ETV Bharat / bharat

হিজাৱ সন্দৰ্ভত ৰায়দান: ৰাজনৈতিক নেতাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Mar 15, 2022, 8:24 PM IST

একাংশ ছাত্ৰী আৰু মুছলমান সংগঠনে বিদ্যালয়ত হিজাব পৰিধান কৰাৰ অনুমতি প্ৰদানৰ বাবে আবেদন জনাইছিল আদালতত ৷ কিন্তু এই সকলো আবেদন খাৰিজ কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৷ আদালতে ৰায়দানত উল্লেখ কৰে যে, বিদ্যালয়ত হিজাব পৰিধান কৰাতো বাধ্যতামূলক নহয় ৷

karnataka HC's verdict on Hijab
karnataka HC's verdict on Hijab

নিউজ ডেস্ক, 15 মাৰ্চ : কৰ্ণাটক উচ্চ ন্যায়ালয়ে মঙলবাৰে হিজাৱ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে (karnataka HC's verdict on Hijab)৷ একাংশ ছাত্ৰী আৰু মুছলমান সংগঠনে বিদ্যালয়ত হিজাব পৰিধান কৰাৰ অনুমতি প্ৰদানৰ বাবে আবেদন জনাইছিল আদালতত ৷ কিন্তু এই সকলো আবেদন খাৰিজ কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৷ আদালতে ৰায়দানত উল্লেখ কৰে যে, বিদ্যালয়ত হিজাব পৰিধান কৰাতো বাধ্যতামূলক নহয় ৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাচতে দেশৰ একাংশ নেতা আৰু সংগঠনে প্ৰকাশ কৰিছে নিজ নিজ প্ৰতিক্ৰিয়া ৷

নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুলাই কয় যে, আদালতে এগৰাকী মহিলাৰ কেনেদৰে পোছাক পিন্ধিব বিচাৰে তাক বাছনি কৰাৰ মৌলিক অধিকাৰ বজাই ৰাখিব নোৱাৰাতো এক প্ৰহসন ৷ তেওঁ কয় যে, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়ত তেওঁ অতিকৈ দুঃখিত ৷ আপুনি হিজাবৰ বিষয়ে কি ভাবিব পাৰে, এই ৰায় কাপোৰৰ বিষয়ে নহয়, এগৰাকী মহিলাই কেনেদৰে পোছাক পিন্ধিব বিচাৰে তাক বাছনি কৰাৰ অধিকাৰৰ বিষয়েহে ।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই ৰায়ক আদৰণি জনায় ৷ তেওঁ সকলোকে আহ্বান জনায় কয় যে, ‘‘ৰাজ্য আৰু দেশ আগবাঢ়িব লাগিব, উচ্চ ন্যায়ালয়ৰ আদেশ গ্ৰহণ কৰি সকলোৱে শান্তি বজাই ৰাখিব লাগিব । শিক্ষাৰ্থীসকলৰ মৌলিক কাম হৈছে অধ্যয়ন কৰা । গতিকে এই সকলোবোৰ এৰি তেওঁলোকে অধ্যয়ন কৰা উচিত আৰু ঐক্যবদ্ধ হোৱা উচিত’’ ৷

AIMIM ৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেচিয়ে উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ঘোৰ বিৰোধিতা কৰে ৷ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু আন ধৰ্মীয় দলল সমূহক এই নিৰ্দেশৰ বিৰুদ্ধে আবেদন কৰিবলৈ আহ্বান জনায় ৷

কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে কয় যে, তেওঁ এই ৰায়ৰ ওপৰত গুৰুত্ব দিয়া নাই ৷ কিয়নো তেওঁ বিশ্বাস কৰে যে ইচলাম ধৰ্মীয় যুৱতী-মহিলাসকলৰ ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱাৰ আৰু এক মহান ভূমিকা পালন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ চোৱাচিতা কৰাৰ ক্ষমতা আছে ৷ ঠিক তেওঁলোকৰ "আন ভগ্নীসকলৰ" দৰে ৷ তেওঁ কয় যে, ‘‘মই আন্তৰিকতাৰে প্ৰাৰ্থনা কৰোঁ আৰু আশা কৰোঁ যে যুৱতীসকলক, বিশেষকৈ মুছলমান যুৱতী-মহিলাসকলক ঘৰৰ চাৰিবেৰৰ ভিতৰলৈ ঠেলি দিয়াৰ এই নিৰন্তৰ প্ৰয়াসবোৰ তললৈ পৰি যাব’’ ।

লগতে পঢ়ক : Hijab Ban case : হিজাব সম্পৰ্কে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.