Del Monte Institute for Neuroscienceৰ গৱেষকসকলে প্ৰকাশ কৰিছে যে, যিসকল শিশুৱে Traumatic Brain Injuryৰ (TBI) সন্মুখীন অৰ্থাৎ মূৰত সামান্য আঘাতো যদি পাইছে তেন্তে তেনে শিশুৰ আৱেগিক আৰু আচৰণগত সমস্যা, অন্য শিশুসকল যিসকলে এই সমস্যাৰ সন্মুখীন হোৱা নাই সেই সকলৰ তুলনাত বহুগুণেই বেছি হয় (Risk of behavioral emotional issues in kids) ৷
NeuroImageত প্ৰকাশিত এক অধ্যয়নত 'এপিডেমিঅ'লজি প্ৰগ্ৰেমৰ(Epidemiology program) Ph.D প্ৰাৰ্থী তথা প্ৰথম লেখক ডেনিয়েল লোপেজে কয় যে, “মূৰত পোৱা এই আঘাতবোৰ অধ্যয়ন কৰাটো কঠিন কাৰণ ইয়াৰ বেছিভাগেই শিশুসকলে কেনেকৈ এই আঘাত পাইছিল সেই কথা মনত পেলোৱাৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া বাৰম্বাৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নহয়” ৷
গৱেষকসকলে Adolescent Brain Cognitive Development (ABCD) অধ্যয়নত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ শিশুৰ পৰা সংগ্ৰহ কৰা এম আৰ আই(MRI) আৰু আচৰণৰ তথ্য ব্যৱহাৰ কৰিছিল । তেওঁলোকে প্ৰকাশ কৰে যে, কম পৰিমাণেও Traumatic Brain Injury থকা শিশুসকলে আৱেগিক বা আচৰণগত সমস্যাৰ সম্ভাৱনা ১৫ শতাংশ বৃদ্ধি পায় (Emotional issues in kids) ।
প্ৰায় দহ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই আশংকা সৰ্বাধিক আছিল (Risk of behavioral in kids increases brain injury) । গৱেষকসকলে প্ৰকাশ কৰিছে যে, যিসকল শিশুৱে মূৰত আঘাত পোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা নাছিল সেইসকল শিশুৰ ক্ষেত্ৰতো সামান্য পৰিমাণে আচৰণ আৰু আৱেগিক সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায় ।
নেচনেল ইনষ্টিটিউট অৱ হেল্থ ABCDৰ অধ্যয়নৰ বাবে তথ্য সংগ্ৰহ কৰা ২১টা গৱেষণা স্থানৰ ভিতৰত ইউনিভাৰ্চিটি অৱ ৰচেষ্টাৰ মেডিকেল চেণ্টাৰ হৈছে অন্যতম । ২০১৭ চনৰ পৰা গ্ৰেটাৰ ৰচেষ্টাৰ অঞ্চলৰ ৩৪০ জন শিশুৱে ১০ বছৰীয়া এক অধ্যয়নৰ অংশ হিচাপে লৈছে যিয়ে ১১,৭৫০ শিশুক প্ৰাথমিক প্ৰাপ্তবয়স্ক জীৱনৰ মাজেৰে অনুসৰণ কৰি আছে । ইয়াত জৈৱিক বিকাশ, আচৰণ আৰু অভিজ্ঞতাই মগজুৰ পৰিপক্কতা আৰু তেওঁলোকৰ জীৱনৰ অন্যান্য দিশসমূহক কেনেদৰে প্ৰভাৱিত কৰে, য’ত শৈক্ষিক কৃতিত্ব, সামাজিক বিকাশ, আৰু সামগ্ৰিক স্বাস্থ্য আদিৰ ওপৰত প্ৰভাৱ পৰে, সেই বিষয়ৰ ওপৰত গৱেষণা কৰা হৈছিল ।
গৱেষকসকলে আশা প্ৰকাশ কৰিছে যে, ABCD ৰ অধ্যয়নৰ তথ্যই Traumatic Brain Injuryৰ ফলত হোৱা মানসিক স্বাস্থ্য আৰু মানসিক সমস্যাৰ প্ৰভাৱৰ ওপৰত ভৱিষ্যতে ভালদৰে প্ৰকাশ কৰিব ।
ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞানৰ সহযোগী অধ্যাপক তথা ABCD অধ্যয়নৰ সহ-প্ৰধান অনুসন্ধানকাৰী Ed Freedman, Ph.D য়ে কয় যে, "আমি জানো যে মানসিক স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি পোৱা আশংকাৰ সৈতে জড়িত মগজুৰ কিছুমান অংশ টিবিআইৰ সময়ত প্ৰভাৱিত হয় । Ed Freedmanয়েও এই অধ্যয়নৰ নেতৃত্ব দিছিল । "অধিক সময় আৰু তথ্যৰ সহায়ত আমি কম পৰিমাণেও Traumatic Brain Injuryৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে আৰু ভালদৰে বুজি পাম বুলি আশা কৰিছো ।"
লগতে পঢ়ক: কিদৰে স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে হাঁপানী ৰোগীয়ে: জানো আহক