ETV Bharat / bharat

জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ ৰাছিয়াক - Biden's

২০ জানুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ ৰাছিয়াক । ৱাছিঙটন ডি চিৰ ৰাছিয়া ৰাষ্ট্ৰদূত এনাটলী অন্তোনোভ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা ।

জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ ৰাছিয়াক

author img

By

Published : Jan 12, 2021, 4:59 PM IST

নিউজ ডেস্ক , ১২ জানুৱাৰী : ২০ জানুৱাৰীত অনুষ্ঠিত হ'ব জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানৰ । এই অনুষ্ঠানত বিভিন্ন দেশৰ প্ৰতিনিধিসকল উপস্থিত থকাকলৈ বিভিন্ন মহলত চৰ্চা চলি আছে । কোন কোন বিশিষ্ট ব্য়ক্তিৰ এই অনুষ্ঠানলৈ আগমন হ'ব তাৰ চৰ্চা চলি থকাৰ মাজতে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিলে ৰাছিয়াই । আমেৰিকা আৰু ৰাছিয়াৰ কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্য়ে ৰাষ্ট্ৰদূত অন্তোনোভ উপস্থিত থকাৰ কথা স্পষ্ট কৰিলে কৰ্তৃপক্ষই ।

অৱশ্য়ে এই অনুষ্ঠানত বিদেশী প্ৰতিনিধিৰ অংশগ্ৰহণ বিষয়টো নিশ্চিত নহয় যদিও বিগত বছৰৰ নৱেম্বৰ মাহতে ক্ৰেমলিনৰ প্ৰবক্তাই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ৰাষ্ট্ৰদূত অন্তোনোভ উপস্থিত থকাৰ কথা স্বীকাৰ কৰিছিল ।

উল্লেখ যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনেও টেলিগ্ৰাম পঠিয়াই অভিনন্দন জনাইছিল জ' বাইডেনক ।

লগতে পঢ়ক :5 বজাত গুৱাহাটী পাব কোভিড-19 প্ৰতিষেধক কঢ়িয়াই অনা বিশেষ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.