ETV Bharat / bharat

বিশাখাপট্টনমত 'গৰীব কল্যাণ সন্মিলন'ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - আত্মনিৰ্ভৰ ভাৰত

বিশাখাপট্টনমত 'গৰীব কল্যাণ সন্মিলন'ত অংশগ্ৰহণ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালৰ (Sarbananda Sonowal in visakhapatnam) ৷ এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে মোদী জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত চামিল হ'বলৈ সকলো শ্ৰেণীৰ লোককে আহ্বান মন্ত্ৰীগৰাকীৰ ৷

Sarbananda Sonowal in visakhapatnam
Sarbananda Sonowal in visakhapatnam
author img

By

Published : May 31, 2022, 10:25 PM IST

গুৱাহাটী,31 মে’: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৮টা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে বুধবাৰে দেশজুৰি আয়োজন কৰে 'গৰীব কল্যাণ সন্মিলন' ৷ ইয়াৰ অংশ হিচাপে হিমাচল প্রদেশত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে প্রধানমন্ত্রী ৷ এই অনুষ্ঠানৰ সৈতে ভার্চুৱেলী কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে বিশাখাপট্টনমত 'গৰীব কল্যাণ সন্মিলন'ত অংশগ্ৰহণ কৰে (Sarbananda Sonowal toook part at Garib kalyan sammelan)।

সর্বানন্দ সোণোৱালে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে অনুষ্ঠানত ৷ নিজৰ ভাষণত সৰ্বানন্দ সোণোৱালে কয় যে, দেশবাসীৰ প্ৰিয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ মহাশক্তিলৈ পৰিণত হৈছে । কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়ে সর্বস্তৰৰ বিশেষকৈ আর্থিকভাৱে পিছপৰা লোকসকলক যথেষ্ট উপকৃত কৰিছে ।

Sarbananda Sonowal in visakhapatnam
বিশাখাপট্টনমত সর্বানন্দ সোণোৱাল

তেওঁ লগতে কয় যে, চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে জনসাধাৰণ আৰু জনপ্রতিনিধিসকলৰ মাজত পোনপটীয়া আলাপ-আলোচনা আৰু মত-বিনিময় অনুষ্ঠিত কৰাৰ হেতুকে 'গৰীব কল্যাণ সন্মিলন' দেশজুৰি আয়োজন কৰা হৈছে (Sarbananda Sonowal in visakhapatnam)।

Sarbananda Sonowal in visakhapatnam
বিশাখাপট্টনমত 'গৰীব কল্যাণ সন্মিলন'ত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

দেশৰ সৰ্বাংগীণ বিকাশৰ যাত্ৰাত অন্ধ্রপ্রদেশবাসীৰ ভূমিকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "অন্ধ্ৰপ্ৰদেশৰ লোকসকল যথেষ্ট পৰিশ্ৰমী আৰু এই ৰাজ্যখন বিভিন্ন সম্ভাৱনাৰে পৰিপূৰ্ণ । মোদী ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন সাধনত বিশেষ গুৰুত্ব দিছে । এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে মোদী জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত চামিল হ'বলৈ সকলো শ্ৰেণীৰ লোককে আহ্বান জনাইছোঁ । মোদীৰ বলিষ্ঠ নেতৃত্বত অন্ধ্রপ্রদেশক দেশৰ অন্যতম শ্রেষ্ঠ আৰু আত্মনিৰ্ভৰ ৰাজ্য হিচাপে বিকশিত কৰিবলৈ একেলগে কাম কৰিব লাগিব" ।

লগতে পঢ়ক : এইবাৰো ভুৱা কৃষকৰ একাউন্টতে সোমাব কৃষক সন্মান নিধিৰ ধন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.