ETV Bharat / bharat

মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱানক বিদায় সম্ভাষণ ৰাছিয়ান ৰাষ্ট্ৰদূতৰ

সোমবাৰে ৰাছিয়ান দূতাবাসত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ প্ৰশিক্ষণৰ বাবে মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱান সকলক বিদায় সম্ভাষণ জনোৱা হয় ৷

author img

By

Published : Jan 20, 2021, 9:48 AM IST

মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱানক বিদায় সম্ভাষণ ৰাছিয়ান ৰাষ্ট্ৰদূতৰ
মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱানক বিদায় সম্ভাষণ ৰাছিয়ান ৰাষ্ট্ৰদূতৰ

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী: S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ প্ৰশিক্ষণৰ বাবে মস্কোলৈ যোৱা ভাৰতীয় বায়ু সেনাৰ জোৱান সকলক সোমবাৰে ৰাছিয়ান দূতাবাসত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বিদায় সম্ভাষণ জনোৱা হয় ৷ এক বিভাগীয় বিবৃতিত জনোৱা মতে,প্ৰশিক্ষণৰ সময়ত 8 জনকৈ জোৱানে অতি দুৰ্গম অঞ্চললৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷

ৰাছিয়ান ৰাষ্ট্ৰদূত নিকোলাই আৰ কুদাশেভে আৰম্ভণী ভাষণত কয় যে,ভাৰত আৰু ৰাছিয়াৰ মাজত এই প্ৰশিক্ষণৰ জৰিয়তে এক দ্বিপাক্ষিক বন্ধুত্ব গঢ়াত বিশেষ অৰিহণা যোগাব ৷ সামাজিক আৰু সামৰিক সহযোগিতাৰ বাবে এই প্ৰশিক্ষণে অন্যতম প্ৰধান কাৰণ হৈ পৰিব ৷ ইফালে,অনুষ্ঠানটিত এক বন্ধুত্ব পূৰ্ণ পৰিৱেশত অংশগ্ৰহণকাৰী সকলক ৰাছিয়ান ৰাষ্ট্ৰদূতে দূতাবাসৰ আলেকজেণ্ডাৰ এম কাডাকিন সংগ্ৰাহালয় দৰ্শন কৰায় ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ 6লাখ হিতাধিকাৰীলৈ PMAY-G আঁচনিৰ আৰ্থিক সাহাৰ্য প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.