ETV Bharat / bharat

Delhi Pollution : চিন্তনীয় দিল্লীৰ প্ৰদূষণ, পৰ্যটন ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ

দিল্লীৰ বায়ুৰ সূচাংক বৃদ্ধি পাইছে । ফলস্বৰূপে প্ৰদূষণৰ স্তৰ উদ্বেগজনক হৈ পৰিছে । পৰ্যটকসকলেও দিল্লী এৰি হিমালয়ৰ পাৰ্শ্বৱৰ্তী স্থানলৈ ভ্ৰমণ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 2:11 PM IST

Delhi Pollution
ভয়ংকৰ হৈছে দিল্লীৰ প্ৰদূষণ, পৰ্যটন ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ

নেশ্যনেল ডেস্ক,৫ নৱেম্বৰ : প্ৰতিবছৰৰ দৰে এইবাৰো দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে । প্ৰদূষণে জনজীৱন প্ৰভাৱিত কৰা দেখা গৈছে । বায়ু সূচাংকই ইতিমধ্যে গুৰুতৰ ৰূপ লৈছে । দিল্লীৰ পৰ্যটকসকলো যথেষ্ট প্ৰভাৱিত হোৱা দেখা গৈছে । দিল্লীৰ পৰিৱেশ ধুঁৱলি-কুঁৱলি হৈ পৰিছে । যাৰবাবে বহু পৰ্যটকে সুস্থ পৰিৱেশৰ সন্ধানত দিল্লীৰ পৰা চিমলালৈ যোৱা দেখা গৈছে ।

একাংশ পৰ্যটক হৰিদ্বাৰৰ দৰে ঠাইলৈ ভ্ৰমণ কৰা দেখা গৈছে । দিল্লীত উশাহ-নিশাহত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ লগে লগে একাংশ পৰ্যটকে নাইনিতাললৈ ভ্ৰমণ কৰিছে । চফৰ ইণ্ডিয়াৰ মতে এখন চহৰৰ সামগ্ৰিক একিউআই বা বায়ুৰ সূচাংক যদি ১৪৫ হয় তেনেহ'লে তাক মধ্যমীয়া বুলি কোৱা হয় । বায়ুৰ সূচাংক 'মধ্যমীয়া' শ্ৰেণীত থাকিলে লোকসকলক দীঘলীয়া সময়ৰ বাবে বাহিৰত নাথাকিবলৈ পৰামৰ্শ দিয়া হয় ।

কিন্তু দিল্লীত বায়ুৰ সূচাংক গুৰুতৰ শ্ৰেণীত আছে । দিল্লীৰ বাসিন্দাসকলে দেওবাৰে পুৱা কুঁৱলীৰ ডাঠ আৱৰণৰ সাক্ষী হৈছে । বায়ুৰ সূচাংক বৃদ্ধিৰ লগে লগে উশাহ-নিশাহৰ সমস্যা আৰু চকুত জ্বলা-পোৰা কৰাৰ দৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে লোকসকল । এনে পৰিস্থিতিত পুৱা খোজ কাঢ়িবলৈ অহা লোকৰ সংখ্যাও হ্ৰাস পাইছে ।

দিল্লী-এনচিআৰত বৰ্ধিত বায়ু প্ৰদূষণৰ মাজতে পৰিৱেশবিদ বিমলেণ্ডু ঝাই দিল্লী এনচিআৰৰ পৰিস্থিতি ভয়ানক বুলি বৰ্ণনা কৰিছে । তেওঁ পৰিস্থিতি উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিছে । নিৰ্মাণকাৰ্য, আতচবাজীৰ ব্যৱহাৰৰ ওপৰত প্ৰতিবন্ধকতাৰ দৰে পদক্ষেপ গ্ৰহণৰো তেওঁ পৰামৰ্শ দিছে ।

দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানীৰ চিৰিয়াখানাত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কৰ্তৃপক্ষই জন্তুৰ গঁৰালত সঘনাই পানী ছটিয়াবলৈ আৰম্ভ কৰিছে । দিল্লীত প্ৰদূষিত বায়ুৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ পশুবোৰক মাল্টিভিটামিন থকা আহাৰো দিয়া হৈছে ।

লগতে পঢ়ক :WORLD CUP 2023: ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাই সমস্যাত পেলাইছে বাংলাদেশ ক্ৰিকেট দলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.