ETV Bharat / bharat

Sanjay Singh Police Custody : সাংসদ সঞ্জয় সিঙৰ আৰক্ষী জিম্মা সমাপ্ত, আদালতত হাজিৰ - Delhi AAP govt

মঙলবাৰে বিয়লি পাঁচদিনীয়া আৰক্ষীৰ জিম্মা সমাপ্ত হোৱাৰ পিছত সঞ্জয় সিঙক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় । আদালতলৈ যাওঁতে তেওঁ কয়- "মোদীজীয়ে মোৰ সৈতে ল'ৰা-ধেমালি খেলি আছে ।"

সাংসদ সঞ্জয় সিঙৰ আৰক্ষী জিম্মা সমাপ্ত
Sanjay Singh Police Custody
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 4:43 PM IST

নিউজ ডেস্ক, ১০ অক্টোবৰ : দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত আৰক্ষীৰ জিম্মা সমাপ্ত হোৱাৰ পিছত মঙলবাৰে বিয়লি ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক । আনহাতে, আদালতত হাজিৰ হোৱাৰ পূৰ্বে সঞ্জয় সিঙে কয়, "মোদীজীয়ে মোৰ সৈতে ল'ৰা-ধেমালি খেলি আছে । মই তেওঁলোকৰ অত্যাচাৰৰ পৰিমাণ পৰীক্ষা কৰিব বিচাৰোঁ । যিসকলে লাখ লাখ কোটি টকা লুণ্ঠন কৰিছিল তেওঁলোক সকলো এতিয়া মোদীৰ সৈতে আছে । আনহাতে, যিসকল সৎ তেওঁলোক মোদীৰ বিৰুদ্ধে আৰু তেওঁলোকৰ বিৰুদ্ধেই ব্যৱস্থা লোৱা হৈছে ।"

উল্লেখ্য যে ৪ অক্টোবৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দিল্লী আবকাৰী কেলেংকাৰী গোচৰ সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক আদালতত হাজিৰ কৰোৱায় । তাৰ পিছত তেওঁক পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় ।

সঞ্জয় সিঙক চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালৰ সন্মুখত হাজিৰ কৰোৱা হ'ব আৰু ইডিয়ে তেওঁৰ আৰক্ষীৰ জিম্মা বৃদ্ধি কৰিব বিচাৰিব । পাঁচদিনীয়া আৰক্ষী জিম্মাৰ সময়ত ইডিয়ে সঞ্জয় সিং, বিবেক ত্যাগী আৰু সৰ্বেশ মিশ্ৰ আৰু দুজন সহযোগীক মুখ্য কাৰ্যালয়ত মুখামুখিকৈ বহুৱাই সোধা-পোছা কৰিছিল ।

ইডিয়ে অধিক জেৰাৰ বাবে তেওঁক ন্যায়িক জিম্মাত বিচাৰিব পাৰে । ইয়াৰ পূৰ্বে ৫ অক্টোবৰত আদালতত উপস্থিত হোৱাৰ সময়ত ইডিয়ে ১০ দিনৰ জিম্মাত বিচাৰিছিল । অৱশ্যে আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰে । পিছদিনা সঞ্জয় সিঙে তেওঁক ইডিৰ মুখ্য কাৰ্যালয়ত ৰাখিবলৈ আৰু জেৰা কৰিবলৈ আদালতত আবেদন দাখিল কৰে । আদালতে সেয়া গ্ৰহণ কৰে আৰু সঞ্জয় সিঙৰ আবেদনৰ নিষ্পত্তি কৰে । ইডিয়ে তেওঁক মুখ্য কাৰ্যালয়ত ৰাখিবলৈ আৰু তেওঁক জেৰা কৰিবলৈও অনুমতি বিচাৰিছিল ।

সঞ্জয় সিঙক প্ৰায় ১১ ঘণ্টা সোধা-পোছাৰ পিছত ৪ অক্টোবৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত এক ধন সৰবৰাহৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । পুৱা ৬.৩০ বজাত ইডিয়ে ১২৫ নৰ্থ এভিনিউত সঞ্জয় সিঙৰ বাসগৃহত অভিযান আৰম্ভ কৰে । আনহাতে, এই তথ্য স্থানীয় আৰক্ষীকো জনোৱা হোৱা নাছিল ।

উল্লেখ্য যে সোমবাৰে ইডিয়ে দীনেশ অৰোৰাক সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় ধন সৰবৰাহৰ গোচৰত চৰকাৰী সাক্ষী কৰে । অৰোৰাই এটা বিবৃতি দি কয় যে তেওঁ সঞ্জয় সিঙৰ নিৰ্দেশত দিল্লীৰ বাৰ আৰু ৰেষ্টুৰেণ্টৰ মালিকসকলৰ পৰা ৮২ লাখ টকা সংগ্ৰহ কৰিছিল । এই টকাখিনি মনীষ ছিছোডিয়াক চেকৰ দ্বাৰা দলীয় পুঁজি হিচাপে দিয়া হৈছিল । উক্ত ধন আগন্তুক বিধানসভা নিৰ্বাচনত ব্যৱহাৰ কৰিবলগা আছিল ।

লগতে পঢ়ক :Rahul Gandhi on Caste Census : জাতিগত পিয়লক এক্সৰেৰ সৈতে তুলনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.