সম্ভৱতঃ প্ৰতিটো যাত্ৰাৰেই চাগে পথত কোনো বাধা বিঘিনিৰ সন্মুখীন নোহোৱাকৈ গন্তব্যস্থান পোৱাৰ আশাৰেই আৰম্ভণি হয় ৷ অযুত আশাৰে আৰম্ভ হোৱা এনে কোনো যাত্ৰাতেই জীৱন যাত্ৰাৰ অন্ত পৰাটোতকৈ আৰু কিবা দুখজনক কথা থাকিব পাৰে নে ? দেশত সংঘতিত হৈ থকা পথ দূৰ্ঘটনাবোৰত লক্ষ লক্ষজনৰ প্ৰাণ হেৰুৱাৰ ফলত ভাঙি যোৱা পৰিয়ালবোৰলৈ লক্ষ্য কৰিলে বুজিব পাৰি যে দেশত পথ সুৰক্ষা এতিয়া এক কল্পিত কাহিনীত পৰিণত হৈছে ৷
অলপতে অন্ধ্ৰ প্ৰদেশৰ প্ৰসিদ্ধ পৰ্যটনথলী অৰাকু ভেলীৰ পৰা উভতি অহাৰ সময় বিশাখাপট্টনমৰ ওচৰৰ বিপজ্জনক পথ এটাৰ কেঁকুৰি এটাৰে পাৰ হ’বলৈ চেষ্টা কৰি থকাৰ অৱস্থাত বাছ এখন ২০০ ফুট দ খাৱৈ এটাত বাগৰি পৰে ৷ যাৰ ফলত ২০ জন লোক ঘটনাস্থলিতে নিহত হয় আৰু আনসকলক তেনেই সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় ৷ এই ঘটনাই পথ সুৰক্ষাৰ ফোপোলা স্বৰূপটো পুনৰ উজাগৰ কৰি দিছে ৷
উল্লেখ্য যে, ভুক্তভোগী সকল আহিছিল তেলেংগানাৰ পৰা ৷ ইয়াৰ ঠিক পাচতেই অন্ধ্ৰ প্ৰদেশৰেই কুৰ্ণুল জিলাত সংঘতিত হোৱা আন এক পথ দূৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু হয় ৷ যোৱা মাহত কৰ্ণাটকত হোৱা আন এক পথ দুৰ্ঘটনাই আন ১৩ জনী ছোৱালীৰ প্ৰাণ কাঢ়ি নিয়ে ৷ আনহাতে, গুজৰাটৰ এক দুৰ্ভাগ্যজনক ঘটনা এটাত শুই থকা অৱস্থাত ১৫ জন শ্ৰমিকক তীব্ৰ বেগী গাড়ী এখনে মহটিয়াই নিয়ে ৷ এই দুৰ্ভাগ্যজনক ঘটনাটোৰ শোক মাৰ নৌযাওতেই দেশবাসী আন এক হিয়া বিদাৰক ঘটনাৰ সাক্ষী হ’ব লগীয়া হয় ৷ পশ্চিম বংগত সংঘতিত এই পথ দুৰ্ঘটনাটোত ১৪ লোকৰ মৃত্যু ঘটে ৷ এনে ধৰণৰ পথ দুৰ্ঘটনাৰ তালিকাখন কৈ শেষ কৰিব নোৱাৰি ৷
দেশত প্ৰত্যেক দিনাই বিভিন্ন স্থানবোৰত সংঘতিত হৈ থকা পথ দুৰ্ঘটনাবোৰত গড়ে ৪১৫ জন লোকৰ মৃত্যু ঘটে ৷ একেদৰেই এই দুৰ্ঘটনাবোৰত বছৰি চাৰে তিনি লাখতকৈও অধিক লোকে শাৰীৰিক পংগুত্বক আকোৱালি ল’ব লগাত পৰে ৷ কিন্তু ভাৰতবাসীয়ে সমগ্ৰ বিশ্বত ব্যৱহাৰ হোৱা বাহন সমূহৰ মাত্ৰ এক শতাংশ বাহনহে ব্যৱহাৰ কৰে ৷ তৎস্বত্বেও ইয়াত বিশ্বৰ ৬ শতাংশ পথ দুৰ্ঘটনা সংঘতিত হয় ৷ আনহাতে বিশ্বৰ তুলনাত ভাৰতবৰ্ষৰ পথ দুৰ্ঘটনাবোৰত নিহত সকলৰ হাৰ হ’ল ১১ শতাংশ ৷
পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আৰু জাপানক একে পথেৰেই পথিক বুলিব পাৰি ৷ তথাপি, জাপানত বছৰি হোৱা পথ দুৰ্ঘটনা সমূহত ৫ হাজাৰতকৈও কম লোক নিহত হয় ৷ আনহাতে ইয়াৰ বিপৰীতে ভাৰতত সংঘতিত পথ দুৰ্ঘটনা সমূহত বছৰি ডেৰ লক্ষাধিক লোক মৃত্যু মুখত পৰিব লগা হয় ৷ ৩২ বছৰৰ পূৰ্ৱেই পথ সুৰক্ষা সপ্তাহ পালন কৰাৰ ৰীতিৰ আৰম্ভণি হৈছিল ৷ কিন্তু নাগৰিকৰ জীৱনৰ অধিকাৰৰলৈ এক বৃহৎ প্ৰশ্ন থিয় কৰি এই সময় চোৱাত পথ দুৰ্ঘটনাবোৰত মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচ গুণলৈ বৃদ্ধি পায় ৷ কেন্দ্ৰই পথ দুৰ্ঘটনাক ক’ভিডতকৈও ভয়াবহ বুলি চিহ্নিত কৰিছে ৷ কিন্তু চৰকাৰে এই ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে নে ?
