ETV Bharat / bharat

Pustkalay village: উদ্বোধনৰ বাবে সাজু উত্তৰাখণ্ডৰ প্ৰথম আদৰ্শ গ্ৰাম্য় পুথিভঁৰাল - Pustkalay village

বিনা নেগী মিশ্ৰৰ প্ৰচেষ্টাতেই উত্তৰাখণ্ডৰ প্ৰথম গ্ৰাম্য় পুথিভঁৰাল স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে (Pustkalay village)। গণৰাজ্য দিৱসত উদ্বোধন কৰিবলগীয়া এই পুথিভঁৰালত আছে 4,000 ৰো অধিক কিতাপ । এই গাঁওখনত ঘৰে ঘৰে পুথিভঁৰাল লৈ যোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে ভাৰতৰ প্ৰথমটো 'ভ্ৰাম্যমান গ্ৰন্থ মন্দিৰ' ।

Pustkalay village
উদ্বোধনৰ বাবে সাজু উত্তৰাখণ্ডৰ প্ৰথম আদৰ্শ গ্ৰাম্য় পুথিভঁৰাল
author img

By

Published : Jan 22, 2023, 7:15 PM IST

নেশ্য়নেল ডেস্ক,২২জানুৱাৰী: দিল্লীৰ এটা বহুজাতিক কোম্পানীৰ চাকৰি এৰি নিজৰ জন্মস্থানৰ বাবে কিবা কৰাৰ সংকল্প লৈ উত্তৰাখণ্ডৰ বনজগাড়ু গাঁৱলৈ উভতি অহা বিনা নেগী মিশ্ৰ আজি হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু (Banjgaddu in Uttarakhand)। শৈক্ষিক সুবিধাৰ অভাৱ, নিবনুৱা আৰু প্ৰব্ৰজনৰ দৰে সমস্যাৰ মোকাবিলা কৰিবলৈ আদৰ্শ গ্ৰাম্য় পুথিভঁৰাল গঠনৰ লক্ষ্য়ৰে তেওঁ জন্মস্থানত চলাইছে এক অভিযান ।

বিনা নেগী মিশ্ৰৰ প্ৰচেষ্টাতেই ৰুদ্ৰপ্ৰয়াগ জিলাৰ তেওঁৰ জন্ম গাঁৱৰ ওচৰত অৱস্থিত মণিগুহই উত্তৰাখণ্ডৰ প্ৰথম গ্ৰাম্য় পুথিভঁৰাল স্থাপনৰ স্বীকৃতি লাভ কৰাৰ দিশে আগবাঢ়িছে (Uttarakhands first library village)। তেওঁ এতিয়া সকলো প্ৰয়োজনীয় সা-সুবিধা উপলব্ধি কৰি ইয়াক ভাৰতৰ প্ৰথম আদৰ্শ গ্ৰাম্য় পুথিভঁৰাল স্থাপনকাৰী গাঁও হিচাপে স্বীকৃতি লাভ কৰিবলৈ চেষ্টা চলাইছে । ইতিমধ্যে এই পুথিভঁৰালটোত 4,000 ৰো অধিক কিতাপ উপলব্ধ কৰা হৈছে । গাওঁখনৰ প্ৰতিটো পৰিয়ালৰ সদস্য়ক বিভিন্ন বিষয়ত সংযোগ কৰিব পৰাকৈ কিতাপ অধ্য়য়নৰ বাবে সুযোগ দিয়া হৈছে । ইয়াৰ বাবে 'ভ্ৰাম্যমাণ গ্ৰন্থ মন্দিৰ' আৰু 'ডিজিটেল উপস্থাপন'ৰ পৰিকল্পনা কৰা হৈছে বুলি কয় বিনা নেগী মিশ্ৰই ।

