ETV Bharat / bharat

গুজৰাটত প্ৰথম শ্ৰেণীৰ পৰাই বাধ্যতামূলক হ'ব সংস্কৃত !

author img

By

Published : Jun 30, 2022, 6:31 PM IST

গুজৰাটৰ স্কুলত প্রথম শ্রেণীৰ পৰাই বাধ্যতামূলক হ'ব পাৰে সংস্কৃত বিষয় (Sanskrit may mandatory from class I in gujarat schools) । শীঘ্ৰেই এই পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘই (RSS) হেঁচা প্ৰয়োগ কৰা বুলি প্ৰকাশ ।

a
a

নিউজ ডেস্ক, ৩০ জুন : গুজৰাটৰ স্কুলত প্রথম শ্রেণীৰ পৰাই বাধ্যতামূলক হ'ব পাৰে সংস্কৃত বিষয় (Sanskrit may mandatory from class I in gujarat schools) । শীঘ্ৰেই এই পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘই (RSS) হেঁচা প্ৰয়োগ কৰা বুলি প্ৰকাশ । এই সন্দৰ্ভত বিগত এপ্রিল মাহত ৰাজ্যখনৰ শিক্ষামন্ত্রীৰ সৈতে এলানি বৈঠক অনুষ্ঠিত হোৱা বুলিও দাবী কৰা হৈছে (RSS meeting with Gujrat Education Minister) ।

উল্লেখ্য, ২০২০ চনৰ জুলাইত গৃহীত হয় নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি (National Education Policy 2020) । আনহাতে, চলিত বৰ্ষৰ পৰা এই শিক্ষা নীতি কাৰ্যকৰীকৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰত সংঘ পৰিয়ালৰো গুৰুত্ব থকা বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত আলোচিত হৈছে । সেয়ে এইবাৰ সংস্কৃত বাধ্যতামূলক কৰিব বিচৰাটো কাৰ্যকৰীকৰণৰ দিশত গুৰুত্ব দিছে স্বয়ং সেৱক সংঘই । তাৰ বাবেই যোৱা এপ্রিল মাহত গুজৰাটৰ শিক্ষামন্ত্রী জিতু ভাগানি, শিক্ষা বিভাগৰ বিষয়াসকল, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ৰত্নাকৰৰ সৈতে এক বৈঠকত মিলিত হয় সংঘৰ সদস্যসকল ।

উল্লেখ্য, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Centre made Hindi compulsory in schools) । কিন্তু এই ক্ষেত্ৰত দক্ষিণৰ ৰাজ্যবোৰৰ প্ৰবল বিৰোধিতাত উক্ত সিদ্ধান্তৰ পৰা আঁতৰি আহে কেন্দ্র (South Indian States opposed compulsory of Hindi in Schools) । তাৰ বিপৰীতে নতুন শিক্ষানীতি সম্পূৰ্ণভাৱে কার্যকৰীকৰণৰ সময়সীমা ২০৪০ পর্যন্ত বান্ধি দিয়া হয় । এইবাৰ এই নীতিৰ অধীনতেই গুজৰাটৰ স্কুলসমূহত সংস্কৃত ভাষা প্ৰৱৰ্তন কৰিব বিচাৰিছে সংঘ পৰিয়ালে ।

আনহাতে, ইণ্ডিয়ান এক্সপ্রেছৰ এক প্রতিবেদন অনুযায়ী, এপ্রিল মাহত অনুষ্ঠিত উক্ত বৈঠকত সংঘ পৰিয়ালে সংস্কৃত পঢ়াবৰ বাবে সপ্তাহত অন্তত ছটা শ্ৰেণী আবণ্টন কৰাৰ কথা কয় । গুজৰাটত মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত প্রথম ভাষা হিচাবে গুজৰাটী ভাষা পঢ়ুৱাব লাগিব । দ্বিতীয় ভাষা হ'ব সংস্কৃত । ইয়াৰ উপৰি যিসকলে আয়ুর্বেদ শাস্ত্র লৈ স্নাতক স্তৰত পঢ়িব বিচাৰে, তেওঁলোকে একাদশ আৰু দ্বাদশ শ্রেণীতো সংস্কৃত পঢ়িব লাগিব । লগতে স্কুলসমূহত ৰামায়ণ, মহাভাৰত আৰু বৈদিক গণিতো বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত জোৰ দিছে বিজেপিৰ অভিভাৱক সংগঠন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে ।

লগতে পঢ়ক : হায়দৰাবাদ ভ্ৰমণত সাধাৰণ ৰান্ধনীৰ হাতেৰে ৰন্ধা তেলেংগানা ব্যঞ্জনৰ সোৱাদ ল'ব মোডীয়ে

For All Latest Updates

TAGGED:

RSS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.