ETV Bharat / bharat

RSS headquarters recce case : চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত ৪ সন্ত্ৰাসবাদী - ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ নজৰ

নাগপুৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ নজৰ (Terrorist conducted recce of RSS Headquarter)। ঘটনা সন্দৰ্ভত ৪ সন্ত্ৰাসবাদীক শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ । সন্ত্ৰাসবাদী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ ।

RSS headquarters recce case
আৰক্ষীৰ জালত ৪ সন্ত্ৰাসবাদী
author img

By

Published : Jan 9, 2022, 1:20 PM IST

নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : সন্ত্ৰাসবাদীৰ লক্ষ্য নাগপুৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় । শেহতীয়াকৈ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়কে ধৰি কেইবাটাও স্থানত পাকিস্তানী সন্ত্ৰাসবাদী জৈইচ-ই-মহম্মদে অনুসন্ধান চলাইছে (Terrorist conducted recce of RSS Headquarter) । এই তথ্য আৰক্ষীয়ে লাভ কৰাৰ লগে লগে নাগপুৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ৪ গৰাকীকৈ সদস্য । শ্ৰীনগৰৰ পৰা জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী কেইটাক । তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

RSS headquarters recce case
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়

নাগপুৰ আৰক্ষী আয়ুক্ত অমিতেষ কুমাৰে জনোৱা মতে, তেওঁলোকে আৰএছএছ কাৰ্যালয় আৰু নাগপুৰৰ বিভিন্ন স্থানত অনুসন্ধান চলাইছিল । নাগপুৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠনৰ এই কু-অভিসন্ধিৰ কথা গম পোৱাৰ পাছতে তদন্ত আৰম্ভ কৰিছিল ।

তদন্তৰ মাজতে এজন যুৱকক আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল । জানিব পৰা মতে যুৱকজনে জম্মু-কাশ্মীৰৰ পৰা নাগপুৰলৈ ২০২১ চনত দুদিনৰ বাবে আহিছিল । সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.