ETV Bharat / bharat

টিপ্ৰালেণ্ডৰ স্বাৰ্থত একেলগ হ'ব দুই শত্ৰু টিপ্ৰা মথা আৰু আইপিএফটি ! - টিপ্ৰা ভূমিৰ আন্দোলন

ত্ৰিপুৰাৰ জনজাতীয় ৰাজনীতিত আকস্মিক পট পৰিৱৰ্তন ৷ টিপ্ৰালেণ্ডৰ স্বাৰ্থত টিপ্ৰা মথা আৰু আইপিএফটি একেলগ হোৱাৰ সম্ভাৱনা ৷ আইপিএফটিৰ সাধাৰণ সম্পাদক Mevar Kumar Jamatia ৰ আহ্বানত বৈঠকত মিলিত টিপ্ৰা মথা, আইপিএফটি (Tipraha) আৰু একে ভাৱধাৰাৰ অন্যান্য জনজাতি আধাৰিত দল তথা বেচৰকাৰী সংগঠন ৷

realignment in tripuras tribal politics
ত্ৰিপুৰাৰ জনজাতীয় ৰাজনীতি
author img

By

Published : Oct 17, 2021, 2:01 PM IST

নেশ্যনেল ডেস্ক , 17 অক্টোবৰ : ৰাজনৈতিক স্বাৰ্থত শত্ৰু ও মিত্ৰলৈ পৰিৱৰ্তিত হোৱাৰ কথা প্ৰমাণ কৰি আইপিএফটিয়ে(Indigenous People’s Front of Tripura) ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ এক প্ৰভাৱশালী ৰাজনৈতিক শক্তি টিপ্ৰা মথা(Tipra Motha) ৰ সৈতে সংযুক্ত হোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ মূলতঃ নিজৰ ৰাজনৈতিক ভাগ্য সলনি কৰাৰ উদ্দেশ্য় আগত ৰাখি আইপিএফটি এনেদৰে আগবাঢ়ি আহিছে বুলি বহুতে মত মোষণ কৰিছে ৷ উল্লেখ্য যে, সদ্যসমাপ্ত টিটিএএডিচি নিৰ্বাচনত (TTAADC election) দুয়োটা দলেই পৰস্পৰক প্ৰতিদ্বন্দ্বীতা কৰিছিল ৷ আইপিএফটি পৰাজয়ৰ সন্মুখীন হোৱাৰ লগে লগে জনজাতীয় ৰাজনীতিত দুয়োটা দল চিৰ প্ৰতিদ্বন্দী হিচাপে পৰিগণিত হৈছিল ৷

শাসনাধিষ্ঠিত চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ হোৱা স্বত্বেও আইপিএফটিৰ সাধাৰণ সম্পাদক Mevar Kumar Jamatia ই শনিবাৰে টিপ্ৰা মথা, আইপিএফটি (Tipraha) আৰু একে ভাৱধাৰাৰ জনজাতি আধাৰিত দল তথা বেচৰকাৰী সংগঠনসমূহৰ সৈতে এক মাৰাথন বৈঠকৰ আয়োজন কৰে ৷ অন্যান্য বিশিষ্ট জনজাতীয় নেতাসকলৰ লগতে টিপ্ৰা মথাৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য(Tipra Motha chairman Pradyot Kishore Manikya), দলৰ সভাপতি BK Hrangkhawl আদিয়েও বৈঠকত অংশ লয় ৷ সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি প্ৰদ্যুৎ দেৱবৰ্মনে কয় যে, বৈঠকখনৰ যথেষ্ট গুৰুত্ব আছে, কিয়নো বৃহত্তৰ টিপ্ৰালেণ্ড(Tipraland) ৰ স্বাৰ্থত জনজাতীয় দলসমূহে একেলগ হৈ আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

চাৰি ঘণ্টাধৰি চলি থকা বৈঠকত টিপ্ৰালেণ্ডৰ বাবে এখন যুটীয়া আন্দোলন সমিতি(Joint Movement Committee) গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি দেৱবৰ্মনে জানিবলৈ দিয়ে ৷ টিপ্ৰা ভূমিৰ আন্দোলনক আগুৱাই নিয়াৰ বাবে অতি সোনকালেই সৰু আকাৰৰ সমিতিখন গঠন কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷

ইফালে টিপ্ৰা মথাৰ চুপ্ৰিম'ই (Tipra Motha supremo) জানিবলৈ দিয়া মতে, দলটোৱে অতি শীঘ্ৰে দিল্লীৰ যন্তৰ মন্তৰত এক বিক্ষোভ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে ৷ দিল্লীত বৃহত্তৰ টিপ্ৰালেণ্ডৰ দাবী উত্থাপন কৰাৰ উদ্দেশ্যে প্ৰায় 1000 যুৱকক লৈ এই বিক্ষোভ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ বাবে ইতিমধ্যে ৰে'ল বুক কৰা হৈছে আৰু দলটো 23 বা 24 অক্টোবৰৰ ভিতৰত দিল্লীলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে ৷

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, 2023 চনৰ বিধানসভা নিৰ্বাচনত দলটোৰ ভাগ্য সলনি কৰাৰ বাবে Mevar Kumar Jamatia ই এই পদক্ষেপ গ্ৰহণ কৰা যেন পৰিলক্ষিত হৈছে ৷ কিয়নো, Jamatia এই বিষয়ে ভালদৰে অৱগত যে, টিপ্ৰা মথাৰ সহায় অবিহনে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত(2023 Assembly election) IPFT য়ে কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ সেয়ে, আইপিএফটিৰ দ্বিতীয় কমাণ্ড মেভাৰে টিপ্ৰা মোথাৰ সৈতে হাত মিলাব বিচাৰিছে ৷

লগতে পঢ়ক : নগা শান্তি আলোচনা : পৃথক নগা জাতীয় পতাকা আৰু সংবিধানৰ দাবীত অটল NSCN-IM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.