ETV Bharat / bharat

মিজোৰামত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ বন হৰিণ

author img

By

Published : Apr 13, 2021, 9:56 PM IST

মঙলবাৰে মিজোৰাম বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয় বন হৰিণ ৷ বন বিভাগৰ কৰ্মীয়ে হৰিণটো উদ্ধাৰ কৰি লৈ যায় আইজলৰ প্ৰাণী বিজ্ঞান কেন্দ্ৰলৈ ৷

মিজোৰামত আঘাত প্ৰাপ্ত অৱস্থাত উদ্ধাৰ বিলুপ্তিপ্ৰায় বন হৰিণ

নেচনেল ডেক্স, 13 এপ্ৰিল: মঙলবাৰে মিজোৰাম বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগত আঘাতপ্ৰাপ্ত অৱস্থাত এটা বন হৰিণ উদ্ধাৰ হয় । কেইদিনমান পূৰ্বে বিশ্ববিদ্যালয়ৰ চৌহদত চোৰাং চিকাৰীৰ ফান্দৰ এডাল শিকলি ডিঙিত লাগি থকা অৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল । বন হৰিণৰ ডিঙিত শিকলিডাল লাগি থকা বাবে কটা অৱস্থাত প্ৰত্যক্ষ কৰিছিল মিজোৰাম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷

বন বিভাগক খবৰ দিয়াত আঘাতপ্ৰাপ্ত বন হৰিণটো উদ্ধাৰ কৰি আইজলৰ প্ৰাণী বিজ্ঞান কেন্দ্ৰলৈ যায় বনকৰ্মীয়ে ৷ উল্লেখ্য যে, বন হৰিণ হৈছে মিজোৰামৰ ৰাজ্যিক প্ৰাণী আৰু 1972 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা সুৰক্ষিত জন্তু হিচাপে স্বীকৃতি দিয়া হৈছে ৷ আন্তৰ্জাতিক সংঘৰ দ্বাৰা বন হৰিণটো বিলুপ্তপ্ৰায় প্ৰজাতিবোৰৰ ভিতৰত তালিকাভুক্ত কৰি সমগ্ৰ বিশ্বতে জন্তুটোৰ চিকাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।

2015 চনত কেপ্ৰিপক্স নামৰ এবিধ ভাইৰাছ আৰু জন্তুটোৰ মাংস ঔষধি গুণৰ বাবে চোৰাং চিকাৰীৰ নিৰন্তৰ চোৰাং চিকাৰৰ ফলত প্ৰায় বিলুপ্তি হ’ব ধৰিছে বন হৰিণৰ প্ৰজাতিটো ৷

লগতে পঢ়ক : গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.