ETV Bharat / bharat

RJD Twit on Sengol : ছেংগোল বিতৰ্কত নতুন ইন্ধন আৰজেডিৰ; হিন্দী ছবিৰ লাঠিৰ ফটোৰে তুলনা কৰি টুইট

author img

By

Published : May 30, 2023, 5:15 PM IST

নতুন সংসদ ভৱনত স্থাপন কৰা ছেংগোল সন্দৰ্ভত আৰজেডিয়ে এটা বিতৰ্কিত টুইট কৰিছে । যাৰ ফলত বিহাৰত ৰাজনৈতিক উত্তেজনাও বৃদ্ধি পাইছে (RJD controversial twit on sengol) । আনহাতে, বিজেপিয়েও আৰজেডিৰ টুইটৰ প্ৰত্যুত্তৰ দিছে ।

RJD Twit on Sengol
RJD Twit on Sengol

নিউজ জেস্ক, ৩০ মে' : নতুন সংসদ ভৱনৰ আকাৰক কফিনৰ সৈতে তুলনা কৰাৰ ঠিক এদিন পিছতে ৰাষ্ট্ৰীয় জনতা দলে এইবাৰ ছেংগোল সন্দৰ্ভত আন এক বিতৰ্কৰ সৃষ্টি কৰিছে (RJD controversy on new parliament building) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনত ছেংগোল স্থাপন কৰাক লৈ এই বিতৰ্কিত টুইট কৰিছে । আৰজেডিয়ে ১৯৮৭ চনৰ জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ 'লোহা'ৰ এখন ফটো টুইট কৰিছে । ফটোখনত খলনায়ক শ্বেৰা সিঙৰ চৰিত্ৰত অভিনয় কৰা প্ৰয়াত অভিনেতা অমৰীশ পুৰীয়ে হাতত এডাল ধাতুৰ লাঠি লৈ থকা দেখা গৈছে (RJD controversial twit on sengol) ।

  • क्या आपने हाल-फिलहाल यह फिल्म देखी है जिसमें एक बहुत बड़े कलाकार हाथ में कुछ जानी-पहचानी वस्तु पकड़े हुए है?

    कलाकार एवं फिल्म का नाम बताने की कृपया करें। pic.twitter.com/jqwO2M5b7E

    — Rashtriya Janata Dal (@RJDforIndia) May 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আৰজেডিয়ে টুইটাৰত অমৰীশ পুৰীৰ ফটোখনৰ সৈতে লিখিছে, "আপুনি এই ছবিখন এতিয়া চাইছে নেকি ? যিখন ছবিত এগৰাকী বিখ্যাত অভিনেতাই তেওঁৰ হাতত কিবা এটা চিনাকি বস্তু ধৰি আছে ? অনুগ্ৰহ কৰি শিল্পীজনৰ নাম আৰু চলচ্চিত্ৰখন কওক ।" উল্লেখ্য যে ধৰ্মেন্দ্ৰ, শত্ৰুঘ্ন সিনহা, অমৰীশ পুৰী আৰু কৰণ কাপুৰ অভিনীত 'লোহা' ১৯৮৭ চনৰ জানুৱাৰীত ছবিগৃহত মুক্তি দিয়া হৈছিল । অৱশ্যে আৰজেডিয়ে এই ছবিখনক আন কোনো কাৰ্যসূচীৰ সৈতে তুলনা কৰা নাই । অৱশ্যে আৰজেডিয়ে অমৰেশ পুৰীয়ে ধৰি থকা এই দণ্ডডালক প্ৰধানমন্ত্ৰী মোদীয়ে স্থাপন কৰা ছেংগোলৰ সৈতে তুলনা কৰিছেনে নাই সেইটোও স্পষ্ট নহয় (RJD tweeted Movie stick similar to Sengol) ।

এইখিনিতে উল্লেখ কৰি থওঁ যে দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনৰ দিনা আৰজেডিয়ে সংসদ ভৱনক কফিনৰ সৈতে তুলনা কৰিছিল । ইয়াৰ ফলত সমগ্ৰ দেশতে আৰজেডি তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হয় । আনহাতে, আৰজেডিয়ে কফিনৰ ফটোখন শ্বেয়াৰ কৰাৰ পিছত বিজেপিয়েও আৰজেডিক তীব্ৰ আক্ৰমণ কৰে । বিহাৰ বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে কয় যে এই কফিনত ৰাইজে ২০২৪ আৰু ২০২৫ৰ নিৰ্বাচনত আৰজেডিক বন্ধ কৰি ৰাখিব । লগতে দলৰ কেইবাজনো নেতাই আৰজেডিৰ টুইটটোক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ।

কিন্তু উল্লেখনীয় কথাটো হৈছে, আৰজেডিৰ উক্ত টুইটটো ৩০ লাখ লোকে প্ৰত্যক্ষ কৰে আৰু প্ৰায় ৭০ হাজাৰে লাইক কৰে । ইয়াৰ মাজতে আৰজেডিয়ে অমৰীশ পুৰীৰ এই টুইট সন্দৰ্ভত ছেংগোলক অপমান কৰাৰ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে । বিজেপিয়েও এই টুইটটোৰ প্ৰত্যুত্তৰ দিছে । বিজেপিৰ মুখপাত্ৰ নিখিল আনন্দে আৰজেডিৰ এই টুইটটোৰ প্ৰত্যুত্তৰ দি লিখিছে, "বিহাৰৰ খলনায়ক আৰু তেওঁৰ দলটো আৰজেডিৰ এক গৰম এজেণ্ডা হৈ আহিছে । লাঠি উতলাওক আৰু তেল খাওক । কিন্তু হে মৰমৰ মূৰ্খসকল ! ছেংগোলৰ অৰ্থ লাঠি বা মুগদাৰ নহয় । প্ৰয়াত জনপ্ৰিয় শিল্পী অমৰীশ পুৰীক নিজৰ বিকৃত ৰাজনীতিৰ পৰা ৰেহাই দিয়ক । হনুমানজীৰ গদা ৰাম ভক্তসকলৰ বাবে শ্ৰদ্ধাৰ বস্তু ।"

  • बिहार के विलेन और उसकी टीम राजद का लुम्पेन एजेंडा रहा है लाठी भजावन और तेल पिलावन।

    लेकिन प्यारे मूर्खों! सेंगोल का मतलब लाठी या मुगदर नहीं है।

    अपनी सतही मसखरेबाजी वाली राजनीति के लिए दिवंगत लोकप्रिय कलाकार अमरीश पुरी को बख्श दो।

    राम भक्तों के लिए हनुमानजी की गदा ही पूजनीय है। https://t.co/pnTo0xbXci pic.twitter.com/DPPXLHfeBY

    — Nikhil Anand (@NikhilAnandBJP) May 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক :Centre policy on China : ৰাহুল গান্ধীক তীব্ৰ সমালোচনা সীতাৰমণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.