ETV Bharat / bharat

ওনাম উপলক্ষে দুৱাৰ মুকলি হ’ল সবৰীমালা মন্দিৰৰ - ওনাম এক কৃষিভিত্তিক উৎসৱ

ওনাম উপলক্ষে 6 ছেপ্তেম্বৰৰ বিয়লি 5 বজাৰ পৰা 10 ছেপ্টেম্বৰলৈ ভক্তৰ বাবে খোলা হ’ব সবৰীমালা শ্ৰীধৰ্ম শাস্ত মন্দিৰ (Sabarimala Sreedharma Shastha Temple)৷ ২০২২ চনৰ ৩০ আগষ্টৰ পৰা ২০২২ চনৰ ৮ ছেপ্টেম্বৰলৈ এসপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে এই উৎসৱ ৷

Sabarimala Sreedharma Shastha Temple
Sabarimala Sreedharma Shastha Temple
author img

By

Published : Sep 6, 2022, 4:09 PM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালীসকলে(Malayali) অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিছে ওনাম উৎসৱ (Onam Festival celebrated)৷ ২০২২ চনৰ ৩০ আগষ্টৰ পৰা ২০২২ চনৰ ৮ ছেপ্টেম্বৰলৈ এসপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে এই উৎসৱ ৷ ওনাম উপলক্ষে 6 ছেপ্তেম্বৰৰ বিয়লি 5 বজাৰ পৰা 10 ছেপ্টেম্বৰলৈ ভক্তৰ বাবে খোলা হ’ব সবৰীমালা শ্ৰীধৰ্ম শাস্ত মন্দিৰ (Sabarimala Sreedharma Shastha Temple)৷

ওনাম উপলক্ষে উথ্ৰাদা দিৱসৰ পৰা চতয়াম দিৱসলৈ ভক্ত সকলৰ বাবেও ওনাম ভোজৰ ব্যৱস্থা কৰা হ’ব ৷ মন্দিৰ খোলা থকা দিনকেইটাত উদয়স্তমায় পূজা, অষ্টভিষেক, কলাশভিষেক, পদীপূজা আৰু পুষ্পাভিষেক অনুষ্ঠিত কৰা হ’ব ৷ 10 ছেপ্টেম্বৰৰ নিশা 10 বজাত হৰিভাৰাসনম গাই তিৰুণাদা অৰ্থাৎ মন্দিৰৰ দুৱাৰ পুনৰ বন্ধ কৰা হ'ব।

ওনাম এক কৃষিভিত্তিক উৎসৱ । কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয় । ওনাম কেৰালা আৰু কেৰালাৰ বাহিৰৰ বসবাস কৰা মালয়ালী লোকসকলৰ বাবে মুখ্য বাৰ্ষিক অনুষ্ঠান । ই একপ্ৰকাৰৰ শস্য চপোৱাৰ উৎসৱ । এই উৎসৱ কেৰালাৰ বিষু আৰু থিৰুভাথিৰাৰ সৈতে তিনিটা মুখ্য উৎসৱৰ ভিতৰত অন্যতম ।

আনহাতে মন্দিৰত ভক্তসকলে দৰ্শনৰ বাবে ভাৰ্চুৱেল কিউ চিষ্টেম ব্যৱহাৰ কৰিব লাগিব (virtual queue system for darshan)। নীলকলত ভক্তৰ বাবেও স্পট বুকিং কাউণ্টাৰ স্থাপন কৰা হৈছে ৷ অৱশ্যে বেয়া বতৰৰ বাবে পাম্বা স্নানামৰ বাবে কোনো অনুমতি নাই ৷

ওনামৰ এই পবিত্ৰ উৎসৱ এটা দানৱৰ নামত উৎসৰ্গিত । দৰাচলতে এই উৎসৱটি দানৱৰ বাবে উৎসৰ্গিত কাৰণ ইয়াত যদি দেৱতাৰ পূজা কৰা হয় তেন্তে তেওঁলোকৰ লগতে দানৱকো পূজা কৰা হয় । ওনাম মালয়ালীসকলৰ নৱবৰ্ষৰ দিন ।

লগতে পঢ়ক: Onam 2022: দক্ষিণ ভাৰতৰ কেৰালাৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ ওনামৰ বিষয়ে জানক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.