ETV Bharat / bharat

লোহিত সাগৰৰ যুদ্ধৰ বাবে এসপ্তাহত ভাৰতৰ লোকচান 300-400 কোটি টকা

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 1:48 PM IST

India exports suffered a blow due to the war in the Red Sea : লোহিত সাগৰত হোৱা যুদ্ধ সদৃশ পৰিৱেশৰ বাবে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখীন হৈছে ভাৰত ৷ হুথি বিদ্ৰোহী গোটে লোহিত সাগৰত ইজৰাইল অভিমুখী জাহাজত আক্ৰমণৰ ফলত ভাৰতৰ পৰা ইউৰোপলৈ সামগ্ৰী ৰপ্তানি কৰা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

red sea war india exports suffered a blow due to the war in the red sea
লোহিত সাগৰত হুথি বিদ্ৰোহীৰ উপদ্ৰৱৰ বাবে এসপ্তাহত ভাৰতৰ লোকচান 300-400 কোটি

ইন্টাৰনেশ্যনেল ডেস্ক, 1 জানুৱাৰী : বিগত এসপ্তাহৰো অধিক দিন ধৰি লোহিত সাগৰত চলাচল কৰা মালবাহী জাহাজত হুথি বিদ্ৰোহীসকলে কৰা আক্ৰমণৰ ফলত বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিছে ৷ উল্লেখ্য যে, ইজৰাইল-হামাছৰ যুদ্ধৰ পাচতে হুথি বিদ্ৰোহী গোটে লোহিত সাগৰত ইজৰাইললৈ যোৱা মালবাহী জাহাজ, ইজৰাইলী নাগৰিকৰ মালিকাধীন জাহাজ বা ইজৰাইলী সমৰ্থন কৰা ৰাষ্ট্ৰৰ জাহাজত আক্ৰমণ চলাই আহিছে ৷ ফলত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে লোহিত সাগৰত ৷

ইয়াৰ বাবে ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱিত হৈছে । কাৰণ ভাৰতীয় সামগ্ৰী লোহিত সাগৰ হৈ ইউৰোপলৈ প্ৰেৰণ কৰা হয় । ইউৰোপ পাবলৈ 22 দিন সময় লোৱা ভাৰতীয় মালবাহী জাহাজসমূহ এতিয়া 35 দিনৰ ভিতৰত ইউৰোপত উপস্থিত হৈছে । সেয়ে ৰপ্তানিকৰ্তাসকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ৷ বহুতো সামগ্ৰী সাগৰত পেলাই দিবলগীয়া হৈছে, আনহাতে বহুতো সামগ্ৰী এতিয়াও জাহাজতে আবদ্ধ হৈ আছে ।

এই সমগ্ৰ বিষয়টোত ই টি ভি ভাৰতৰ সংবাদিকৰ সৈতে এক বিশেষ বাৰ্তালাপত ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচন চুমকৈ এফ আই ই অ'ৰ সহকাৰী সঞ্চালক আলোক শ্ৰীবাস্তৱে কয়, ‘‘ইউৰোপৰ পৰা কানপুৰৰ বাৰ্ষিক ব্যৱসায় হৈছে তিনিৰ পৰা চাৰি হাজাৰ কোটি টকা । কিন্তু যোৱা এসপ্তাহ ধৰি লোহিত সাগৰত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে 300 পৰা 400 কোটি টকাৰ ৰপ্তানিকৰ্তা সকলৰ অৰ্ডাৰ পেলাই দিয়া হৈছে ৷ আনহাতে প্ৰায় 100 কোটি টকাৰ সামগ্ৰী জাহাজতে পৰি ৰৈছে ৷’’

এফ আই ই অ'ৰ সহকাৰী সঞ্চালক শ্ৰীবাস্তৱে কয়, ‘‘ আমেৰিকাৰ পিছত ৰপ্তানিৰ দিশত ইউৰোপ কানপুৰৰ বাবে সৰ্ববৃহৎ বজাৰ । বহু প্ৰকাৰৰ সামগ্ৰী কানপুৰৰ পৰা ইউৰোপৰ লগতে আন 27 খন দেশলৈ ৰপ্তানি হয় ৷ অৱশ্যে লোহিত সাগৰত হোৱা যুদ্ধ সদৃশ পৰিৱেশৰ বাবে এতিয়া সেই ব্যৱসায় জটিল হৈ পৰিছে ৷’’

লগতে পঢ়ক : লোহিত সাগৰত মালবাহী জাহাজক লৈ আমেৰিকাৰ সেনা- হুথি বিদ্ৰোহীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.