ্জ্বল, কোনেও ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ ক্ষতি কৰিব নোৱাৰে"৷

2014 চনৰ পৰা ৰাষ্ট্ৰীয় একতা দিৱসটো প্ৰতিবছৰে 31 অক্টোবৰৰ দিনটোত দেশজুৰি উদযাপন কৰা হয় ৷ ভাৰত গণৰাজ্য নিৰ্মাণৰ বাবে প্ৰাক স্বাধীন দেশৰ ৫৬২ খন ৰাজকীয় ৰাজ্যক একত্ৰিত কৰাৰ কৃতিত্ব প্ৰাপ্ত চৰ্দাৰ পেটেলৰ ১৯৫০ চনৰ ১৫ ডিচেম্বৰত মৃত্যু হয় ।

লগতে পঢ়ক : 37 সংখ্যক মৃত্যুতিথিত ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নাতি ৰাহুলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.