ETV Bharat / bharat

ক্ষুদ্ৰ বিত্তীয় বেংক প্ৰতিষ্ঠাৰ বাবে চেণ্ট্ৰামক অনুমতি প্ৰদান ৰিজাৰ্ভ বেংকৰ

চেণ্ট্ৰাম বিত্তীয় সেৱা (Centrum Financial Services)সমূহক ক্ষুদ্ৰ বিত্তীয় বেংক প্ৰতিষ্ঠা (Small Finance Bank)ৰ বাবে অনুমতি প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে ৷ ব্যক্তিগত খণ্ডত ক্ষুদ্ৰ বিত্তীয় বেংকসমূহৰ অনুজ্ঞা পত্ৰৰ নীতিৰ অধীনত এই অনুমতি প্ৰদান কৰিছে RBIয়ে ৷ ইয়াৰ লগতে পাঞ্জাৱ আৰু মহাৰাষ্ট্ৰ সমবায় (PMC) বেংকৰ পথ প্ৰশস্ত কৰা হৈছে ৷

RBI allows Centrum
ৰিজাৰ্ভ বেংকৰ অনুমতি প্ৰদান
author img

By

Published : Jun 18, 2021, 11:00 PM IST

নেশ্যনেল ডেস্ক,18 জুন : পাঞ্জাৱ আৰু মহাৰাষ্ট্ৰ সমবায় (PMC) বেংকৰ পথ সুগম কৰি শুকুৰবাৰে চেণ্ট্ৰাম বিত্তীয় সেৱা (Centrum Financial Services)সমূহক ক্ষুদ্ৰ বিত্তীয় বেংক প্ৰতিষ্ঠা (Small Finance Bank)ৰ বাবে নীতিগত অনুমোদন দিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে ৷ ইয়াৰ লগতে পাঞ্জাৱ আৰু মহাৰাষ্ট্ৰ সমবায় (PMC) বেংকৰ পথ প্ৰশস্ত কৰিছে ৷ উল্লেখ্য যে, চেণ্ট্ৰাম বিত্তীয় সেৱা PMC বেংকৰ অধিগ্ৰহণৰ বাবে আছিল অন্যতম আবেদনকাৰী ৷

এই নীতিগত অনুমোদন PMC বেংক লিমিটেডৰ দ্বাৰা প্ৰচাৰ কৰা বিবৃতি (3 নৱেম্বৰ,2020)ৰ প্ৰত্যুত্তৰ হিচাপে চলিত বৰ্ষৰ 1 ফেব্ৰুৱাৰীত চেণ্ট্ৰাম ফাইনেন্সিয়েল লিমিটেডৰ প্ৰস্তাৱৰ বিশেষ অনুসৰণত উল্লেখ কৰা হৈছে ৷ এক বিবৃতিযোগে RBIয়ে এই কথা প্ৰকাশ কৰে ৷

2019 বৰ্ষৰ ছেপ্তেম্বৰ মাহত RBIয়ে PMCৰ ব’ৰ্ডক আঁতৰাই দিছিল আৰু কিছু বিত্তীয় অনিয়মৰ বিষয়ে অনুসন্ধান চলাই গ্ৰাহকৰ দ্বাৰা ধন মোকলাইছিল ৷ এই প্ৰতিবন্ধতা বহু সময়লৈকে প্ৰযোজ্য ৰখা হৈছিল ৷ HDILলৈ PMCৰ এক্সপ’জাৰ 6,500 কোটি আৰু এই ঋণৰ মুঠ পৰিমাণ 2019 চনৰ 19 ছেপ্তেম্বৰলৈ 8,880 কোটিলৈ বৃদ্ধি হয় ৷

আৰম্ভণিতে, RBIয়ে গ্ৰাহকসকলক 1,000 টকা উলিওৱাৰ নিৰ্দেশ দিছিল ৷ ইয়াৰ পাচত তেওঁলোকৰ কোনো অসুবিধা নহ’বলৈ টকাৰ উলিওৱা পৰিমাণ 1 লাখলৈ বৃদ্ধি কৰে ৷ আনহাতে 2020 চনৰ জুন মাহত RBIয়ে ইয়াৰ সহযোগী বেংকৰ ওপৰত নিয়মীয়া প্ৰতিবন্ধকতা আৰু ছমাহ (22 ডিচেম্বৰ,2020)লৈ বৃদ্ধি কৰে ৷ 2020 চনৰ 31 মাৰ্চত PMC বেংকৰ মুঠ জমাৰাশি 10,727.12 কোটি টকা আৰু মুঠ অগ্ৰিম 4,472.78 কোটি টকা আছিল ৷ লগতে মাৰ্চ মাহৰ শেষলৈ Gross Non-Performance Assets 3,518.89 কোটি টকা হয়গৈ ৷

লগতে পঢ়ক : ৩টা বিমানবন্দৰ অধিগ্ৰহণৰ বাবে সময়সীমা বৃদ্ধি কৰিবলৈ আহ্বান আদানি গ্ৰুপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.