নেশ্যনেল ডেস্ক,৮ জুন : ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনৰ প্ৰথম মহিলা ইংৰাজী বাতৰি পৰিৱেশক গীতাঞ্জলি আয়াৰৰ বুধবাৰে মৃত্যু হয় (Doordarshan anchor Gitanjali Aiyar passes away)। পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বাতৰি পৰিৱেশকগৰাকীৰ মৃত্যু হয় । পৰিয়ালৰ লোকে জনোৱা মতে খোজকাঢ়ি ঘৰলৈ উভতি অহাৰ সময়তে তেওঁ বাগৰি পৰে ।
গীতাঞ্জলি আয়াৰৰ এগৰাকী বন্ধুৱে জনোৱা মতে তেওঁ পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ আছিল আৰু ঔষধ গ্ৰহণ কৰি আছিল । কলকাতাৰ লৰেটো মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি আয়াৰে ১৯৭১ চনত দূৰদৰ্শনত যোগদান কৰে আৰু ৪ বাৰকৈ শ্ৰেষ্ঠ বাতৰি পৰিৱেশক বা এংকৰৰ বঁটা লাভ কৰে । তেওঁ ১৯৮৯ চনত ইন্দিৰা গান্ধী প্ৰিয়দৰ্শিনী বঁটাও লাভ কৰিছিল (Indira Gandhi Priyadarshini Award)।
বাতৰি পৰিৱেশন কৰাৰ উপৰিও, নেশ্যনেল স্কুল অৱ ড্ৰামা (এনএছডি)ৰ ডিপ্ল'মা ধাৰক আয়াৰ কেইবাটাও প্ৰিণ্ট বিজ্ঞাপনত জনপ্ৰিয় মুখ আছিল আৰু আনকি শ্ৰীধৰ ক্ষীৰসাগৰৰ টিভি নাটক "খান্দান"ত তেওঁ অভিনয়ো কৰিছিল । তেওঁৰ দশকজোৰা সুন্দৰ কেৰিয়াৰত, ৱৰ্ল্ড ৱাইড ফাণ্ডৰ (WWF) মুখ্য দাতাসকলৰ মুৰব্বী আছিল । তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ ইংৰাজী গীতৰ অনুৰোধ শীৰ্ষক অনুষ্ঠান এ ডেট উইথ ইউৰ ঘোষিকাও আছিল (Radio presenter Gitanjali Aiyar died)।
এনে এগৰাকী জনপ্ৰিয় আৰু প্ৰতিভাশালী নাৰীৰ বিয়োগত মৰ্মাহত সমগ্ৰ দেশ । কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে টুইটযোগে আয়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । কংগ্ৰেছ নেটা ডিচুজাই টুইটত কয় যে গীতাঞ্জলি আয়াৰক টিভিৰ পৰ্দাত দেখা দিনবোৰ তেওঁৰ মনত আছে । আয়াৰে বাতৰি চোৱা অভিজ্ঞতাবোৰত এক বিশেষ ছাপ পেলাইছিল বুলিও তেওঁ উল্লেখ কৰে । তেওঁ অকাল মৃত্যুত কংগ্ৰেছ নেতাগৰাকীয়ে শোকপ্ৰকাশ কৰে আৰু পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ।
সাংবাদিক শীলা ভট্টই টুইটযোগে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ টেলিভিছনৰ বাতৰি পৰিৱেশক গীতাঞ্জলি আয়াৰৰ মৃত্যুত শোকপ্ৰকাশ কৰে । আয়াৰৰ পৰিয়াললৈ গভীৰ সমবেদনাও জ্ঞাপন কৰে ।
লগতে পঢ়ক :Air Asia plane: লক্ষ্ণৌত এয়াৰ এছিয়াৰ বিমানত হাইড্ৰ’লিক পাইপ বিস্ফোৰণ