ETV Bharat / bharat

'মাউণ্টেইন মেন' দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী - জাতিগত লোকপিয়ল

'মাউণ্টেইন মেন' খ্যাত দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী বিহাৰৰ মন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ (Hindustani Awam Morcha) জ্যেষ্ঠ নেতা সন্তোষ মাঁঝিৰ ।

Santosh Manjhi
দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী
author img

By

Published : Aug 4, 2021, 4:47 PM IST

নেশ্যনেল ডেস্ক,৪ আগষ্ট: 'মাউণ্টেইন মেন' খ্যাত দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী বিহাৰৰ মন্ত্ৰী আৰু হিন্দুস্তানী আৱাম মৰ্চাৰ (Hindustani Awam Morcha) জ্যেষ্ঠ নেতা সন্তোষ মাঁঝিৰ (Santosh Manjhi) । বুধাবাৰে এই প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Prime Minister Narendra Modi) সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে বিহাৰৰ কেইবাটাও বিষয়লৈ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে নেতাগৰাকীয়ে ।

ইটিভি ভাৰতৰ সন্মুখত তেওঁ জনোৱা মতে তেওঁ বিহাৰৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰিছে । ব্যক্তিগত খণ্ডত অনুসূচীত জাতি আৰু জনজাতিৰ বাবেও সংৰক্ষণ বিচাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । জাতিগত লোকপিয়ল সন্দৰ্ভত হিন্দুস্তানী আৱাম মৰ্চাৰ স্থিতিৰ বিষয়ে উল্লেখ কৰি মাঁঝিয়ে কয় যে এই সন্দৰ্ভত দলৰ স্থিতি অতি স্পষ্ট । বিহাৰত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰা উচিত বুলি তেওঁ কয় ।

লালু প্ৰসাদ যাদৱক (Lalu Prasad Yadav) বিহাৰৰ ৰাজনীতিলৈ ঘূৰাই অনাৰ সন্দৰ্ভত মন্তব্য দি মাঁঝিয়ে কয় যে সকলো দল একত্ৰিত হৈ আছে আৰু কোনো বিষয়ত এন ডি এ চৰকাৰৰ দলসমূহৰ মাজত কোনো বিবাদ নাই ।

তেওঁ কয় যে বিহাৰত বিজেপি, জেডিইউ, হিন্দুস্তানী আৱাম মৰ্চা বিকাশ আৰু বিকাশশীল ইনছান পাৰ্টিৰ এখন মিত্ৰজোঁটৰ চৰকাৰ আছে । তেওঁৰ মতে বিহাৰ চৰকাৰে ইয়াৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব আৰু সম্পূৰ্ণ পাঁচ বছৰলৈ থাকিব । লালু প্ৰসাদ যাদৱে যিমানেই ডাঙৰ মিত্ৰতা গঠন নকৰক শাসনাধিষ্ঠিত এন ডি এ চৰকাৰৰ কোনো ক্ষতি নহ'ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ মতে বিধস্ত, ক্ষতিগ্ৰস্ত সকল একত্ৰিত হ'লেও বিহাৰ চৰকাৰৰ ক্ষতি নকৰে । তেওঁৰ দাবী বিহাৰকে ধৰি সমগ্ৰ দেশতে এন ডি এ একত্ৰিত হৈছে । উল্লেখ্য যে পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিন পোৱাৰ পাছত লালু প্ৰসাদ যাদৱে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় অসুবিধাৰ বাবে কন্যা তথা ৰাজ্যসভাৰ সাংসদ মিছা ভাৰতীয়ৰ দিল্লীৰ বাসগৃহত আছে । আনহাতে তেওঁ বিৰোধী নেতাসকলৰ সৈতে সাক্ষাৎ কৰাৰ পিছত সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰো ইংগিত দিছে । যাক লৈ এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈ আছে ।

লগতে পঢ়ক :বিৰোধীৰ প্ৰতিবাদ: তৃতীয়বাৰৰ বাবে স্থগিত লোকসভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.