নেশ্য়নেল ডেস্ক, ৩১ জানুৱাৰী: বিহাৰৰ ভোজপুৰ জিলাৰ আৰাহত সংঘটিত হৈছে এক নৃশংস হত্য়াকাণ্ড (Brutally murdered at Arrah in Bihar)।কেইটামান দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পতিক । এই নৃশংস হত্য়াকাণ্ডৰ ঘটনাটো মঙলবাৰে পোহৰলৈ আহিছে । মৃত দম্পতিক মহেন্দ্ৰ সিং আৰু তেওঁৰ পত্নী পুষ্পা সিং বুলি চিনাক্ত কৰা হৈছে (Professor Mahendra Singh)। আৰক্ষী সূত্ৰই এই বিষয়ে উল্লেখ কৰি কয় যে এই হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছতেই দুৰ্বৃত্তই নিৰ্বিঘ্নে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি দুৰ্বৃত্তই তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল ।
৭০ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ সিঙে বীৰ কুঁৱৰ সিং বিশ্ববিদ্যালয়ৰ ডীন হিচাপে কাম কৰিছিল (Veer Kunwar Singh University)। আনহাতে,তেওঁৰ ৬৫ বছৰীয়া পত্নী পুষ্পা সিং আৰাহৰ মহিলা মহাবিদ্যালয়ৰ মনোবিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আছিল (Arrahs Mahila College)। অপৰাধীয়ে এই দম্পতিক তীক্ষ্ণ অস্ত্ৰৰে হত্যা কৰিছিল । আৰক্ষীয়ে এই হত্যাকাণ্ডটো কেতিয়া সংঘটিত হৈছিল সেই বিষয়ে জানিবলৈ চেষ্টা অব্য়াহত ৰাখিছে ।
উল্লেখ্য় যে যোৱা দেওবাৰে নিশাৰে পৰাই তেওঁলোকৰ দুয়োটা ফোন বন্ধ আছিল (Professor couple murdered in Bihar Arrah)। সেয়েহে আত্মীয়সকলে সোমবাৰে নিশা তেওঁলোকৰ ঘৰত উপস্থিত হৈ দেৱালৰ বিভিন্ন ঠাইত তেজৰ দাগ প্ৰত্য়ক্ষ কৰে । এই প্ৰসংগত জিলা আৰক্ষী অধীক্ষক প্ৰমোদ কুমাৰে কয় যে তেজ গোট মৰালৈ চাই এই হত্যাকাণ্ডটো 10-12 ঘণ্টা আগতে সংঘটিত হৈছিল বুলি অনুমান কৰিব পাৰি । এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জিলা আৰক্ষী অধীক্ষক প্ৰমোদ কুমাৰে উল্লেখ কৰিছে ।
এই সন্দৰ্ভত অধিক তথ্য় সংগ্ৰহৰ বাবে ফ'ৰেনচিক পৰীক্ষাগাৰৰ দল এটা পাটনাৰ পৰা আহি অভিযান আৰম্ভ কৰে (Forensic Science Laboratory of Patna)। ফ'ৰেনচিক পৰীক্ষাগাৰৰ দলটোৰ পৰিদৰ্শনৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । মৃত ড০ মহেন্দ্ৰ প্ৰসাদ সিং ১৯৮০ চনত বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিও আছিল । এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত আছে (Retired professor couple brutally murdered)। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে এই বুলি উল্লেখ কৰিছে যে দুৰ্বৃত্তই তেওঁলোকক আঘাত কৰাৰ সময়ত তেওঁলোকে নিজকে বচাবলৈ চেষ্টা কৰিছিল ।
লগতে পঢ়ক:Amrit Sarovar scheme: তিনিচুকীয়াত অমৃত সৰোবৰ আঁচনিৰ কাম পৰিদৰ্শন কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই