ETV Bharat / bharat

আন এটা দশকৰ বাবে পৰিকল্পনা প্ৰস্তুত ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে আগন্তুক দশকৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ কম সময়ত মহাকাশ সংস্থাই ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপন যান চমুকৈ এছ এছ এল ভি, উপগ্ৰহ চিত্ৰৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি, চন্দ্ৰায়ন-3, প্ৰথমটো সৌৰ অভিযান আদিত্য-1 আৰু ভাৰতৰ প্ৰথমটো ডাটা ৰিলে চেটেলাইটৰ বিকাশ কৰিব ৷

author img

By

Published : Jan 2, 2021, 5:01 PM IST

আন এটা দশকৰ বাবে পৰিকল্পনা প্ৰস্তুত ইছৰোৰ
আন এটা দশকৰ বাবে পৰিকল্পনা প্ৰস্তুত ইছৰোৰ

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী : 2021 ত খোজ দি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে আগন্তুক দশকৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ ইয়াৰ ভিতৰত আছে এটা উচ্চ ক্ষমতা সম্পন্ন লিফ্ট ৰকেটৰ বিকাশ, পুনঃ ব্যৱহাৰযোগ্য উপগ্ৰহ উৎক্ষেপন যান, চেমি ক্ৰিয়’জেনিক ইঞ্জিণ আৰু অন্যান্য ৷

কম সময়ত মহাকাশ সংস্থাই ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপন যান চমুকৈ এছ এছ এল ভি, উপগ্ৰহ চিত্ৰৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি, চন্দ্ৰায়ন-3, প্ৰথমটো সৌৰ অভিযান আদিত্য-1 আৰু ভাৰতৰ প্ৰথমটো ডাটা ৰিলে চেটেলাইটৰ বিকাশ কৰিব ৷

ইছৰ’ৰ অধ্যক্ষ কে. চিভানে কয় যে, গগণায়ন কাৰ্যসূচীৰ অধীনত প্ৰথমখন মানৱবিহীন যান এইবছৰ এক সফলতাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ৷ তেওঁ নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তাত কয় যে, ইছৰোৰ সকলো কেন্দ্ৰই দশকজোৰা পৰিকল্পনা প্ৰস্তুত কৰাত সক্ৰিয় অৱদান আগবঢ়াইছে ৷

চিভানৰ মতে লিকুইড প্ৰ’পালচন চিষ্টেম চেন্টাৰে বহুপ্ৰতীক্ষিত উচ্চ ক্ষমতা সম্পন্ন চেমি ক্ৰিয়’জেনিক প্ৰ’পালচনৰ ক্ষমতা বৃ্দ্ধি কৰিব আৰু আশা কৰা হৈছে যে, জিঅ’ ষ্টেচনাৰী ট্ৰান্সফাৰ কক্ষপথলৈ প্ৰায় 5.5 টন ওজনৰ ভাৰতীয় ৰকেট আৰু অক্সিজেন-মিথেন প্ৰ’পালচন, গ্ৰীণ প্ৰ’পালচন আৰু ইলেক্ট্ৰিক প্ৰ’পালচন কঢ়িয়াই নিয়াৰ ক্ষমতা বৃ্দ্ধি কৰিব ৷ তেওঁ লগতে কয় যে, ইছৰো প্ৰ’পালচন কমপ্লেক্সে নতুন প্ৰ’পালচন চিষ্টেমৰ পৰীক্ষণৰ বাবে সা-সুবিধা সমূহ সাজু কৰা দৰকাৰ ৷

লগতে পঢ়ক : GMCH ৰ চিকিৎসক-নাৰ্চৰ দেহত পৰীক্ষণ ক’ৰণাৰ প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.