ETV Bharat / bharat

Reduce Your Eye Strain : আয়ুৰ্বেদিক চিকিৎসাৰে হ্ৰাস কৰক চকুত পৰা অতিৰিক্ত চাপ - স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ

কৰ'ণা(Corona) মহামাৰীৰ বাবে সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিয়ে মানুহক ঘৰৰ পৰা কাম কৰিবলৈ বাধ্য কৰিছে । সাধাৰণতে ৯ বজাৰ পৰা ৫ বজালৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিবলগীয়া কামৰ পৰা এই নতুন ব্যৱস্থাই কিছু সকাহ দিছে যদিও বহুতৰে বাবে এয়া এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে । কিয়নো এনে ধৰণৰ কৰ্ম-সংস্কৃতিৰ বাবে ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত বিশেষ পাৰ্থক্য নোহোৱা হৈছে । এই ব্যৱস্থাই স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ।

Reduce Your Eye Strain Through Ayurveda
আয়ুৰ্বেদিক চিকিৎসাৰে হ্ৰাস কৰক চকুৰ ওপৰত পৰা অতিৰিক্ত চাপ
author img

By

Published : Nov 23, 2021, 5:22 PM IST

নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : CMR ৰ অধ্যয়ন অনুসৰি ভাৰতীয় লোকে কম্পিউটাৰ অথবা ম’বাইলৰ স্ক্ৰীন চাই থকাৰ সময় ২৫ শতাংশলৈ বৃদ্ধি হৈছে । ২৩ শতাংশ লোকে কামৰ বৰ্ধিত সময়ৰ বাবে দৃষ্টিশক্তি হ্ৰাস(Weaker Eyesight) হোৱা বুলি অধ্যয়নত প্ৰকাশ পাইছে । বৰ্তমান মহামাৰী সৃষ্ট পৰিস্থিতি কিছু উন্নত হোৱা বাবে বিদ্যালয় আৰু কাৰ্যালয়বোৰ খোলা হৈছে ৷ বিপৰীতে বহু কোম্পানীয়ে এতিয়াও "Work from home" ৰ জৰিয়তে কৰ্মচাৰীক কাম কৰাই আছে । এইক্ষেত্ৰত কৰ্মচাৰীসকলে ঘৰতে থাকি কাম কৰাৰ সুবিধা লাভ কৰিলেও বহু সময় ধৰি কম্পিউটাৰ অথবা ম’বাইল ব্যৱহাৰ কৰিবলগীয়া হোৱাৰ বাবে চকুৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে ।

আয়ুৰ্বেদ(Ayurveda)ৰ পৰামৰ্শ মানি চলিলে আপুনিও চকুৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰিব । আয়ুৰ্বেদ হৈছে প্ৰাচীন ভাৰতীয় বিজ্ঞান, যিয়ে এক ভাৰসাম্য সৃষ্টি কৰি শৰীৰটো স্বাস্থ্যবান কৰি তোলাত সহায় কৰে । আয়ুৰ্বেদিক ব্ৰেণ্ড "কামৰী"(Kamree)ৰ প্ৰতিষ্ঠাপক ৰিতিকা ক্ৰিটে(Ritika Krit) মুখ্য আয়ুৰ্বেদিক(Ayurvedic) বনৌষধি আৰু সেইবোৰৰ ব্যৱহাৰৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰিছে ।

Icing or Sheeta Satmya : বিদ্যুৎ চালিত সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰে চকুত তাপ উৎপন্ন কৰে আৰু চকু দুটি ভাগৰুৱা কৰাৰ লগতে চকুৰ পতা নিস্তেজ কৰি তোলে । অত্যাধিক কামৰ বাবে চকুত পৰা প্ৰভাৱৰ পৰা ৰক্ষা পৰিবলৈ কপাহৰ সৰু সৰু বল প্ৰস্তুত(Cotton ball) কৰি ঠাণ্ডা গাখীৰ অথবা গোলাপ জল(Rose Water)ত কিছু সময় তিয়াই ৰাখি কেইমিনিটমানৰ বাবে চকুত ওপৰত থৈ দিব লাগে । এই উপায় অৱলম্বন কৰিলে চকুৱে যথেষ্ট আৰাম পায় ।

Palm Exercise : চকু দুটি মালিচ কৰাৰ এক প্ৰাচীন আয়ুৰ্বেদিক উপায় হৈছে হাতৰ তলুৱাৰ ব্যায়াম(Palm excercise), যাক পামিং বুলিও জনা যায় । প্ৰথমে আপোনাৰ দুয়োখন হাতৰ তলুৱা ১০ ছেকেণ্ডৰ বাবে একেলগে ঘঁহি থাকক আৰু ইয়াৰ পাচত বন্ধ চকু দুটি এটা পিয়লাৰ আকৃতিত হাতৰ তলুৱাৰে ঢাকি ধৰক । মনত ৰাখিব যাতে আপোনাৰ চকুত হাতৰ চাপ নপৰে । একেলগে ২-৩ বাৰ এই উপায়সমূহ অৱলম্বন কৰিব পাৰিব আৰু স্বাভাৱিক ধৰণে উশাহ-নিশাহ লৈ থাকিব ৷ এনেধৰণৰ আয়ুৰ্বেদিক উপায়ে চকু দুটিক আৰাম দিয়ে আৰু লগতে ভাল টোপনি অহাতো সহায় কৰে ।

