নিউজ ডেস্ক, 17 জানুৱাৰী : পথ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু ভাৰতত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে সোমবাৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উদ্বোধন কৰা হ’ব ৷ মাহজোৰ পথ সুৰক্ষাৰ কাৰ্যক্ৰমণিকাৰ অধীনত এই সময়ছোৱাত পথ সুৰক্ষাৰ ওপৰত এখন চলচিত্ৰ মুকলি কৰাৰ লগতে ৱাঘা সীমান্তৰ পৰা কন্যাকুমাৰীলৈ সুৰক্ষিত গতি প্ৰত্যাহ্বানৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা মুকলি কৰাৰ উপৰি পথ সুৰক্ষাৰ বিষয়ত বঁটা প্ৰদান কৰা হ’ব ।
দিল্লীৰ বিজ্ঞান ভৱনত সোমবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব । উদ্ধোধনী অনুষ্ঠানৰ পাছতেই ৰাজ্য চৰকাৰ, ব্যক্তিগত খণ্ড আৰু বীমা কোম্পানীয়ে চেমিনাৰ, ৱাকাথন, পোষ্টাৰ বনোৱা প্ৰতিযোগিতাৰ লগত বিভিন্ন সজাগতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । উদ্ধোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং আৰু নীতি আয়োগৰ কাৰ্যবাহী পৰিচালন সঞ্চালক অমিতাভ কান্তে অংশগ্ৰহণ কৰিব ।
লগতে পঢ়ক : ভূপালত জৰুৰীকালীনভাবে অৱতৰণ ইণ্ডিগ’ বিমান