ETV Bharat / bharat

Same Sex Marriage : সমাজৰ বাধা নেওচি নিজ সম্পৰ্কক সামাজিক স্বীকৃতি দিলে নিশা-কুমকুমে - প্ৰেম স্বৰ্গীয়

বিহাৰত দুগৰাকী যুৱতীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ দুগৰাকী যুৱতীয়ে মন্দিৰলৈ গৈ বিবাহপাশত আৱদ্ধ হৈ দুয়োৰে সম্পৰ্কক সামাজিক স্বীকৃিত দিয়ে ৷

Same Sex Marriage in Bihar two girls got married in Jamui living as husband wife
সমাজৰ বাধা নেওচি নিজ সম্পৰ্কক সামাজিক স্বীকৃতি দিলে নিশা-কুমকুমে
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:51 AM IST

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ : প্ৰেম স্বৰ্গীয় ৷ প্ৰেমৰ নামানে কোনো ধৰ্ম, ৰীতি-নীতি, উচ্চ-নীচ তথা লিংগ ৷ প্ৰেমে মাথোঁ চিনে প্ৰেমৰ ঠিকনা ৷ এইবাৰ বিহাৰত দুগৰাকী যুৱতীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ দুগৰাকী যুৱতীয়ে মন্দিৰলৈ গৈ বিবাহপাশত আৱদ্ধ হৈ দুয়োৰে সম্পৰ্কক সামাজিক স্বীকৃতি দিয়ে ৷ এই খবৰ পোহৰলৈ অহাৰ পিচতে এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷

সকলো কাহিনীত যে নায়ক থাকিবই লাগে যে তেনে নহয় ৷ কিছু কাহিনী নায়কৰ অবিহনে নায়িকায়ো সম্পূৰ্ণ কৰে ৷ এই কাহিনীৰ দুয়োগৰাকী নায়িকা হৈছে নিশা (18) আৰু কুমকুম (20) ৷ তেওঁলোকৰ প্ৰেমৰ যাত্ৰাত স্বামীৰ ভূমিকা পালন কৰিছে নিশাই আৰু পত্নীৰ ভূমিকা কুমকুমে ৷

জামুইৰ লক্ষ্মীপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দিঘী গাঁৱৰ বাসিন্দা নিশাই আৰু লখিচাৰাই জিলাৰ হালচি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কুচন্দা গাঁৱৰ বাসিন্দা কুমুকুমৰ সৈতে চিনাকি হৈছিল নিশাৰ মাতৃৰ দ্বিতীয় বিবাহৰ অনুষ্ঠানত ৷ কুমকুম নিশাৰ নতুন পৰিয়ালৰ সম্পৰ্কীয় আছিল ৷ সেয়ে দুয়ো দুয়োকে প্ৰায়েই লগ পাইছিল ৷

প্ৰথমে দুয়োৰে মাজত বন্ধুত্ব হৈছিল ৷ তাৰ পিচতে এই সম্পৰ্ক প্ৰেমলৈ পৰিৱৰ্তিত হৈছিল ৷ দিন বাগৰি যোৱাৰ লগে লগে সম্পৰ্কটো ইমানেই গাঢ় হৈ গৈছিল যে দুয়ো একেলগে জীৱন যাপন কৰাৰ সিদ্ধান্ত লয় ৷ এই কথা দুয়ো প্ৰথমে তেওঁলোকৰ পৰিয়ালৰ অৱগত কৰিছিল ৷ দুয়োৰে সিদ্ধান্তই পৰিয়ালৰ লোককো হতচকিত কৰি তুলিছিল ৷ পৰৱৰ্তী সময়ত দুয়ো ঘৰৰ সমীপৰে এটা মন্দিৰলৈ গৈ বিবাহপাশত আৱদ্ধ হয় ৷

লগতে পঢ়ক: Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.