Mudras : মুদ্ৰা হৈছে হাতৰ এক সৰল ভংগী, যাক সদায়ে এক উত্তম আৰোগ্য পদ্ধতি হিচাপে গণ্য কৰা হয় । দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ অধিকাংশ মুদ্ৰা(Mudra) শুই থকা সময়ত স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ কৰিব পৰা যায় । বিভিন্ন ধৰণে কৰিব পৰা এই মুদ্ৰাবোৰে শৰীৰৰ ওপৰত প্ৰভাৱ পেলায় । যেতিয়া উশাহ-নিশাহৰ ব্যায়ামৰ সৈতে একেলগে এই অভ্যাস কৰা হয়, তেতিয়া শৰীৰত ভাৰসাম্য আনিব পৰা যায় । শৰীৰৰ বিভিন্ন অংশ শক্তিশালী কৰিব পৰা যায় । আটাইতকৈ বেছি সুফলদায়ক মুদ্ৰাবোৰৰ ভিতৰত অন্যতম হৈছে প্ৰাণ মুদ্ৰা । এই মুদ্ৰাৰ অনুশীলন কৰিবলৈ আপুনি মেৰুদণ্ড পোন কৰি বহিব লাগিব আৰু শৰীৰটো শিথিল কৰি ৰাখিব লাগিব । আপোনাৰ হাতৰ বুঢ়া আঙুলিৰ মূৰৰে অনামিকা আৰু কণিষ্ঠ আঙুলিৰ মূৰ দুটা লগ লগাই ১৫ মিনিটৰ বাবে স্বাভাৱিকভাৱে উশাহ লওঁক ।

দৃষ্টিশক্তি বৃদ্ধিৰ বাবে বনৌষধিৰ গুণাগুণ :

চফ- ভিটামিন এ(Vitamin A) আৰু চি(Vitamin C) সমৃদ্ধ চফ(Fennel) দৃষ্টিশক্তি বৃদ্ধিৰ বাবে অতি উপকাৰী । আপুনি চফৰ পৰা চাহৰ দৰে পানীয় তৈয়াৰ কৰি খাব পাৰে অথবা চফ তিয়াই থোৱা পানীৰে চকুজুৰি ধুব পাৰে ।

ত্ৰিফলা- শিলিখা, আমলখি আৰু ভোমোৰা ফলৰ গুৰি সংমিশ্ৰণ কৰি ত্ৰিফলা(Triphala) তৈয়াৰ কৰা হয় আৰু ত্ৰিফলাই শৰীৰৰ শক্তি সন্তুলিত কৰে । ত্ৰিফলা এণ্টি অক্সিডেণ্ট আৰু ভিটামিন চি-ৰ এক ভাল উৎস ।

জিংকগো বিলোবা- চীনৰ স্থানীয় বনৌষধি জিংকগো বিলোবা(The Ginkgo Biloba) দৃষ্টিশক্তিৰ বৃদ্ধি পাবলৈ কৰা চিকিৎসাত আটাইতকৈ সুফলদায়ক বুলি বিবেচিত হৈছে ।

কেলেণ্ডুলা- কেলেণ্ডুলা(Calendula)ক "পট মেৰিগোল্ড" বুলিও কোৱা হয় । কেলেণ্ডুলা হৈছে এণ্টি ইনফ্লেমেটৰী, এণ্টি ভাইৰেল আৰু এণ্টি বেক্টেৰিয়েল বনৌষধ ৷ যাক চকুৰ ৰঙা পৰা, চকু ফুলা, চকুৰ জ্বলা-পোৰা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ।

কাঠবাদাম- কাঠবাদাম হৈছে ভিটামিন ই-ৰ এক ভাল উৎস আৰু কাঠবাদামে(Almond) স্বাস্থ্যকৰ কোষ আৰু দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে ।

জীৱনশৈলীৰ পৰিৱৰ্তন :

  • স্নায়ু আৰু ধমনী সক্ৰিয় কৰি ৰাখিবলৈ দিনে ৩-৫ বাৰ মুখখন পৰিস্কাৰ পানীৰে ধুব ।
  • আহাৰ গ্ৰহণ কৰাৰ সময়ত বৈদ্যুতিক সামগ্ৰী(Electronics items) ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক ।
  • শান্ত হোৱাৰ অভ্যাস কৰক । কিয়নো, খং আৰু হতাশাই তেজৰ প্ৰবাহ বৃদ্ধি কৰে, যাৰ ফলত চকুৰ ওপৰত চাপ সৃষ্টি কৰে । আপুনি আপোনাৰ দৈনন্দিন জীৱনত অধিক শান্তি আনিবলৈ প্ৰাণায়াম(pranayama) নিয়মীয়াকৈ কৰিব পাৰে ।
  • শ্বাৱাৰ লোৱাৰ সময়ত গৰম পানী ব্যৱহাৰ নকৰিব । প্ৰয়োজন সাপেক্ষে কুহুমীয়া পানী ব্যৱহাৰ কৰিব ।
  • নীলা পোহৰৰ সৈতে পোনপটীয়া সংস্পৰ্শ পৰিহাৰ কৰিবলৈ বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰোঁতে প্ৰতিৰোধমূলক চশমা ব্যৱহাৰ কৰক ।
  • আন্ধাৰ কোঠাত ম’বাইল অথবা কম্পিউটাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক ।
  • জোৰকৈ চকু ঘঁহাৰ অভ্যাস ত্যাগ কৰক ।

লগতে পঢ়ক: Covid 19 update in India : দেশত নতুনকৈ আক্ৰান্ত ৭,৫৭৯ গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.