ETV Bharat / bharat

দেশৰ সম্পদসমূহত প্ৰতিগৰাকী নাগৰিকৰ সমান অধিকাৰ আছে : প্ৰধানমন্ত্ৰী

author img

By

Published : Dec 22, 2020, 5:35 PM IST

দেশত থকা সম্পদসমূহ দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে আছে আৰু প্ৰত্যেকেই ইয়াৰ পৰা লাভাম্বিত হ'ব লাগে ৷ দেশৰ উন্নয়নৰ ধাৰাত কোনোধৰণৰ বৈষম্য নোহোৱাকৈ প্ৰতিগৰাকী নাগৰিকৰ সমান অধিকাৰ আৰু উন্নয়নৰ সৈতে আমি আগবাঢ়িব লাগিব বুলি কয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷

দেশৰ সম্পদসমূহত প্ৰতিগৰাকী নাগৰিকৰ সমান অধিকাৰ আছে : প্ৰধানমন্ত্ৰী
দেশৰ সম্পদসমূহত প্ৰতিগৰাকী নাগৰিকৰ সমান অধিকাৰ আছে : প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, 22 ডিচেম্বৰ : দেশৰ সম্পদৰ ওপৰত সকলোৰে সমান অধিকাৰ আছে আৰু প্ৰতেক্যেই তাৰ লাভ উঠাব লাগে ৷ মঙলবাৰে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ "যি দেশৰ হয় সেয়া প্ৰতিগৰাকী দেশবাসীৰো হয় ৷ দেশৰ সম্পদ মানে দেশবাসীৰ সম্পদ আৰু ইয়াৰ পৰা প্ৰত্যেকেই সুফল পাব লাগে ৷ এয়া হৈছে আমাৰ চৰকাৰৰ উদ্যম আৰু ইয়ে আমাক কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিয়ে ৷" প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে কয় ৷

"আজিৰ দিনত আমি গ্ৰহণ কৰা প্ৰতিখন আঁচনিয়ে কোনোধৰণৰ ধাৰ্মিক অনুভূতি বা বৈষম্য নোহোৱাকৈ প্ৰতিগৰাকী লোকৰ কাষ চাপিবলৈ সক্ষম হৈছে ৷ প্ৰায় 40 লাখ দুখীয়া লোকৰ বেংক একাউন্ট খোলা হৈছে ৷ কোনো বৈষম্য নকৰাকৈ 2 কোটিৰো অধিক লোকক পকী ঘৰ প্ৰদান কৰা হৈছে ৷ 8 কোটিৰো অধিক মহিলাই ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে ৷ প্ৰায় 50 কোটি জনতাই আয়ুস্মান ভাৰত আঁচনিৰ অধীনত স্বাস্থ্যসেৱাৰ বাবে 5 লাখলৈ বিত্তীয় সাহাৰ্য্য লাভ কৰিছে ৷" তেওঁ লগতে কয় ৷

দেশে অগ্ৰসৰ হোৱা উন্নয়নৰ পথত প্ৰতিগৰাকী নাগৰিকে অংশীদাৰ হৈছে আৰু ইয়াৰ লাভ সকলোৱে সমানে পাব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ "দেশে অগ্ৰসৰ হোৱা পথত প্ৰতিগৰাকী নাগৰিকে তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ প্ৰতি সমান মান্যতা লাভ কৰাৰ লগতে ভৱিষ্যতেও লাভ কৰিব ৷ দেশে অগ্ৰসৰ হোৱা পথত ধৰ্মৰ বাবে কোনো নাগৰিকেই পিছপৰি নৰয়, বৰঞ্চ তেওঁলোকৰ সপোনসমূহ পূৰণ কৰিবলৈ সক্ষম হ'ব ৷ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস এই মুলমন্ত্ৰ আমি এনেয়ে গ্ৰহণ কৰা নাই ৷" প্ৰধানমন্ত্ৰীয়ে লগতে এইদৰে কয় ৷

আলিগড় মুছলিম বিশ্ববিদ্য়ালয়ৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি এক পোষ্টেল ষ্টাম্প মুকলি কৰে ৷ আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে আজি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.