ETV Bharat / bharat

Wrestlers Protest : নিজৰ নিজৰ কৰ্মস্থলীত যোগদান প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ - Allegation against WFI Chief

সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফোগাটে নিজৰ নিজৰ কৰ্মস্থলীত পুনৰ যোগদান কৰিছে (Wrestlers resume duties)। মল্লযুঁজাৰুৰ মতে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব । অমিত শ্বাহৰ সৈতে বৈঠক আশানুৰূপ হোৱা নাই ।

Wrestlers Protest
নিজৰ নিজৰ কৰ্মস্থলীত যোগদান প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ
author img

By

Published : Jun 5, 2023, 5:03 PM IST

স্পৰ্টছ ডেস্ক,৫ জুন : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এমাহৰো অধিক সময় ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে মল্লযুঁজাৰুসকলে । অৱশ্যে ইয়াৰ মাজতে মল্লযুঁজাৰু সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফোগাটে কৰ্মস্থানত পুনৰ যোগদানৰ সিদ্ধান্ত লৈছে । তিনিওগৰাকী খেলুৱৈয়ে ভাৰতীয় ৰে'লত পুনৰ দায়িত্ব পালন কৰিছে (Wrestlers resume duties in Railways)।

অৱশ্যে অলিম্পিক পদক বিজয়ীসকলে স্পষ্ট কৰি দিছে যে তেওঁলোক এই প্ৰতিবাদৰ পৰা আঁতৰি যোৱা নাই । কেৱল তেওঁলোকৰ চৰকাৰী চাকৰিত যোগদান হে কৰিছে । তেওঁলোকে কয় যে ন্যায় প্ৰদান নোহোৱালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব ।

  • ये खबर बिलकुल ग़लत है। इंसाफ़ की लड़ाई में ना हम में से कोई पीछे हटा है, ना हटेगा। सत्याग्रह के साथ साथ रेलवे में अपनी ज़िम्मेदारी को साथ निभा रही हूँ। इंसाफ़ मिलने तक हमारी लड़ाई जारी है। कृपया कोई ग़लत खबर ना चलाई जाए। pic.twitter.com/FWYhnqlinC

    — Sakshee Malikkh (@SakshiMalik) June 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছতে এই সিদ্ধান্ত লৈছে খেলুৱৈ কেইগৰাকীয়ে (Wrestlers meet Amit Shah)। জানিব পৰা মতে শ্বাহে তেওঁলোকক আশ্বাস দিছে যে আইনৰ মতে সকলো চোৱা হ'ব । সূত্ৰৰ মতে আটাইকেইগৰাকী খেলুৱৈয়ে যোৱা সপ্তাহত ক্ৰীড়াৰ বিশেষ কৰ্তব্য বিষয়া(OSD) হিচাপে উত্তৰ ৰে'লৱেত তেওঁলোকৰ দায়িত্বত পুনৰ যোগদান কৰে ।

সাক্ষীয়ে কয় যে তেওঁলোকৰ কোনেও পিছুৱাব বিচৰা নাই কিন্তু ন্যায়ৰ দাবীৰ মাজতে ৰে'লৱেত তেওঁৰ দায়িত্ব পালন কৰি আছে । তেওঁ উল্লেখ কৰা মতে ন্যায় প্ৰদান নকৰালৈ তেওঁলোকৰ যুঁজ অব্যাহত থাকিব । একেটা সুৰতে বজৰং পুনিয়াই কয় যে তেওঁলোকে আন্দোলন প্ৰত্যাহাৰ কৰা নাই আৰু সিঙৰ বিৰুদ্ধে এজাহাৰো ঘূৰাই লোৱা নাই । শ্বাহক সাক্ষাতৰ পাছত সাক্ষীৰ স্বামী সত্যব্ৰত কাদিয়ানে কয় যে আলোচনা অমীমাংসিত আছিল আৰু মল্লযুঁজাৰুসকলে তেওঁলোকে বিচকা সঁহাৰি পোৱা নাই ।

  • आंदोलन वापस लेने की खबरें कोरी अफ़वाह हैं. ये खबरें हमें नुक़सान पहुँचाने के लिए फैलाई जा रही हैं.

    हम न पीछे हटे हैं और न ही हमने आंदोलन वापस लिया है. महिला पहलवानों की एफ़आईआर उठाने की खबर भी झूठी है.

    इंसाफ़ मिलने तक लड़ाई जारी रहेगी 🙏🏼 #WrestlerProtest pic.twitter.com/utShj583VZ

    — Bajrang Punia 🇮🇳 (@BajrangPunia) June 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে যৌন নিৰ্যাতনৰ অভিযোগ তুলি ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ইতিমধ্যে মল্লযুঁজাৰুসকলে এজাহাৰ দাখিল কৰিছে । মল্লযুঁজাৰুৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইফালে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক বিভিন্ন পক্ষই সমৰ্থন জনাইছে । বিভিন্ন দলেও মল্লযুঁজাৰুসকলক সমৰ্থন জনোৱাৰ লগতে বিজেপিৰ সাংসদ ব্ৰীজ ভূষণক গ্ৰেপ্তাৰৰ দাবী তুলিছে । শেহতীয়াকৈ কৃষক নেতা ৰাকেশ টিকাইটে চৰকাৰক ৯ জুনৰ ভিতৰত ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ।

দেওবাৰে সোনিপতৰ মুণ্ডলানাত এক সমাৱেশত বজৰং পুনিয়াই কয় যে মল্লযুঁজাৰুসকলে অহা ৩-৪ দিনৰ ভিতৰত তেওঁলোকৰ নিজা মহাপঞ্চায়ত অনুষ্ঠিত কৰিব । এই ক্ষেত্ৰত মল্লযুঁজাৰুসকলে বহুতো দলৰ সমৰ্থনো লাভ কৰিছে । বহুতো নেতাই মল্লযুঁজাৰুসকলৰ সমৰ্থনত ওলাই আহিছে (Allegation against WFI Chief)।

লগতে পঢ়ক :Wrestlers meet Amit Shah : ব্ৰীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী মল্লযুঁজাৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.