আগৰতলা, 12 জুন: ত্ৰিপুৰাৰ শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টি(Bharatiya Janata Party)ৰ প্ৰতি আনুগত্য থকা দুৰ্বৃত্তৰ এটা দলে বৃহস্পতিবাৰে দক্ষিণ ত্ৰিপুৰা জিলা(South Tripura district)ৰ অন্তৰ্গত হৰিশ্যমুখ খণ্ড উন্নয়ন কাৰ্যালয়ৰ ভিতৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷ দুৰ্বৃত্তৰ দলটোৱে কাৰ্যালয়ত তাণ্ডৱ চলাই কাৰ্যালয়ৰ পৰা প্ৰায় ১৭ খন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবেদন পত্ৰ লুটি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাৰ পাছত উন্নয়ন খণ্ডৰ বিষয়াসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷ ইফালে খণ্ড উন্নয়ন বিষয়া জয়ন্ত দেৱে আশংকা ব্যক্ত কৰি কয় যে, এনে ধৰণৰ ঘটনাই অঞ্চলটোৰ চৰকাৰী কাৰ্যালয়সমূহৰ স্বাভাৱিক কাম-কাজত বাধাৰ সৃষ্টি কৰিব ।
দক্ষিণ ত্ৰিপুৰা জিলাৰ উপায়ুক্তলৈ লিখা এক পত্ৰত দেৱে উল্লেখ কৰে যে, হৰিশ্যমুখ গাঁও পঞ্চায়ত(Hrishyamukh Block office)ৰ উপ প্ৰধান দেৱব্ৰত সৰকাৰ আৰু পঞ্চায়ত সমিতিৰ সদস্য তপন ৰক্ষিতৰ সহায়ত একাংশ দুৰ্বৃত্তই কাৰ্যালয়ত হুলস্থুলৰ সৃষ্টি কৰে আৰু লগতে প্ৰাপ্তি আৰু প্ৰেৰণ শাখাত উপস্থিত বিষয়াজনক আবেদন পত্ৰ দিবলৈ বাধ্য কৰায় । কিন্তু যেতিয়া বিষয়াসকলে নিয়মাৱলী উল্লেখ কৰি এই কাৰ্য কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁলোকক দুৰ্বৃত্তৰ দলটোৱে ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে ।
জানিব পৰা মতে, ইতিমধ্যে একাংশ দুৰ্বৃত্তক চিনাক্ত কৰা হৈছে যদিও বহু দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নগ'ল ৷ পত্ৰযোগে এই কথা সদৰী কৰিছে খণ্ড উন্নয়ন বিষয়া জয়ন্ত দেৱে । লগতে বিষয়াগৰাকীয়ে সকলো কৰ্মচাৰীৰ সঠিক সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক অনুৰোধ জনায় ৷
লগতে পঢ়ক: ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিব ত্ৰিপুৰা চৰকাৰে