ETV Bharat / bharat

8 টাকৈ সমবায় বেংকক ৰিজাৰ্ভ বেংকে বিহিলে 12.75 লাখৰ জৰিমনা

author img

By

Published : Mar 15, 2022, 11:00 AM IST

দেশৰ বিভিন্ন সমবায় বেংকে নিৰ্দিষ্ট নীতি-নিয়ম উলংঘনৰ পৰিণাম । বিভিন্ন ৰাজ্যৰ 8 টাকৈ সমবায় বেংকৰ বিৰুদ্ধে জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI has imposed penalty on 8 cooperative banks) । বেংকসমূহক প্ৰায় 12.75 লাখ টকাৰ জৰিমনা বিহে ৰিজাৰ্ভ বেংকে ।

penalty on 8 cooperative banks
সমবায় বেংকৰ বিৰুদ্ধে কঠোৰ ভাৰতীয় ৰিজাৰ্ভ বেংক

নেশ্যনেল ডেস্ক, ১৫ মাৰ্চ : নিয়ন্ত্ৰকৰ নীতি পালন নকৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বিভিন্ন ৰাজ্যৰ আঠটাকৈ সমবায় বেংকৰ ওপৰত ১২.৭৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে (RBI has imposed penalty on 8 cooperative banks) । কেন্দ্ৰীয় বেংকে উল্লেখ কৰা মতে, এক্সপ’জাৰ নিয়ম আৰু অন্যান্য প্ৰতিবন্ধকতা ইউচিবিৰ অধীনত জাৰি কৰা নিৰ্দেশনা পালন নকৰাৰ বাবে পশ্চিমবংগৰ নবপল্লী সমবায় বেংক লিমিটেডৰ (Nabapalli Co-operative Bank Limited) ওপৰত ৪ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে ।

বেংকিং নিয়ন্ত্ৰণ আইন ১৯৪৯ ৰ কিছুমান ধাৰা উলংঘা কৰাৰ বাবে হিমাচল প্ৰদেশৰ চোলানস্থিত বাঘাত আৰ্বান কো-অপাৰেটিভ বেংক লিমিটেডৰ (Baghat Urban Co-operative Bank Limited) ওপৰতো ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে ।

মণিপুৰ মহিলা সমবায় বেংক লিমিটেডৰ (Manipur Women's Cooperative Bank Limited) ওপৰত এক্সপ’জাৰ নিয়ম আৰু অন্যান্য প্ৰতিবন্ধকতা ইউচিবিৰ অধীনত জাৰি কৰা নিৰ্দেশনা উলংঘনৰ বাবে ২ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকে সদৰী কৰা অনুসৰি, নিয়ম উলংঘনৰ অভিযোগত উত্তৰ প্ৰদেশৰ নাগিনাৰ ইউনাইটেড ইণ্ডিয়া কো-অপাৰেটিভ বেংক লিমিটেডৰ (United India Co-operative Bank Limited) ওপৰতো ১ লাখ টকাৰ আৰ্থিক জৰিমনা আৰোপ কৰা হৈছে ।

আনহাতে, জমাকৰ্তা শিক্ষা আৰু সজাগতা পুঁজি আঁচনি ২০১৪ ৰ বিধি উলংঘনৰ বাবে মধ্যপ্ৰদেশৰ জিলা সহকাৰী কেন্দ্ৰীয় বেংক মাৰিয়াদিতৰ (Jila Sahakari Kendriya Bank Maryadit) ওপৰতো ১ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে ।

জালিয়াতি-শ্ৰেণীবিভাজন আৰু প্ৰতিবেদন সন্দৰ্ভত নগৰ সমবায় বেংকসমূহক ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নিৰ্দেশনা পালন নকৰাৰ বাবে মহাৰাষ্ট্ৰৰ অমৰাৱতী মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেডকো (Amravati Merchants' Co-operative Bank Ltd) ৫০,০০০ টকাৰ জৰিমনা বিহা হৈছে ।

ইয়াৰোপৰি নাচিকৰ ফৈজ মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেডৰ (Faiz Mercantile Co-operative Bank Ltd) ওপৰত ২৫,০০০ টকাৰ জৰিমনা আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । ঋণ আৰু পৰিচালক, আত্মীয় আৰু ফাৰ্মৰ ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা নিৰ্দেশনা উলংঘা কৰাৰ বাবে আহমেদাবাদৰ নৱনিৰ্মাণ কো-অপাৰেটিভ বেংক লিমিটেডৰ (Navnirman Co-operative Bank Ltd) ওপৰতো ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে ।

লগতে পঢ়ক : পোলেণ্ডলৈ সাময়িকভাৱে স্থানান্তৰ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাস

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.