ETV Bharat / bharat

Ratan Tatas Resume : চাকৰিৰ বাবে ৰতন টাটাই ৰিজিউম কেনেদৰে বনাইছিল ? - first job of Ratan Tata

দেশৰ ব্যৱসায়িক সম্ৰাট ৰতন টাটাৰ প্ৰথম চাকৰি আৰু ৰিজিউমৰ কাহিনী অতি আকৰ্ষণীয় । যাৰ বিষয়ে ৰতন টাটাই নিজেই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে ।

Ratan Tatas Resume
Ratan Tatas Resume
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 4:31 PM IST

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : টাটা গ্ৰুপক নতুন উচ্চতালৈ লৈ যোৱা ৰতন টাটাক বৰ্তমান আন কোনো স্বীকৃতিৰ প্ৰয়োজন নাই । তেওঁ দেশৰ এগৰাকী সফল উদ্যোগপতি তথা ব্যৱসায়ী । তেওঁ নিজ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰিয়ে টাটা ছন্সক এক ট্ৰিলিয়ন ডলাৰৰ ব্যৱসায়িক সাম্ৰাজ্য হিচাপে গঢ়ি তুলিছে । অৱশ্যে ৰতন টাটাৰ পৰা ব্যৱসায়িক সম্ৰাটলৈ তেওঁৰ যাত্ৰা যথেষ্ট আকৰ্ষণীয় ।

আনহাতে, অতি কমসংখ্যক মানুহেহে জানে যে ৰতন টাটাই এগৰাকী কৰ্মচাৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল । নিজৰ এটা সাক্ষাৎকাৰত ৰতন টাটাই তেওঁৰ বায়'দাতাৰ বিষয়ে প্ৰকাশ কৰে । ৰতন টাটাই কেনেদৰে প্ৰথম চাকৰি পাইছিল, কেনেদৰে তেওঁ ৰিজিউম বনাইছিল জানিবলৈ নিশ্চয় মন যাব । আহক সেই বিষয়ে জানি লওঁ ।

সদায় নিজৰ ভাল কামৰ বাবে বাতৰিৰ শিৰোনামত থকা ৰতন টাটা তেওঁৰ এটা সাক্ষাৎকাৰৰ বাবে পুনৰ এবাৰ শিৰোনামলৈ আহিছে । তাত তেওঁ ব্যক্ত কৰে কেনেকৈ তেওঁৰ প্ৰথম চাকৰিৰ বাবে ৰিজিউমি প্ৰস্তুত কৰিছিল । ৰতন টাটাই আমেৰিকাত অধ্যন কৰি ভাৰতলৈ উভতি অহাৰ পিছত তেওঁৰ প্ৰথম চাকৰি আইবিএমত লাভ কৰে । কিন্তু তেওঁৰ গুৰু জেআৰডি টাটা তাত সুখী নাছিল । ৰতন টাটা এবিএমৰ কাৰ্যালয়ত থকাৰ সময়ত জেআৰডি টাটাই তেওঁক ফোন কৰে । তেওঁ ফোন কৰি ৰটন টাটাৰ পৰা ৰিজিউম বিচাৰি কয় যে আপুনি ভাৰতত থাকি আইবিএমত কাম কৰিব নোৱাৰে ।

কিন্তু সেই সময়ত ৰতন টাটাৰ ৰিজিউমি নাছিল । তাৰ পিছত তেওঁ আইবিএমৰ কাৰ্যালয়ত বৈদ্যুতিক টাইপৰাইটাৰত টাটা গ্ৰুপত চাকৰি পাবলৈ তেওঁৰ ৰিজিউমি প্ৰস্তুত কৰি জেআৰডি টাটালৈ প্ৰেৰণ কৰে । ১৯৬২ চনত ৰতন টাটাই টাটা ইণ্ডাষ্ট্ৰিজত প্ৰথম চাকৰি লাভ কৰে । ৬ মাহৰ বাবে তেওঁক জামছেদপুৰ প্ৰকল্পত প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হয় । তাৰ পিছত তেওঁক টাটা ষ্টীলৰ দায়িত্ব অৰ্পণ কৰা হয় । ৰতন টাটাই তেওঁৰ প্ৰথম চাকৰিৰ তিনি দশক পিছত ১৯৯৩ চনত জেআৰডি টাটাৰ মৃত্যুৰ পিছত টাটা গ্ৰুপৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে ।

লগতে পঢ়ক :Parliament Special Session: সংসদীয় ৰণনীতি গোটৰ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.