ETV Bharat / bharat

Karnataka Election 2023 : কৰ্ণাটকত একমাত্ৰ কংগ্ৰেছে হ'ব বিকল্প ; ছলমান খুৰ্ছিদ

author img

By

Published : May 8, 2023, 1:26 PM IST

কৰ্ণাটকত আজি সমাপ্ত হ'ব নিৰ্বাচনী প্ৰচাৰ (Karnataka Election campaign)। তাৰ প্ৰাকক্ষণত বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদৰ । ৰাইজে কংগ্ৰেছক বিকল্প হিচাপে বিচাৰিছে বুলিও তেওঁ দাবী কৰে ।

Karnataka Election 2023
কৰ্ণাটকত একমাত্ৰ কংগ্ৰেছে হ'ব বিকল্প

নেশ্যনেল ডেস্ক,৮ মে': "দুৰ্নীতিগ্ৰস্ত বিজেপি, কৰ্ণাটকৰ ৰাইজ বিকল্পৰ সন্ধানত আছে ।" এই অভিযোগ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদৰ । নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ সংবাদমাধ্যমৰ সন্মুখত বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Salman Khurshid slams BJP)।

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন আছে । ১০ মে'ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব (Karnataka Election 2023)। তাৰ প্ৰাকক্ষণত অন্তিম প্ৰচাৰ জোৰদাৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । একে সময়তে ৰাজনৈতিক নেতাসকলৰ মাজতো বাকযুদ্ধ অব্যাহত আছে ।

ইয়াৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদে সোমবাৰে কৰ্ণাটকৰ বিজেপি চৰকাৰক দুৰ্নীতিত জড়িত থকাৰ অভিযোগ কৰে (Salman Khurshid blames BJP for corruption)। যাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণে এক বিকল্পৰ বাবে হেঁপাহেৰে ৰৈ আছে বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে ৰাইজক সেই বিকল্প কেৱল কংগ্ৰেছে হে দিব পাৰিব ।

উল্লেখ্য যে ছলমান খুৰ্ছিদে দলৰ প্ৰাৰ্থী কানেজ ফাতিমা চাহিবৰ হৈ উত্তৰ গুলবাৰ্গাত প্ৰচাৰ চলাইছে । তাৰ মাজতে ইটিভি ভাৰতৰ সন্মুখত খুৰ্ছিদে কয় যে কৰ্ণাটক নিৰ্বাচনে গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিৱৰ্তন চিহ্নিত কৰিব কিয়নো কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচনত জয়ী হ'বলৈ গৈ আছে ।

তেওঁ অভিযোগ কৰা মতে বিজেপি দলৰ নেতাসকলে ৰাজ্যখনৰ প্ৰকল্পসমূহৰ ওপৰত ৪০ শতাংশ কমিছন নোপোৱাকৈ কাম নকৰে । তেওঁ দাবী কৰা মতে কৰ্ণাটকৰ ৰাইজে এইবাৰ কংগ্ৰেছক ভোট দিবলৈ মন স্থিৰ কৰিছে । ৰাইজৰ ইচ্ছা বেলট বাকচত প্ৰতিফলিত হ'ব । তেওঁ লগতে দাবী কৰে যে কংগ্ৰেছ হৈছে একমাত্ৰ দল যি সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে কাম কৰে । তেওঁ গেৰুৱা দলটোক দেশৰ সংখ্যালঘুসকলক উপেক্ষা কৰাৰ অভিযোগ কৰে ।

কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰা মতে হিজাব, আজান আৰু হালালৰ ক্ষেত্ৰত বিজেপিৰ সমস্যা আছে । ইফালে সমগ্ৰ দেশতে মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে । দেশৰ শ্ৰমিকসকল চিন্তিত হৈ পৰিছে আৰু নিযুক্তিৰ সমস্যা দেশৰ আন এক চৰ্চিত বিষয় হৈ পৰিছে । কিন্তু বিজেপিয়ে উন্নয়নৰ বিষয়ক লৈ আটাইতকৈ কম চিন্তিত বুলিও তেওঁ অভিযোগ কৰে ।

কংগ্ৰেছ নেতা খুৰ্ছিদৰ মতে বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰি আছে যাক কৰ্ণাটকৰ ৰাইজে প্ৰত্যাখ্যান কৰিব । খুৰ্ছিদে লগতে কয় যে উত্তৰ গুলবাৰ্গাৰ কংগ্ৰেছ প্ৰাৰ্থী কানেজ ফাতিমা চাহিব স্বৰ্গীয় কামাৰ আছলামৰ পত্নী । কানেজ ফাতিমা চাহিব অতি সহজে জয়ী হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Karnataka poll 2023: নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বেংগালুৰুত অন্তিম ৰেলী সামৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.