গুৱাহাটী, 28 জুন : ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত চলি থকা মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি (Maharashtra Hotel Politics) । বৰ্তমান সময়ত গুৱাহাটীৰ ৰেডিশ্বন ব্লু দেশবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত হৈ থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ এতিয়ালৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই ৷ ইফালে পুনৰ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ বুকিঙৰ সমসীমা বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি হৈছে (Booking extend in Radisson Blue hotel)৷ প্ৰাপ্ত তথ্য অনুসৰি, বিলাসী হোটেলখনত বিসম্বাদী বিধায়কসকলে অহা 30 জুনলৈকে বাহৰ পতাৰ সম্ভাৱনা আছে (Shivsena Rebel MLA)৷
উল্লেখ্য যে, শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেৰ (Rebel MLA Eknath Shinde) নেতৃত্বত মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লুত বাহৰ পতা 48 জন বিসম্বাদী বিধায়কৰ লগতে আন নেতাৰ বাবে 70 টা কোঠা প্ৰথমে এসপ্তাহৰ বাবে 56 লাখ টকাত বুক কৰা হৈছিল যদিও আৰু 3 দিন অতিৰিক্তভাৱে কোঠাসমূহ বুক কৰা হৈছে ৷ বিধায়কসকলৰ খাদ্য আৰু অন্যান্য সেৱাৰ বাবে হোটেলখনত দৈনিক আনুমানিক ব্যয় হৈছে 8 লাখ টকা ৷ যাৰ ফলত তেওঁলোকৰ মুঠ সাত দিনৰ ব্যয় 1.12 কোটি টকালৈ হ'ব বুলি এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰে ।
বিসম্বাদী বিধায়কসকলৰ কোনো অসুবিধা নোহোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই সকলোধৰণৰ পৰ্যাপ্ত যোগান ধৰা বুলি জানিব পৰা গৈছে ৷ ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ অতি বিশ্বাসী মন্ত্ৰী অশোক সিংহাল, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আদিকে ধৰি কেবাগৰাকী নেতাই হোটেলখনত বাহৰ পাতি আছে । জানিব পৰামতে তেওঁলোকে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰি আছে ৷
ইতিমধ্যে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ নিৰাপত্তাৰ বাবে বিলাসী হোটেলখনত দুই শতাধিক আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান নিয়োগ কৰাৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷ আনহাতে বুধবাৰৰ পুৱাৰ পৰা বৰ্তমানলৈকে হোটেলখনত বিসম্বাদী বিধায়কৰ সোঁত বৈছে ৷ এতিয়ালৈ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 48 জন(Rebel MLAs in Radisson Blue) । ইয়াৰে শিৱসেনাৰ 39 জন আৰু 9 জন নিৰ্দলীয় ।
ইয়াৰ সমান্তাৰলকে ৰেডিশ্বন ব্লুৰ ভিতৰত বিসম্বাদী বিধায়কসকলে বিভিন্ন বৈঠক অনুষ্ঠিত কৰাৰ লগতে বিসম্বাদী বিধায়কৰ জম্মদিনো উদযাপন কৰাৰ খবৰ প্ৰচাৰ হৈছে ৷
লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি : ৰেডিশ্বন ব্লুৰ বুকিং আৰু তিনিদিনলৈ বৃদ্ধি