ETV Bharat / bharat

Sahitya Akademi Children and Youth Award 2023: দুগৰাকী মণিপুৰী সাহিত্যিকলৈ 2023 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:23 AM IST

শুকুৰবাৰে সাহিত্য অকাডেমীয়ে মণিপুৰী ভাষাত যুৱ আৰু শিশু সাহিত্য বঁটা প্ৰদানৰ কথা ঘোষণা কৰে । দিলীপ নংমাথেম আৰু পৰশুৰাম থিংগনামৰ গ্ৰন্থলৈ প্ৰদান কৰা হৈছে সাহিত্য অকাডেমী 2023 ৷ আনহাতে এইবাৰ কাশ্মীৰী ভাষালৈ প্ৰদান কৰা নহ’ব শিশু সাহিত্য বঁটা ।

Sahitya Akademi Children and Youth Award 2023
মণিপুৰী ভাষাৰ বাবে সাহিত্য অকাডেমীৰ যুৱ বঁটা

নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ: গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ থকাৰ মাজতে মণিপুৰবাসীৰ বাবে সুখবৰ ৷ শুকুৰবাৰে সাহিত্য অকাডেমীয়ে মণিপুৰী ভাষাৰ বাবে যুৱ আৰু শিশু সাহিত্য বঁটাৰ ঘোষণা কৰে । দিলীপ নংমাথেম আৰু পৰশুৰাম থিংগনামলৈ প্ৰদান কৰা হ’ব ক্ৰমে শিশু সাহিত্য বঁটা আৰু যুৱ সাহিত্য বঁটা ৷ ইয়াৰ পূৰ্বে 23 জুনত সাহিত্য অকাডেমীয়ে আন ভাষাৰ বাবে এই বঁটা ঘোষণা কৰিছিল ।

এইবাৰ কাশ্মীৰী ভাষাত দিয়া নহ’ব শিশু সাহিত্য বঁটা । শিশু আৰু যুৱ সাহিত্য দুয়োটা বঁটাৰ সিদ্ধান্ত ল’বলৈ পৃথক পৃথক জুৰী আছিল । এই কিতাপসমূহ জুৰীয়ে নিৰ্ধাৰিত বাছনি প্ৰক্ৰিয়া অনুসৰণ কৰি নিৰ্বাচন কৰিছে ।

শিশু সাহিত্য বঁটা: দিলীপ নংমাথেমক তেওঁৰ মণিপুৰী ভাষাত লিখি উলিওৱা গ্ৰন্থ ইবেম্মা আমাছুং নাগাবেম্মা (গল্প সংকলন)ৰ বাবে 2023 চনৰ শিশু সাহিত্য বঁটা প্ৰদান কৰা হ’ব । নিয়ম অনুসৰি নিৰ্ধাৰিত বাছনি প্ৰক্ৰিয়া অনুসৰণ কৰি তিনিজনীয়া জুৰীয়ে এই গ্ৰন্থখন বঁটাৰ বাবে নিৰ্বাচন কৰিছে । জুৰীৰ ভিতৰত আছিল ড০ হামোম নবাচন্দ্ৰ সিং, ড০ খুণ্ডোংবাম গোকুলচন্দ্ৰ সিং আৰু অধ্যাপক নোৰেম বিদ্যাসাগৰ সিং ।

যুৱ সাহিত্য বঁটা: 2023 বৰ্ষৰ মণিপুৰী ভাষাৰ বাবে সাহিত্য অকাডেমীৰ যুৱ বঁটা কবি পৰশুৰাম থিংগনামৰ গ্ৰন্থ মতমগী শ্বেৰেং 37 (কবিতা সংকলন)ক প্ৰদান কৰা হ’ব । ইয়াৰ বাবে গঠন হোৱা তিনিজনীয়া জুৰীৰ সদস্যসকলৰ ভিতৰত আছিল অধ্যাপক অৰুণা নাহকাপাম, অধ্যাপক ড৹ কে এইচ কুঞ্জো সিং আৰু শাৰচন্দ থিয়াম ।

বঁটা প্ৰদান কৰা হ’ব: 2017 চনৰ 1 জানুৱাৰীৰ পৰা 2021 চনৰ 31 ডিচেম্বৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰকাশিত কিতাপবোৰ অনা হৈছে এই বঁটাৰ আওতালৈ । বঁটা বিজয়ীসকলক এখন খোদিত তামৰ ফলক আৰু 50 হাজাৰ টকাৰ পুৰস্কাৰ ধন প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক: Manipur violence : মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পৈতৃক বাসগৃহত আক্ৰমণৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.