ৰাষ্ট্ৰ সংঘই ২০১১ চনৰ পৰা ২০২০ চনলৈকে, এই দশকটোক পথ দুৰ্ঘটনাক নিৰ্মূলকৰণৰ দশক হিচাপে ঘোষণা কৰিছে ৷ এই দশকটোত সন্থাটোৱে সমগ্ৰ বিশ্বজুৰি পথ দুৰ্ঘটনাৰ প্ৰায় ৫০ লক্ষাধিক সাম্ভাৱ্য ভুক্তভোগীৰ জীৱন ৰক্ষা কৰাৰ লক্ষ্য ঠিৰাং কৰিছে ৷ ২০১৫ চনৰ ব্ৰাছিলিয়া ঘোষণা পত্ৰত ঘোষণা কৰিছিল যে তেওঁলোকে ২০২০ চনৰ ভিতৰত পথ দুৰ্ঘটনা সমূহত নিহত হোৱা লোকৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ কিন্তু এই লক্ষ্য লক্ষ্য হয়েই ৰ’ল ৷ এই সময় চোৱাত দেশখনে পথ দুৰ্ঘটনা সমূহত প্ৰায় ১৩ লাখ লোকক হেৰুৱায় আৰু সেই একে সময়খিনিতে ৫০ লক্ষ লোকক শয্যাশায়ী অৱস্থালৈ লৈ যায় ৷
দেশৰ পথ সমূহৰ মাত্ৰ ৫ শতাংশ অধিকাৰ কৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাই পথ সমূহত শতকৰা ৬১ শতাংশতকৈও অধিক পথ দুৰ্ঘটনা সংঘতিত হয় ৷ আনহাতে মৃতক সকলৰ ভিতৰত ১৮ ৰ পৰা ৪৫ বছৰ বয়সীয়া লোকৰ হাৰ হ’ল ৭০ শতাংশ ৷ পথ দুৰ্ঘটনা সমূহে ভাৰতীয় সমাজ ব্যৱস্থাত পেলোৱা প্ৰভাৱৰ বিষয়ে অৱগত হোৱাৰ উদ্দেশ্যে বিশ্ব বেংকে এক অধ্যয়ন চলাইছিল ৷ এই অধ্যয়নত প্ৰকাশ পাইছিল যে ৭৫ শতাংশ দৰিদ্ৰ পৰিয়ালে পথ দুৰ্ঘটনা সমূহৰ ফলত হঠাতে আয়ৰ পথ হেৰুৱাব লগীয়াত পৰিছে ৷ এই পথ দুৰ্ঘটনা সমূহে দেশৰ জি ডি পিৰ প্ৰায় ৭ লাখ কোটি টকাৰ লোকচান সাধন কৰিছে ৷ এনেবোৰ কাৰণতেই পথ দুৰ্ঘটনাক উলাই কৰিব নোৱাৰি ৷
বিশেষজ্ঞ সকলে মত পোষণ কৰিছে যে প্ৰযুক্তি, সচেতনতা বৃদ্ধি, আইন বলৱৎ কৰাৰ ক্ষেত্ৰত কঠোৰতা অৱলম্বন তথা বিভিন্ন সুৰক্ষা উপায় সমূহ বাস্তৱায়িত নকৰালৈকে পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক ফলাফল পোৱা নাযাব ৷ অত্যাধিক গতিক ইয়াৰ মূল কাৰণ হিচাপে চিহ্নিত কৰা হৈছে ৷ ঠিক সেইদৰেই চালক সকলৰ মাজত বিজ্ঞানসন্মত সচেতনতা বৃদ্ধি কৰিব লাগিব, ভয়াবহ কেঁকুৰিবোৰক ব্যৱহাৰৰ বাবে সুচল হোৱাকৈ নিৰ্মাণ কৰিব লাগিব ৷ ৰাষ্ট্ৰীয় ঘাই পথবোৰৰ কাষত অৱস্থিত সুৰাৰ বিপণিবোৰ বন্ধ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ ৷
সুৰক্ষিত যাত্ৰা তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া চৰকাৰ আৰু নাগৰিক সকলৰ সহযোগীতাত পথ সুৰক্ষা এক সামাজিক দায়বদ্ধতালৈ ৰূপান্তৰিত হ’ব ৷
লগতে পঢ়ক-মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাঃ 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