প্ৰথম গ্ৰাম্য় পুথিভঁৰাল স্থাপনৰ বাবে বিনা নেগী মিশ্ৰই তেওঁৰ স্বামী সুমন মিশ্ৰ আৰু দুজন স্থানীয় যুৱক আলোক ছ'নি আৰু ৰাহুল ৰাৱটৰ সহযোগত 'হামাৰা গাঁও-ঘৰ ফাউণ্ডেচন' নামৰ এটা সংস্থা গঠন কৰে (Hamara GaonGhar Foundation)। এই সংস্থাটোৱে গাওঁসমূহত এনে এক পৰিৱেশ সৃষ্টিৰ লক্ষ্য বান্ধিছে য'ত ডাঙৰ চহৰৰ লোকসকলক আকৰ্ষিত কৰি নিযুক্তি আৰু শিক্ষাৰ প্ৰচাৰ কৰিব পাৰি । এই গ্ৰাম্য় পুথিভঁৰালৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । আগন্তুক গণৰাজ্য দিৱসত এই গ্ৰাম্য় পুথিভঁৰালটো উদ্বোধন কৰা হ'ব ।

উল্লেখ্য় যে এমবিএ ডিগ্ৰীধাৰী বিনা নেগী মিশ্ৰই দিল্লীৰ এটা বহুজাতিক কোম্পানীত জ্যেষ্ঠ মেনেজাৰ হিচাপে কিছু বছৰ কাম কৰিছিল । তেওঁ সহকৰ্মীসকলৰ সৈতে উত্তৰাখণ্ডৰ গাঁওসমূহত কেনেদৰে মৌলিক সুবিধা আৰু শিক্ষাৰ অভাৱ আদিৰ পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে । উত্তৰাখণ্ডৰ গাঁওসমূহত অলপ পৰিশ্ৰম কৰিলেই বিকাশ কৰিব পাৰি বুলি আত্মবিশ্বাস জন্মাত তেওঁ এই কাম কৰিবলৈ আগুৱাই আহে ।

ইয়াৰ অংশ হিচাপে মণিগুহ গাওঁখনত ৰাজ্যখনৰ প্ৰথম গ্ৰাম্য় পুথিভঁৰাল গঢ়ি তোলাৰ লক্ষ্য় বান্ধি লয় । ইয়াত এটা কেন্দ্ৰীয় পুথিভঁৰালৰ উপৰি বিভিন্ন স্থানত অধ্য়য়নৰ ব্যৱস্থা থাকিব । কেন্দ্ৰীয় পুথিভঁৰালত কিতাপৰ লগতে কিছুমান পাণ্ডুলিপি উপলব্ধ হ'ব । স্মাৰ্ট শ্ৰেণীৰ উপৰি শিশুসকলক কম্পিউটাৰ শিক্ষাও প্ৰদান কৰা হ'ব । বিভিন্ন বিষয়ৰ কিতাপৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় পাঠ্য পুথিও এই পুথিভঁৰালত উপলব্ধ হ'ব ।

উত্তৰাখণ্ড তীৰ্থস্থানৰ ৰাজ্য় বুলি কোৱা হয় । সেয়েহে যুৱক-যুৱতীসকলে এই গাঁওখনত ঘৰে ঘৰে পুথিভঁৰাল লৈ যোৱাৰ বাবে 'ভ্ৰাম্যমাণ গ্ৰন্থ মন্দিৰ'ৰ পৰিকল্পনা কৰা হৈছে (Mobile Book Temples)। এয়া হ'ব ভাৰতত প্ৰথম আদৰ্শ গ্ৰাম্য় পুথিভঁৰাল । এই সৰু মন্দিৰবোৰত কিতাপ ৰখা হ'ব । এইবোৰ পঢ়াৰ স্থান হিচাপে ব্যৱহাৰ কৰা হ'ব । এই মন্দিৰবোৰো ডিচেম্বৰৰ ভিতৰত সাজু হ'ব । বিনা নেগী মিশ্ৰই মহাৰাষ্ট্ৰত অৱস্থিত পুস্তাকাঞ্চে গাঁৱৰ পৰা এই অনুপ্ৰেৰণা লাভ কৰা বুলি কয় (Theme villages to address local problems)।

লগতে পঢ়ক:Haryana Govt has bowed down: হাৰিয়ানা চৰকাৰে ৰাম ৰহিমৰ চৰণত শৰণ লৈছে; অংশুল ছত্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.