নিউজ ডেস্ক, ৮ জুন : ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ মুদ্ৰাস্ফীতিৰ পূৰ্বানুমান সামান্য হ্ৰাস কৰিছে (RBI marginally lowers FY24 inflation projection) । এতিয়া নতুন পূৰ্বানুমান হৈছে ৫.১ শতাংশ । এই সন্দৰ্ভত আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে (RBI Governor Shaktikanta Das) কয় যে কেন্দ্ৰীয় বেংকটোৰ মুদ্ৰা নীতিৰ পদক্ষেপে আকাংক্ষিত ফলাফল প্ৰদান কৰিছে । উল্লেখ্য, এপ্ৰিলত মাহত ৰিজাৰ্ভ বেঙ্কে ২০২৩-২৪ বিত্তীয় বৰ্ষত উপভোক্তা মূল্য সূচক (consumer price index, CPI) ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতি ৫.২ শতাংশ হ'ব বুলি অনুমান কৰিছিল (RBI Inflation Projection FY24) ।
চিপিআই মুদ্ৰাস্ফীতি (CPI inflation) ফেব্ৰুৱাৰীত ৬.৪ শতাংশৰ পৰা এপ্ৰিল, ২০২৩-ত তীব্ৰভাৱে ৪.৭ শতাংশলৈ হ্ৰাস পাইছিল । "ভাৰতত মাৰ্চ-এপ্ৰিল, ২০২৩-ত উপভোক্তা মূল্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাইছিল আৰু সহনশীলতা বেণ্ডলৈ (২-৬ শতাংশ) স্থানান্তৰিত হৈছিল, যিটো ২০২২-২৩ বৰ্ষত ৬.৭ শতাংশৰ পৰা হ্ৰাস পাইছিল ।"
"অৱশ্যে শেহতীয়া তথ্য অনুসৰি, হেডলাইন মুদ্ৰাস্ফীতি (Headline inflation) এতিয়াও লক্ষ্যতকৈ অধিক আৰু ২০২৩-২৪ বৰ্ষৰ বাবে আমাৰ অনুমান অনুসৰি এনেদৰেই থাকিব বুলি আশা কৰা হৈছে ।" ২০২৩-২৪ বৰ্ষৰ দ্বিতীয় দ্বি-মাহিলী মুদ্ৰা নীতি ঘোষণা কৰাৰ সময়ত শক্তিকান্ত দাসে কয় । সেয়েহে বিকশিত মুদ্ৰাস্ফীতিৰ দৃষ্টিভংগীৰ ওপৰত নিবিড় আৰু নিৰন্তৰ সতৰ্কতা অতি প্ৰয়োজনীয় বুলিও তেওঁ কয় ।
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (RBI) ২০২৩-২৪ বৰ্ষৰ বাবে চিপিআই মুদ্ৰাস্ফীতি ৫.১ শতাংশ । প্ৰথম কোৱাৰ্টাৰত হৈছে ৪.৬ শতাংশ, দ্বিতীয় কোৱাৰ্টাৰত ৫.২ শতাংশ, তৃতীয় কোৱাৰ্টাৰত ৫.৪ শতাংশ আৰু চতুৰ্থ কোৱাৰ্টাৰত ৫.২ শতাংশ, যিটোৱে বিপদাশংকা সমানভাৱে সন্তুলিত হোৱাৰ পূৰ্বানুমান কৰিছে । "একে সময়তে অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত, আমি বিকশিত মুদ্ৰাস্ফীতিৰ পৰিস্থিতিৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব লাগিব । মই পুনৰ গুৰুত্ব দিওঁ যে হেডলাইন মুদ্ৰাস্ফীতি এতিয়াও লক্ষ্যতকৈ অধিক হৈ আছে আৰু সহনশীলতা বেণ্ডৰ ভিতৰত থকাটোৱে যথেষ্ট নহয় । আমাৰ লক্ষ্য হৈছে ৪.০ শতাংশৰ লক্ষ্যত উপনীত হ'বলৈ আগবাঢ়ি যোৱা ।" আৰবিআইৰ গৱৰ্ণৰে কয় ।
তেওঁ লগতে জোৰ দি কয় যে মুদ্ৰাস্ফীতিৰ প্ৰত্যাশা দৃঢ়ভাৱে ৰাখিবলৈ আৰু মুদ্ৰাস্ফীতিক লক্ষ্য নিৰ্ধাৰিত স্তৰলৈ হ্ৰাস কৰাৰ বাবে মুদ্ৰা নীতি সমিতিয়ে (Monetary Policy Committee) তৎক্ষণাৎ আৰু উপযুক্তভাৱে পৰৱৰ্তী মুদ্ৰাগত পদক্ষেপ গ্ৰহণ কৰিব ।
লগতে পঢ়ক :RBI Monetary Policy : আৰবিআই মুদ্ৰা নীতি সন্দৰ্ভত জানিবলগা কেইটামান কথা