ETV Bharat / bharat

ভাৰতীয় ৰেলৱে'ৰ পৰা আটক 14 ৰোহিংগীয়া

author img

By

Published : Nov 26, 2020, 8:57 PM IST

বিগত 24 নৱেম্বৰত আলিপুৰদুৱাৰস্থিত ৰেলৱে' সুৰক্ষা বাহিনীৰ আৰপিএফ সুৰক্ষা কন্ট্ৰ’ল কক্ষই নং 02501 আগৰতলা-নিউ দিল্লী স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছৰ ডবা নং বি-10 ৰ পৰা কিছুসংখ্যক ৰেলযাত্ৰীয়ে দু-ব্যৱহাৰৰ বিষয়ে উক্ত ডবাটোতে থকা এজন সচেতন ৰেলযাত্ৰীয়ে সুৰক্ষা হেল্পলাইন নম্বৰ 182 যোগে অভিযোগ দিয়াৰ ভিত্তিতে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৰোহিংগীয়াসকলক ৷

Rohingyas arrested Railway Police at Jalpaiguri
ভাৰতীয় ৰেলৱে পৰা 14 গৰাকী ৰোহিংগা সম্প্ৰদায়ৰ লোকক কৰায়ত্ত

নিউজ ডেস্ক, 26 নৱেম্বৰঃ ভাৰতীয় ৰেলৱে' পৰা 14 গৰাকী অবৈধ বিদেশী নাগৰিকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ৰেলৱে' আৰক্ষী ৷ উল্লেখযোগ্য যে, বিগত 24 নৱেম্বৰত আলিপুৰদুৱাৰস্থিত ৰেলৱে' সুৰক্ষা বাহিনীৰ আৰপিএফ সুৰক্ষা কন্ট্ৰ’ল কক্ষই নং 02501 আগৰতলা-নিউ দিল্লী স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছৰ ডবা নং বি-10 ৰ পৰা কিছুসংখ্যক ৰেলযাত্ৰীয়ে দু-ব্যৱহাৰৰ বিষয়ে উক্ত ডবাটোতে থকা এজন সচেতন ৰেলযাত্ৰীয়ে সুৰক্ষা হেল্পলাইন নম্বৰ 182 যোগে অভিযোগ দিয়ে ৷ ইপিনে অভিযোগ লাভ কৰিয়েই আলিপুৰদুৱাৰৰ ৰেলৱে' সুৰক্ষা বাহিনীৰ আৰক্ষী বিষয়াই কাটিহাৰা ডিভিজনৰ অধীনৰ নিউ জলপাইগুড়িস্থিত তেওঁলোকৰ সহযোগী বিষয়াক ঘটনাটো অৱগত কৰে কিয়নো ৰেলখনৰ পৰৱৰ্তী ষ্টপেজ আছিল নিউ জলপাইগুড়ি ৷

আনহাতে, ৰেলখন জলপাইগুড়িত উপস্থিত হোৱাৰ লগে লগে ৰেলৱে' সুৰক্ষা বাহিনী আৰু জিআৰপিৰ বিষয়া আৰু কৰ্মচাৰীয়ে তৎপৰতাৰে অনুসন্ধান কৰে ৷ ৰেলখনৰ টিএছ বিষয়াই বদৰপুৰৰ পৰা উক্ত ৰেলখনত যাত্ৰা কৰা 14 গৰাকীকৈ ৰেলযাত্ৰীক ধৰা পেলাবলৈ সক্ষম হয় ৷ আটক কৰা লোক কেইগৰাকীৰ হাতত ভাৰতীয় নাগৰিকৰূপে চিনাকি দিবলৈ কোনো ধৰণৰ নথি-পত্ৰ হাতত নাছিল ৷ ইপিনে তেওঁলোকে ৰেলত যাত্ৰা কৰা টিকটসমূহ ভূৱা নামত প্ৰস্তুত কৰি ভ্ৰমণ কৰিছিল বুলি ৰেলৱে' আৰক্ষীয়ে উল্লেখ কৰে ৷

ইপিনে ৰেলৱে' আৰক্ষীয়ে আটাইকেইগৰাকী লোককে ৰেলৰ পৰা নমাই নিউ জলপাইগুড়ীস্থিত জিআৰপি থানালৈ নি সোধাপোছা অব্যাহত ৰখাৰ সময়তে তেওঁলোক বাংলাদেশৰ কক্স বাজাৰস্থিত শৰণাৰ্থী শিৱিৰৰ পৰা পলাই ভাৰতত প্ৰৱেশ কৰিছিল বুলি জনায় ৷ সম্প্ৰতি বিদেশী সংশোধন আইনৰ ধাৰা 14A ৰ অধীনত নং.244/20ত নিউ জলপাইগুড়িৰ জিআৰপিয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ৰেলৱে' আৰক্ষীয়ে কৰায়ত্ত কৰা ব্যক্তি কেইগৰাকী ৰোহিংগীয়া সম্প্ৰদায়ৰ বুলি ধাৰণা কৰিছে ৷ লগতে আটকাধীন ব্যক্তি কেইগৰাকীক 25 নৱেম্বৰত দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাৰ পিছতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ যোৰহাটত আৰক্ষীৰ জালত তথাকথিত সংগঠনৰ প্ৰবঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.